--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ ১০০ বছৰ বয়সত মৃত্যু হয়। তেওঁৰ মৃত্যুত আমেৰিকাত শোকৰ ছাঁ পৰিছে৷ লগতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুত ভাৰতৰ বিশেষকৈ হাৰিয়ানাৰ গুৰুগ্ৰামৰ এখন গাঁৱত শোকৰ বন্যা বৈছে, কাৰণ হাৰিয়ানাৰ এই গাঁওখনৰ সৈতে জিমি কাৰ্টাৰৰ বিশেষ সম্পৰ্ক আছিল।

হাৰিয়ানাৰ গুৰুগ্ৰামৰ কাৰ্টাৰপুৰী গাঁৱৰ নামটো আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ নামেৰেই "কাৰ্টাৰপুৰী" ৰখা হৈছিল। আগতে এই গাঁওখনৰ নাম আছিল দৌলতপুৰ নাছিৰাবাদ। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে গুৰুগ্ৰামৰ "কাৰ্টপুৰী" গাঁৱতো তেওঁক স্মৰণ কৰা হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তে জিমি কাৰ্টাৰে ১৯৭৮ চনৰ ৩ জানুৱাৰীত পত্নী ৰোজালিন কাৰ্টাৰৰ সৈতে মাকৰ ইচ্ছা পূৰণৰ বাবে এই গাঁওখনলৈ আহিছিল। সেই সময়ত গাঁৱৰ মানুহে তেওঁক হাৰিয়ানৱী পোছাক উপাহৰ দিছিল যিটো কাৰ্টাৰে পৰিধান কৰিছিল। আৰু ইয়াৰ পাছতে গুৰুগ্ৰামৰ ২৩ নং ছেক্টৰৰ সমীপত অৱস্থিত দৌলতপুৰ নাছিৰাবাদ গাঁৱৰ নাম সলনি কৰি কাৰ্টাৰপুৰী কৰা হয়। কাৰ্টাৰপুৰী গাঁৱত বসবাস কৰা লোকসকলে জনোৱা মতে সেই সময়ত গাঁৱত দীপাৱলীৰ দৰে এটা উৎসৱ পালন কৰা হৈছিল।
Latest and Breaking News on NDTV

উল্লেখযোগ্য যে জিমি কাৰ্টাৰৰ মাতৃ বেছি লিলিয়ান কাৰ্টাৰে ১৯৬০ চনত তেতিয়াৰ দৌলতপুৰ নাছিৰাবাদ গাঁৱত পিছ কৰ্পছৰ সৈতে স্বাস্থ্য স্বেচ্ছাসেৱী হিচাপে কাম কৰিছিল। জিমি কাৰ্টাৰ ভাৰত ভ্ৰমণলৈ যোৱাৰ কথা গম পাই তেওঁ লগতে দৌলতপুৰ নাছিৰাবাদ গাঁওখনো চাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল।

আটাইতকৈ বেছি দিন জীয়াই থকা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কাৰ্টাৰে ১৯৭৭ চনৰ পৰা ১৯৮১ চনলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰিছিল। ‘ৱাটাৰগেট’ কেলেংকাৰী আৰু ভিয়েটনাম যুদ্ধৰ পিছত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post