--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহ বাৰ্ষিকীৰ দিনাই এহাল পতি-পত্নীৰ আত্মহত্যা। ২৬ বছৰীয়া বিবাহ বাৰ্ষিকীৰ দিনাই দুয়ো চৰম সিদ্ধান্ত গ্ৰহণ কৰে। মহাৰাষ্ট্ৰৰ নাগপুৰত ঘটিছে এই কৰুণ ঘটনা। 

এই আত্মহত্যাৰ কাৰণ হিচাপে বেৰোজগাৰ আৰু সন্তানহীনতা বুলি বিবেচনা কৰা হৈছে। কৰ্ম সংস্থাপন নোহোৱাৰ লগতে বিবাহৰ ২৬ টা বছৰ অতিক্ৰম কৰাৰ পাছতো সন্তানৰ মুখ নেদেখাত দুই পতি-পত্নী হীনমন্যতাত ভুগিছিল। আত্মহত্যাৰ পূৰ্বে দুয়োজনে এটা ভিডিঅ’ও বনাইছিল, যিটো তেওঁলোকে হোৱাটছএপ ষ্টেটাছত পোষ্ট কৰিছিল।

এই ঘটনাটো নাগপুৰৰ জাৰিপাটকা থানা এলেকাৰ মাৰ্টিন নগৰৰ। ইয়াত বাস কৰা ৫৬ বছৰীয়া জেৰিল ওৰফে টনী অস্কাৰ মনক্ৰিফ আৰু তেওঁৰ পত্নী ৪৫ বছৰীয়া এনি জেৰিল মনক্ৰিফে ৭ জানুৱাৰীত আত্মহত্যা কৰে। তথ্য অনুসৰি টনীয়ে চাৰি বছৰ পূৰ্বে এখন হোটেলত চেফ হিচাপে কাম কৰিছিল। তেওঁৰ পঢ়া-শুনা নাছিল। তেওঁৰ পত্নী এনি আছিল এগৰাকী গৃহিণী। যোৱা চাৰি বছৰ ধৰি টনি নিবনুৱা হৈ আছিল। ইয়াৰ বাবেই এই দম্পতীৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছিল।

উপাৰ্জন নথকা বাবে তেওঁলোকৰ ধাৰৰ বোজাও বাঢ়িছিল।

কৰ্ম সংস্থাপনৰ অভাৱ আৰু নিঃসন্তান হোৱাৰ দুখত দুয়োজনেই বহু বছৰ ধৰি অশান্তিত কটাইছিল। খবৰ অনুসৰি দুয়োজনেই ৬ জানুৱাৰীৰ নিশা ফুৰিবলৈ ওলাই গৈছিল। ইয়াৰ পিছত দুয়ো ৰাতিৰ আহাৰ খাই ঘৰলৈ উভতি আহিল। যোৱা ৭ জানুৱাৰীত পুৱা প্ৰায় ৫.৩০ বজাত পত্নী এনিয়ে আত্মীয়-স্বজন আৰু চিনাকি মানুহক সন্তানৰ যত্ন ল’বলৈ কোৱাৰ লগতে কোনো ধৰণৰ বিয়াৰ কাৰ্যসূচী পিছুৱাই নিদিবলৈ অনুৰোধ কৰি ভিডিঅ’ প্ৰস্তুত কৰিছিল। ইয়াৰ পিছত দুয়োজনে আত্মহত্যা কৰে।

৭ জানুৱাৰী আছিল তেওঁলোকৰ বিবাহ বাৰ্ষিকীৰ দিন আৰু এই দিনটোতে দুয়ো আত্মহত্যা কৰে। দুয়োজনে আত্মহত্যা কৰাৰ সময়ত বিয়াত পিন্ধা দৰা-কইনাৰ সাজ পৰিধান কৰিছিল। 

এই বিষয়ত জাৰিপাটকা আৰক্ষীয়ে বিএনএছৰ ১৯৪ ধাৰাত গোচৰ ৰুজু কৰিছে। বিষয়টোৰ ওপৰত অধিক তদন্ত অব্যাহত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ