--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বৃহস্পতিবাৰে ৯২ বছৰ বয়সত মৃত্যু হয়। প্ৰধানমন্ত্ৰী গৰাকীৰ মৃত্যুত সমগ্ৰ গদেশতে শোকৰ ছাঁ পৰিছে। প্ৰধানমন্ত্ৰী গৰাকীৰ বিয়োগৰ পাছত  তেওঁৰ জীৱনৰ এক অন্তৰ পৰশা কাহিনীয়ে চৰ্চা লাভ কৰিছে, ২০০৮ চনত শৈশৱৰ বন্ধু ৰাজা মহম্মদ আলীৰ সৈতে তেওঁৰ আৱেগিক পুনৰ মিলন।

১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত অবিভক্ত ভাৰতৰ পঞ্জাৱৰ (বৰ্তমান পাকিস্তানত) এখন গাঁও গাহত মনমোহন সিঙৰ জন্ম হৈছিল। তেওঁৰ জীৱনত ১৯৪৭ চনৰ বিভাজনৰ ফলত গভীৰ প্ৰভাৱ পৰিছিল, যাৰ ফলত তেওঁৰ পৰিয়ালে ঘৰ-বাৰী আৰু বন্ধু-বান্ধৱীক এৰি ভাৰতলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছিল।

২০০৪ চনত যেতিয়া মনমোহন সিং প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়াই এই খবৰটো তেওঁৰ জন্ম গাঁৱতো বয়পি পৰিছিল, যাৰ ফলত তেওঁৰ শৈশৱৰ বন্ধু ৰাজা মহম্মদ আলীয়ে পুনৰ সংযোগ স্থাপন কৰিবলৈ সক্ষম হয়। শৈশৱৰ সময়ছোৱাত দুয়ো ঘনিষ্ঠ বন্ধু আছিল, একেখন প্ৰাথমিক বিদ্যালয়তে পঢ়িছিল আলীয়ে তেওঁক মৰমেৰে ‘মোহনা’ বুলি মাতিছিল।

২০০৮ চনৰ মে’ মাহত দশক দশক ধৰি বিচ্ছিন্নতাৰ অন্তত পুনৰ দিল্লীত দুই শৈশৱৰ বন্ধুৰ সাক্ষাৎ হয়। পুনৰ সময় আৰু সীমা অতিক্ৰম কৰা বন্ধুত্বক পুনৰ জগাৰিত হৈছিল। আলীয়ে সিঙক জন্ম গাঁৱৰ এখন ছবি উপহাৰ প্ৰদান কৰি দি তেওঁলোকৰ জন্ম গাঁৱৰ পৰা মাটি আৰু পানী লৈ আহিছিল। এতিয়া দুই বন্ধুৰ এই মিলন কাহিনীয়ে চৰ্চা লাভ কৰিছে।

উল্লেখযোগ্য যে তেওঁ আছিল ভাৰতৰ প্ৰথমজন শিখ প্ৰধানমন্ত্ৰী আৰু তেওঁ জৱাহৰলাল নেহৰুৰ পিছত সম্পূৰ্ণ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত পুনৰ নিৰ্বাচিত হোৱা প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?