--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল। বিজেপিত যোগদান কৰিব সদ্য কংগ্ৰেছ ত্যাগী যুৱ নেতা হাৰ্দিক পেটেলে। ২ জুনত বিজেপি দলত প্ৰাক্তন কংগ্ৰেছ নেতাগৰাকীয়ে যোগদান কৰিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, যোৱা ১৮ মে'ত কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল গুজৰাট প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলে।গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰভাৱশালী নেতাগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰাৰ লগে লগে বিভিন্ন মহলত চৰ্চা হৈছিল। 

গুজৰাট বিধানসভা নিৰ্বাচনৰ পূৰ্বে হাৰ্দিক পেটেলে বিজেপিত যোগদান কৰাটো কংগ্ৰেছৰ বাবে এক ডাঙৰ ক্ষতি হিচাপে বিবেচিত হৈছে। হাৰ্দিক পেটেলে কোনটো দলত যোগদান কৰিব তাক লৈও বিভিন্ন মহলত চৰ্চা চলিছিল। অৱশেষত মঙলবাৰে নেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ বিজেপিত যোগদান কৰিব। কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ সময়ত হাৰ্দিক পেটেলে কংগ্ৰেছ দলৰ আভ্যন্তৰত হৈ থকা বিশৃংখলতা সম্পৰ্কত চোকা সমালোচনা কৰি সৰৱ হৈছিল। কংগ্ৰেছ ত্যাগ কৰিয়েই যুৱ নেতাগৰাকীয়ে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰি  দলটোক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। হিন্দু আৰু ভগৱান ৰামৰ প্ৰতি কংগ্ৰেছৰ ইমান ঘৃণা কিয় বুলি দলীয় নেতৃত্বক প্ৰশ্ন কৰিছিল হাৰ্দিক পেটেলে।

তেওঁ কৈছিল যে, ‘মই আগতেও কৈছিলোঁ যে কংগ্ৰেছ দলে জনসাধাৰণৰ আৱেগক আঘাত দিবলৈ কাম কৰে, সদায় হিন্দু ধৰ্মৰ বিশ্বাসক ক্ষতি কৰিবলৈ চেষ্টা কৰে। ইয়াৰ লগতে এক ভয়ংকৰ অভিযোগ দি পেটেলে কয় যে ৰাম মন্দিৰৰ ইটাত কুকুৰে প্ৰস্ৰাৱ কৰে। কংগ্ৰেছে সদায় হিন্দু বিশ্বাসক আঘাত দি আহিছে বুলি অভিযোগ কৰি হাৰ্দিক পেটেলে দল আৰু নেতাসকলক প্ৰশ্ন কৰিছিল যে তেওঁলোক কিয় ভগৱান ৰামৰ বিৰোধী। 

হার্দিকে আন এটা টুইটত কয়, ‘মই কংগ্রেছ আৰু ইয়াৰ নেতাসকলক সুধিব বিচাৰিছো, ভগৱান শ্ৰীৰামৰ লগত আপোনালোকৰ কি শত্ৰুতা আছে? হিন্দুক ইমান ঘৃণা কিয়? কিমান যুগৰ মূৰত অযোধ্যাত ভগৱান শ্ৰীৰামৰ মন্দিৰ নিৰ্মাণ হৈছে তাৰপাছতো কংগ্ৰেছ নেতাসকলে ভগৱান শ্ৰীৰামৰ বিৰুদ্ধে যিকোনো মন্তব্য দিবলৈ বন্ধ কৰা নাই। কংগ্ৰেছক এনেদৰে আক্ৰমণ কৰাত বহু লোকেই ধাৰণা কৰিছিল যে হাৰ্দিক পেটেলে নিশ্চয়কৈ বিজেপিত যোগদান কৰিব, সেই কথাই এতিয়া সত্য প্ৰমাণিত হ'ল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ