--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহ বাৰ্ষিকীৰ দিনাই এহাল পতি-পত্নীৰ আত্মহত্যা। ২৬ বছৰীয়া বিবাহ বাৰ্ষিকীৰ দিনাই দুয়ো চৰম সিদ্ধান্ত গ্ৰহণ কৰে। মহাৰাষ্ট্ৰৰ নাগপুৰত ঘটিছে এই কৰুণ ঘটনা। 

এই আত্মহত্যাৰ কাৰণ হিচাপে বেৰোজগাৰ আৰু সন্তানহীনতা বুলি বিবেচনা কৰা হৈছে। কৰ্ম সংস্থাপন নোহোৱাৰ লগতে বিবাহৰ ২৬ টা বছৰ অতিক্ৰম কৰাৰ পাছতো সন্তানৰ মুখ নেদেখাত দুই পতি-পত্নী হীনমন্যতাত ভুগিছিল। আত্মহত্যাৰ পূৰ্বে দুয়োজনে এটা ভিডিঅ’ও বনাইছিল, যিটো তেওঁলোকে হোৱাটছএপ ষ্টেটাছত পোষ্ট কৰিছিল।

এই ঘটনাটো নাগপুৰৰ জাৰিপাটকা থানা এলেকাৰ মাৰ্টিন নগৰৰ। ইয়াত বাস কৰা ৫৬ বছৰীয়া জেৰিল ওৰফে টনী অস্কাৰ মনক্ৰিফ আৰু তেওঁৰ পত্নী ৪৫ বছৰীয়া এনি জেৰিল মনক্ৰিফে ৭ জানুৱাৰীত আত্মহত্যা কৰে। তথ্য অনুসৰি টনীয়ে চাৰি বছৰ পূৰ্বে এখন হোটেলত চেফ হিচাপে কাম কৰিছিল। তেওঁৰ পঢ়া-শুনা নাছিল। তেওঁৰ পত্নী এনি আছিল এগৰাকী গৃহিণী। যোৱা চাৰি বছৰ ধৰি টনি নিবনুৱা হৈ আছিল। ইয়াৰ বাবেই এই দম্পতীৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছিল।

উপাৰ্জন নথকা বাবে তেওঁলোকৰ ধাৰৰ বোজাও বাঢ়িছিল।

কৰ্ম সংস্থাপনৰ অভাৱ আৰু নিঃসন্তান হোৱাৰ দুখত দুয়োজনেই বহু বছৰ ধৰি অশান্তিত কটাইছিল। খবৰ অনুসৰি দুয়োজনেই ৬ জানুৱাৰীৰ নিশা ফুৰিবলৈ ওলাই গৈছিল। ইয়াৰ পিছত দুয়ো ৰাতিৰ আহাৰ খাই ঘৰলৈ উভতি আহিল। যোৱা ৭ জানুৱাৰীত পুৱা প্ৰায় ৫.৩০ বজাত পত্নী এনিয়ে আত্মীয়-স্বজন আৰু চিনাকি মানুহক সন্তানৰ যত্ন ল’বলৈ কোৱাৰ লগতে কোনো ধৰণৰ বিয়াৰ কাৰ্যসূচী পিছুৱাই নিদিবলৈ অনুৰোধ কৰি ভিডিঅ’ প্ৰস্তুত কৰিছিল। ইয়াৰ পিছত দুয়োজনে আত্মহত্যা কৰে।

৭ জানুৱাৰী আছিল তেওঁলোকৰ বিবাহ বাৰ্ষিকীৰ দিন আৰু এই দিনটোতে দুয়ো আত্মহত্যা কৰে। দুয়োজনে আত্মহত্যা কৰাৰ সময়ত বিয়াত পিন্ধা দৰা-কইনাৰ সাজ পৰিধান কৰিছিল। 

এই বিষয়ত জাৰিপাটকা আৰক্ষীয়ে বিএনএছৰ ১৯৪ ধাৰাত গোচৰ ৰুজু কৰিছে। বিষয়টোৰ ওপৰত অধিক তদন্ত অব্যাহত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post