--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দিল্লীৰ বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি। আৰক্ষী সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা ৰাজধানীৰ দুখন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দিয়াৰ খবৰ পোৱা গৈছে। বিগত দুটামাহত দিল্লীত এই ধৰণৰ ঘটনা এক ডজনৰো অধিক ঘটনা সংঘটিত হৈছে।

ইয়াৰ পূৰ্বেও ইমেইলযোগে প্ৰেৰণ কৰা বোমা বিস্ফোৰণৰ ভাবুকিয়ে আৰক্ষীক চিন্তিত কৰি তুলিছিল। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত জনোৱা মতে, নয়ডাৰ সীমান্তৱৰ্তী শিৱনাদৰ আৰু এলকন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰা হৈছে।

নিৰাপত্তাজনিত কাৰণত আৰক্ষীয়ে ছাত্ৰ-ছাত্ৰীক ঘৰলৈ পঠিয়াই বিদ্যালয়ত তালাচী চলায়। লক্ষ্যণীয় যে তালাচীৰ পাছত কোনো ধৰণৰ বিস্ফোৰক পোৱা নগ’ল। প্ৰসংগক্ৰমে  আৰক্ষীয়ে বুধবাৰে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰক নয়ডাৰ চাৰিখন বিদ্যালয়লৈ ইমেইল প্ৰেৰণ কৰি বোমা বিস্ফোৰণৰ ভাবুকি প্ৰেৰণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা মতে, ১৫ বছৰীয়া ছাত্ৰ জলে নিজৰ স্থান আৰু আই পি এড্ৰেছ লুকুৱাবলৈ ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক প্ৰযুক্তি ব্যৱহাৰ কৰিছিল।যাতে  স্কুললৈ যাব লগীয়া নহয়। কিন্তু শুকুৰবাৰে আন এক বোমাৰ আতংকৰ সৃষ্টি হয় দিল্লীত।

প্ৰসংগ ক্ৰমে দিল্লীৰ ৭০খন বিধানসভাৰ আসনৰ বাবে বুধবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হৈ যোৱাৰ পাছতে এনে ঘটানাই স্তম্ভিত কৰি তুলিছে।উল্লেখ যোগ্য যে শনিবাৰে পুৱাৰে পৰা আৰম্ভ হ’ব দিল্লী বিধান সভাৰ ভোট গণনা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ