--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে কেৰালাৰ বিত্তমন্ত্ৰী কে এন বালাগোপালে বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে৷ কেৰেলাৰ বিত্তমন্ত্ৰী গৰাকীয়ে বাজেট দাখিল কৰি কয় যে ৰাজ্যখনে বিত্তীয় সংকটৰ আটাইতকৈ তীব্ৰ পৰ্যায়ৰ পৰা ৰক্ষা পৰিছে।

বিত্তমন্ত্ৰীগৰাকীয়ে পিনাৰায় বিজয়ন নেতৃত্বাধীন দ্বিতীয়খন চৰকাৰৰ পঞ্চম বাজেট বিধানসভাত দাখিল কৰি কয় যে ৰাজ্যখনত আৰ্থিক বাধাই উন্নয়নত কোনো প্ৰভাৱ পেলাব পৰা নাই। ৰাজ্যখনে সন্মুখীন হোৱা বিত্তীয় সংকটৰ মাজতো ৰাজ্যখনে সকলো সমাজ কল্যাণমূলক আঁচনি আৰু উন্নয়নমূলক প্ৰকল্প সম্পন্ন কৰা হৈছে বুলি উল্লেখ কৰে৷

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ৰাজ্যই সন্মুখীন হোৱা আৰ্থিক সংকটৰ আটাইতকৈ তীব্ৰ পৰ্যায় শেষ হৈছে। এতিয়া ৰাজ্যৰ অৰ্থনীতিৰ বৃদ্ধিৰ হাৰে ১০.৫ শতাংশ স্পৰ্শ কৰিছে। আৰু ৰাজ্যখনৰ ৰাজহৰ ঘাটিও হ্ৰাস কৰিব পৰা যাব বুলিও উল্লেখ কৰে। 

বাজেটত ৱায়ানাড ভূমিস্খলনত ক্ষতিগ্ৰস্তসকলৰ পুনৰ সংস্থাপনৰ বাবে ৭৫০ কোটি টকাৰ প্ৰকল্পৰ কথা ঘোষণা কৰে৷ ১০ ফেব্ৰুৱাৰীৰ পৰা  ১২ ফেব্ৰুৱাৰীলৈ বাজেটৰ আলোচনা হ’ব আৰু ১৩ ফেব্ৰুৱাৰীত পৰিপূৰক অনুদানৰ অনুৰোধৰ ওপৰত বিতৰ্ক আৰু ভোটগ্ৰহণ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী