--°C
Loading...
Listen to Article
2 min read
80%
ডি়জিটেল ডেস্কঃ সুৰা আৰু টকা চুৰি কৰিবলৈ সুৰাৰ দোকানত প্ৰবেশ ঘটিল চোৰৰ। পাছে বটলে বটলে সুৰা দেখি ৰব নোৱাৰা হ’ল চোৰ। ভাবিলে অলপ সুৰাপান কৰি সুৰা আৰু টকা চুৰি কৰি সুকলমে দোকানখনৰ পৰা ওলাই যাব। পাছে চোৰৰ পৰিকল্পনাত চেঁচাপনী পৰিল।

অলপ অলপ কৈ সুৰাপান কৰি চোৰটো অচেতন হৈ পৰিল। আৰু সুৰাৰ দোকানতে গোটেই নিশা পৰি থাকিল। তেলেংগানাৰ মেডাক জিলাত অৱস্থিত এখন সুৰাৰ দোকানত ঘটিছে এই ঘটনা। 

সোমবাৰে পুৱা দোকানৰ কৰ্মচাৰী আহি মদ্যপান কৰি অচেতন অৱস্থাত পৰি থকা চোৰটোক দেখি হুলস্থূল কৰে। ঘটনা অনুসৰি চোৰে প্ৰথমে ছাদৰ টাইলছ আঁতৰাই দোকানত প্ৰৱেশ কৰে তাৰপাছত চিচিটিভি কেমেৰা বন্ধ কৰি নগদ ধন আৰু সুৰাৰ বটল লৈ পলাই যাবলৈ সাজু হৈছিল। অৱশ্যে মদ খোৱাৰ পৰা নিজকে বাধা দিব নোৱাৰিলে চোৰে। ফলত তাতেই অথন্তৰ ঘটিল চোৰৰ জীৱনত।

দোকানত চোৰক দেখি আৰক্ষীক খবৰ দিয়ে মালিকে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে। চোৰটোৰ হুঁচ আহিব বুলি আৰক্ষীয়ে বহু সময় অপেক্ষা কৰি থাকিল। বৰ্তমান চোৰৰ নাম জানিব পৰা হোৱা নাই, আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। চোৰটোৰ কোনো সহযোগী আছিল নেকি সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এই ঘটনা এতিয়া স্থানীয় এলেকাত চৰ্চাৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ