--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: সমাগত লোকসভা নিৰ্বাচন৷ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰস্তুতি চলাইছে দেশৰ প্ৰতিটো ৰাজনৈতিক দলে৷ পিছে, অইনতকৈ সুকীয়া বিজেপিৰ নিৰ্বাচনী প্ৰস্তুতি৷ লোকসভাৰ পূৰ্বেই দেখা গৈছে বিজেপিৰ কেইবাটাও দৃশ্যপট৷ চিনেমাৰ দৰে সলনি হৈছে দৃশ্য৷ অতি নীৰৱ আৰু কৌশলেৰে চলোৱা আপোনাক বিজেপিৰ এনে প্ৰস্তুতিৰ আভাস দিবলৈ আগবঢ়োৱা হল চাৰিটা পৃথক দৃশ্যৰ চাৰিটা বিশেষ পটভূমি-

 

প্ৰথম দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ তেলেংগানা ভ্ৰমণ৷ তেলেংগানাৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী মোদীৰ অহিনকুল সম্পৰ্কৰ বিষয়ে সৰ্বজনবিদিত৷ মোদীয়ে শেহতীয়া তেলেংগানা ভ্ৰমণত তেলেংগানা ৰাষ্ট্ৰ সমিতি চৰকাৰ আৰু কেচিআৰ নামেৰে জনাজাত মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক সমালোচনা কৰাৰ সমান্তৰালভাৱে প্ৰশংসাত পঞ্চমুখ হৈ পৰিল যোগী আদিত্যনাথৰ৷ তেলেংগানাৰ মাটিত থিয় হৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক কৰা প্ৰশংসাই মোদীয়ে নোকোৱা বহু কথাৰো উমান দি গৈছিল৷ যোগীক ৰথৰ সাৰথি কৰি লোকসভা জয়ৰ আখৰা চলাইছে নৰেন্দ্ৰ মোদীয়ে৷


দ্বিতীয় দৃশ্য

এগৰাকী মুখ্যমন্ত্ৰীৰ বাসভৱনত এগৰাকী প্ৰধানমন্ত্ৰীৰ নৈশভোজ৷ ভাৰতৰ ৰাজনৈতিক ইতিহাসত এয়া এক বিৰল ঘটনাই বুলিব পাৰি! দ্বিতীয় দৃশ্যতো দেখা গল মোদী-যোগীৰ আন্তৰিকতাময় সম্পৰ্কৰ স্বচ্ছ প্ৰতিফলন৷ শেহতীয়া নেপাল ভ্ৰমণৰ পূৰ্বে  উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত ৰৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে নৈশ ভোজনত অংশ লৈছিল৷ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়ৰ পাছত সেয়া আছিল প্ৰধানমন্ত্ৰীৰ দ্বিতীয়টো লক্ষ্ণৌ ভ্ৰমণ। যোগীৰ বাসভৱনত মোদীৰ নৈশভোজন৷ আপাতত: স্বাভাৱিক যেন লগা কথাটোতে সোমাই আছিল ৰাজনীতিৰ নুবুজা সূতাৰ পাক৷

 

তৃতীয় দৃশ্য

২০২৪ৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰিলে পুনৰ প্ৰধানমন্ত্ৰী হব নৰেন্দ্ৰ মোদী! কথাষাৰ শুনি বহুতে হয়তো আনন্দ পাব অথবা আন বহুতৰ বাবে কথাষাৰ হব পাৰে অনাকাংক্ষিত৷ কিন্তু, সেয়াই সত্য৷ পুনৰ এবাৰ প্ৰধানমন্ত্ৰী হবলৈ আগবাঢ়িছে নৰেন্দ্ৰ মোদী৷ দ্বিতীয়টো কাৰ্যকালৰ বাবে দেশত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা মোদীয়ে ক্ৰমাগত তৃতীয়টো কাৰ্যকালৰ বাবেও প্ৰধানমন্ত্ৰী হোৱাৰ আশা কৰিছে৷ অকল আশাই নহয়, আশাক বাস্তৱৰ আখৰেৰে লিখি উলিয়াবলৈও যৎপৰোনাস্তি চেষ্টা চলাইছে মোদীয়ে৷

গুজৰাটৰ উৎকৰ্ষ সমাৰোহত ভাষণ দি মোদীয়ে কৈছিল, এদিন এজন জ্যেষ্ঠ নেতাই মোক লগ পাইছিল। তেওঁ নিয়মীয়াকৈ আমাক ৰাজনৈতিকভাৱে বিৰোধিতা কৰে, কিন্তু মই সন্মান কৰোঁ তেওঁক৷ তেওঁ কিছুমান বিষয়ত সুখী নাছিল, সেয়েহে তেওঁ মোক লগ কৰিবলৈ আহিছিল। তেওঁ কলে- দেশখনে আপোনাক দুবাৰকৈ প্ৰধানমন্ত্ৰী কৰি তুলিছে, গতিকে আপুনি এতিয়া আৰু কি বিচাৰে?

তেতিয়া বাৰু মোদীয়ে কি কৈছিল?

মোদীয়ে কৈছিল যে তেওঁ তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হৈ তেওঁৰ ৰৈ যোৱা সপোনবোৰ ন কৈ সজাব খোজে৷ আধৰুৱা হৈ ৰোৱা কামবোৰক পৰিপূৰ্ণ কৰিব খোজে দেশমাতৃৰ সেৱাৰ নিমিত্তে৷ আৰু সেই উত্তৰেৰে মোদীয়ে ইংগিত দিছিল তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হবলৈ তেওঁ প্ৰস্তুত, তেওঁ আগ্ৰহী৷


চতুৰ্থ দৃশ্য

ছেমি ফাইনেলত বিজেপিৰ জয় হৈছিল৷ পিছে ফাইনেলত? ফাইনেলৰ বাবে ৰব লাগিব চৌবিশৰ লোকসভালৈ৷ চলিত বৰ্ষতে হৈ যোৱা উত্তৰ প্ৰদেশৰ নিৰ্বাচনটোত আখ্যা দিয়া হৈছিল লোকসভাৰ ছেমি ফাইনেলৰূপে৷ বৃহৎ জয়েৰে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছিল যোগী আদিত্যনাথ৷ মোদীৰ সৈতে সুসম্পৰ্ক বৰ্তাই ৰখা যোগীৰ বিজেপিৰ কাৰ্যকৰ্তালৈ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ যুঁজৰ বাবে সাজু হোৱাৰ আহ্বান৷ আদিত্যনাথে কালি ৰাজ্যখনৰ ৮০ খন আসনৰ ভিতৰত ৭৫ খন আসন জিকাৰ লক্ষ্য নিৰ্ধাৰণ কৰে।

বিধানসভা নিৰ্বাচনৰ পাছত দলটোৰ প্ৰথমখন দিনজোৰা ৰাজ্যিক কাৰ্যনিৰ্বাহকত সম্বোধন কৰি আদিত্যনাথে কয় যে বিধানসভা নিৰ্বাচনত দলটোৱে অৰ্জন কৰা ঐতিহাসিক জনাদেশ দলটোৰ বিষয়ে জনসাধাৰণৰ পৰিৱৰ্তিত ধাৰণাৰ স্পষ্ট ইংগিত আৰু ভোটাৰসকলে প্ৰশাসন আৰু পৰিষ্কাৰ শাসনত স্বচ্ছতাক গুৰুত্ব দিয়াকে প্ৰতিফলন কৰিছে৷ ২০২৪ চনত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আমি উত্তৰ প্ৰদেশত ৭৫খন আসন জিকাৰ লক্ষ্যৰে আগবাঢ়িব লাগিব৷

আঠসত্তৰখন আসনৰ পঁয়সত্তৰখনতে জয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰি যোগীয়ে বিজেপিৰ শক্তি আৰু দৃঢ়তাক পুনৰ এবাৰ প্ৰতিষ্ঠা কৰিলে৷ অৰ্থাৎ, বিজেপি দলটোৱে লোকসভা জয় কৰি পুনৰ এবাৰ চৰকাৰ গঠন কৰিব বুলি নিশ্চিত হৈয়েই আছে৷ মাথোঁ এতিয়া যো-জা চলিছে প্ৰধানমন্ত্ৰী পদৰ বাবেহে৷ আৰু প্ৰধানমন্ত্ৰীৰ আসনখন সুৰক্ষিত কৰি ৰাখিবৰ বাবেই মোদীয়ে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ কৌশল আৰু নিজৰ ৰাজনৈতিক প্ৰতিপত্তি প্ৰতিষ্ঠা কৰি এটা মোদীকেন্দ্ৰিক নেৰেটিভ নিৰ্মাণৰ চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে