--°C
Loading...
Listen to Article
2 min read
80%
ডি়জিটেল ডেস্কঃ সুৰা আৰু টকা চুৰি কৰিবলৈ সুৰাৰ দোকানত প্ৰবেশ ঘটিল চোৰৰ। পাছে বটলে বটলে সুৰা দেখি ৰব নোৱাৰা হ’ল চোৰ। ভাবিলে অলপ সুৰাপান কৰি সুৰা আৰু টকা চুৰি কৰি সুকলমে দোকানখনৰ পৰা ওলাই যাব। পাছে চোৰৰ পৰিকল্পনাত চেঁচাপনী পৰিল।

অলপ অলপ কৈ সুৰাপান কৰি চোৰটো অচেতন হৈ পৰিল। আৰু সুৰাৰ দোকানতে গোটেই নিশা পৰি থাকিল। তেলেংগানাৰ মেডাক জিলাত অৱস্থিত এখন সুৰাৰ দোকানত ঘটিছে এই ঘটনা। 

সোমবাৰে পুৱা দোকানৰ কৰ্মচাৰী আহি মদ্যপান কৰি অচেতন অৱস্থাত পৰি থকা চোৰটোক দেখি হুলস্থূল কৰে। ঘটনা অনুসৰি চোৰে প্ৰথমে ছাদৰ টাইলছ আঁতৰাই দোকানত প্ৰৱেশ কৰে তাৰপাছত চিচিটিভি কেমেৰা বন্ধ কৰি নগদ ধন আৰু সুৰাৰ বটল লৈ পলাই যাবলৈ সাজু হৈছিল। অৱশ্যে মদ খোৱাৰ পৰা নিজকে বাধা দিব নোৱাৰিলে চোৰে। ফলত তাতেই অথন্তৰ ঘটিল চোৰৰ জীৱনত।

দোকানত চোৰক দেখি আৰক্ষীক খবৰ দিয়ে মালিকে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে। চোৰটোৰ হুঁচ আহিব বুলি আৰক্ষীয়ে বহু সময় অপেক্ষা কৰি থাকিল। বৰ্তমান চোৰৰ নাম জানিব পৰা হোৱা নাই, আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। চোৰটোৰ কোনো সহযোগী আছিল নেকি সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এই ঘটনা এতিয়া স্থানীয় এলেকাত চৰ্চাৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post