--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ ১০০ বছৰ বয়সত মৃত্যু হয়। তেওঁৰ মৃত্যুত আমেৰিকাত শোকৰ ছাঁ পৰিছে৷ লগতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুত ভাৰতৰ বিশেষকৈ হাৰিয়ানাৰ গুৰুগ্ৰামৰ এখন গাঁৱত শোকৰ বন্যা বৈছে, কাৰণ হাৰিয়ানাৰ এই গাঁওখনৰ সৈতে জিমি কাৰ্টাৰৰ বিশেষ সম্পৰ্ক আছিল।

হাৰিয়ানাৰ গুৰুগ্ৰামৰ কাৰ্টাৰপুৰী গাঁৱৰ নামটো আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ নামেৰেই "কাৰ্টাৰপুৰী" ৰখা হৈছিল। আগতে এই গাঁওখনৰ নাম আছিল দৌলতপুৰ নাছিৰাবাদ। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে গুৰুগ্ৰামৰ "কাৰ্টপুৰী" গাঁৱতো তেওঁক স্মৰণ কৰা হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তে জিমি কাৰ্টাৰে ১৯৭৮ চনৰ ৩ জানুৱাৰীত পত্নী ৰোজালিন কাৰ্টাৰৰ সৈতে মাকৰ ইচ্ছা পূৰণৰ বাবে এই গাঁওখনলৈ আহিছিল। সেই সময়ত গাঁৱৰ মানুহে তেওঁক হাৰিয়ানৱী পোছাক উপাহৰ দিছিল যিটো কাৰ্টাৰে পৰিধান কৰিছিল। আৰু ইয়াৰ পাছতে গুৰুগ্ৰামৰ ২৩ নং ছেক্টৰৰ সমীপত অৱস্থিত দৌলতপুৰ নাছিৰাবাদ গাঁৱৰ নাম সলনি কৰি কাৰ্টাৰপুৰী কৰা হয়। কাৰ্টাৰপুৰী গাঁৱত বসবাস কৰা লোকসকলে জনোৱা মতে সেই সময়ত গাঁৱত দীপাৱলীৰ দৰে এটা উৎসৱ পালন কৰা হৈছিল।
Latest and Breaking News on NDTV

উল্লেখযোগ্য যে জিমি কাৰ্টাৰৰ মাতৃ বেছি লিলিয়ান কাৰ্টাৰে ১৯৬০ চনত তেতিয়াৰ দৌলতপুৰ নাছিৰাবাদ গাঁৱত পিছ কৰ্পছৰ সৈতে স্বাস্থ্য স্বেচ্ছাসেৱী হিচাপে কাম কৰিছিল। জিমি কাৰ্টাৰ ভাৰত ভ্ৰমণলৈ যোৱাৰ কথা গম পাই তেওঁ লগতে দৌলতপুৰ নাছিৰাবাদ গাঁওখনো চাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল।

আটাইতকৈ বেছি দিন জীয়াই থকা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কাৰ্টাৰে ১৯৭৭ চনৰ পৰা ১৯৮১ চনলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰিছিল। ‘ৱাটাৰগেট’ কেলেংকাৰী আৰু ভিয়েটনাম যুদ্ধৰ পিছত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ