--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে কেৰালাৰ বিত্তমন্ত্ৰী কে এন বালাগোপালে বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে৷ কেৰেলাৰ বিত্তমন্ত্ৰী গৰাকীয়ে বাজেট দাখিল কৰি কয় যে ৰাজ্যখনে বিত্তীয় সংকটৰ আটাইতকৈ তীব্ৰ পৰ্যায়ৰ পৰা ৰক্ষা পৰিছে।

বিত্তমন্ত্ৰীগৰাকীয়ে পিনাৰায় বিজয়ন নেতৃত্বাধীন দ্বিতীয়খন চৰকাৰৰ পঞ্চম বাজেট বিধানসভাত দাখিল কৰি কয় যে ৰাজ্যখনত আৰ্থিক বাধাই উন্নয়নত কোনো প্ৰভাৱ পেলাব পৰা নাই। ৰাজ্যখনে সন্মুখীন হোৱা বিত্তীয় সংকটৰ মাজতো ৰাজ্যখনে সকলো সমাজ কল্যাণমূলক আঁচনি আৰু উন্নয়নমূলক প্ৰকল্প সম্পন্ন কৰা হৈছে বুলি উল্লেখ কৰে৷

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ৰাজ্যই সন্মুখীন হোৱা আৰ্থিক সংকটৰ আটাইতকৈ তীব্ৰ পৰ্যায় শেষ হৈছে। এতিয়া ৰাজ্যৰ অৰ্থনীতিৰ বৃদ্ধিৰ হাৰে ১০.৫ শতাংশ স্পৰ্শ কৰিছে। আৰু ৰাজ্যখনৰ ৰাজহৰ ঘাটিও হ্ৰাস কৰিব পৰা যাব বুলিও উল্লেখ কৰে। 

বাজেটত ৱায়ানাড ভূমিস্খলনত ক্ষতিগ্ৰস্তসকলৰ পুনৰ সংস্থাপনৰ বাবে ৭৫০ কোটি টকাৰ প্ৰকল্পৰ কথা ঘোষণা কৰে৷ ১০ ফেব্ৰুৱাৰীৰ পৰা  ১২ ফেব্ৰুৱাৰীলৈ বাজেটৰ আলোচনা হ’ব আৰু ১৩ ফেব্ৰুৱাৰীত পৰিপূৰক অনুদানৰ অনুৰোধৰ ওপৰত বিতৰ্ক আৰু ভোটগ্ৰহণ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ