--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দিল্লীৰ বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি। আৰক্ষী সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা ৰাজধানীৰ দুখন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দিয়াৰ খবৰ পোৱা গৈছে। বিগত দুটামাহত দিল্লীত এই ধৰণৰ ঘটনা এক ডজনৰো অধিক ঘটনা সংঘটিত হৈছে।

ইয়াৰ পূৰ্বেও ইমেইলযোগে প্ৰেৰণ কৰা বোমা বিস্ফোৰণৰ ভাবুকিয়ে আৰক্ষীক চিন্তিত কৰি তুলিছিল। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত জনোৱা মতে, নয়ডাৰ সীমান্তৱৰ্তী শিৱনাদৰ আৰু এলকন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰা হৈছে।

নিৰাপত্তাজনিত কাৰণত আৰক্ষীয়ে ছাত্ৰ-ছাত্ৰীক ঘৰলৈ পঠিয়াই বিদ্যালয়ত তালাচী চলায়। লক্ষ্যণীয় যে তালাচীৰ পাছত কোনো ধৰণৰ বিস্ফোৰক পোৱা নগ’ল। প্ৰসংগক্ৰমে  আৰক্ষীয়ে বুধবাৰে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰক নয়ডাৰ চাৰিখন বিদ্যালয়লৈ ইমেইল প্ৰেৰণ কৰি বোমা বিস্ফোৰণৰ ভাবুকি প্ৰেৰণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা মতে, ১৫ বছৰীয়া ছাত্ৰ জলে নিজৰ স্থান আৰু আই পি এড্ৰেছ লুকুৱাবলৈ ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক প্ৰযুক্তি ব্যৱহাৰ কৰিছিল।যাতে  স্কুললৈ যাব লগীয়া নহয়। কিন্তু শুকুৰবাৰে আন এক বোমাৰ আতংকৰ সৃষ্টি হয় দিল্লীত।

প্ৰসংগ ক্ৰমে দিল্লীৰ ৭০খন বিধানসভাৰ আসনৰ বাবে বুধবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হৈ যোৱাৰ পাছতে এনে ঘটানাই স্তম্ভিত কৰি তুলিছে।উল্লেখ যোগ্য যে শনিবাৰে পুৱাৰে পৰা আৰম্ভ হ’ব দিল্লী বিধান সভাৰ ভোট গণনা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post