--°C
Loading...
Listen to Article
2 min read
80%
২০২৪ত দেশ জোঁকাৰি যোৱা ১০টা ডাঙৰ ঘটনা

১) কলকাতা ধৰ্ষণ কাণ্ড- আৰজি কৰ হাস্পতালত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা(৯ আগষ্ট)

২) ৱায়নাদ ভূমিস্খলন- কেৰেলাৰ ৱায়নাদৰ ভূমিস্খলনত ৪২০তকৈও অধিক লোকৰ মৃত্যু(৩০ জুলাই)

৩) কৰ্ণাটকৰ লোমহৰ্ষক হত্যাকাণ্ড- প্ৰেমিকাক হত্যা কৰি মৃতদেহ ৫৯ টুকুৰা কৰি ফ্ৰীজত ভৰাই ৰাখিছিল প্ৰেমিকে(৩ ছেপ্টেম্বৰ)

৪) তিৰুপতি লাডু বিবাদ- তিৰুপতি মন্দিৰৰ লাডুত জন্তুৰ চৰ্বী মিহলি কৰাৰ অভিযোগ(১৮ ছেপ্টেম্বৰ)

৫) ৰিয়াছি সন্ত্ৰাসবাদী আক্ৰমণ- জম্মু-কাশ্মীৰৰ ৰিয়াছিত এখন বাছত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৯ জন লোকৰ মৃত্যু(৯ জুন)

৬)হাথৰছৰ হেঁচা-ঠেলা কাণ্ড- উত্তৰ প্ৰদেশৰ হাথৰছত সৎসংগৰ সমাৱেশত সংঘটিত হোৱা হেঁচা-ঠেলাত ১২৩ জন লোকৰ মৃত্যু(২জুলাই)

৭) ইতিহাসৰ আটাইতকৈ উষ্ণ বছৰ- ২০২৪ চনটো এতিয়ালৈকে আটাইতকৈ উষ্ণ বছৰ হ’ব বুলি বিবেচিত হ’ল। জলবায়ু পৰিৱৰ্তনৰ ফলত সমগ্ৰ বিশ্বতে তাপমাত্ৰাই অভিলেখ সৃষ্টি কৰিলে।(জুলাই-আগষ্ট)

৮) নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে পুনৰবাৰ চৰকাৰ গঠন কৰিলে৷ যি খবৰে দেশত তোলপাৰ লগালে।

৯) অযোধ্যাত বিজেপিৰ পৰাজয়- যোৱা ৪ জুনত ঘোষণা কৰা হৈছিল লোকসভা নিৰ্বাচন ২০২৪ৰ ফলাফল। ৪০০ অতিক্ৰম কৰাৰ শ্লোগান দিয়া বিজেপিয়ে এইবাৰ মাত্ৰ ২৪০ খন আসনহে লাভ কৰে। উত্তৰ প্ৰদেশত বিজেপিয়ে ৮০খনৰ ভিতৰত মাত্ৰ ৩৭খন আসনহে লাভ কৰে। ইয়াৰ মিত্ৰ RLD য়ে ২ খন আসন আৰু আপনা দলে ১ খন আসন লাভ কৰে।

১০) প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যু- বছৰটোৰ শেষলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দেহাৱসানৰ খবৰে দেশক শোকস্তব্ধ কৰি গল।(২৬ ডিচেম্বৰ)


FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement