--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন ছবিৰ দৰে এটা কাহিনী৷ ভাৰতীয় নাগৰিক ইকৰা জামাল আফগানিস্তানত তিনি বছৰতকৈ অধিক সময় আবদ্ধ হৈ থকাৰ পিছত অৱশেষত তেওঁৰ ডেৰ বছৰীয়া কন্যাসহ বুধবাৰে ভাৰতত উপস্থিত হয়।

আফগান নাগৰিকৰ সৈতে বিবাহিত ইক্ৰাই ২০২১ চনৰ আগষ্ট মাহত তালিবান ক্ষমতালৈ ঘূৰি অহাৰ ঠিক পূৰ্বে আফগানিস্তানলৈ গৈছিল। তাৰ পিছত আফগানিস্তানত সৃষ্টি হোৱা বিশৃংখলতাৰ সময়ত ইকৰা আৰু তেওঁৰ স্বামীয়ে ভাৰতলৈ উভতি অহা বিমানত উঠিবলৈ ব্যৰ্থ হয়৷

যাৰ বাবে তেওঁলোক আফগানিস্তানতে আবদ্ধ হৈ থাকিব লগাত পৰে৷ ইয়াৰ মাজতে ইকৰাই গৰ্ভৱতী হোৱাৰ কথা জানিব পাৰে। ইকৰাৰ এই কাহিনী টাইমচ অফ ইণ্ডিয়াই ২০২২ চনৰ জানোৱাৰীতে এক প্ৰতিবেদন প্ৰকাশ কৰিছিল৷  

ধনৰ অভাৱ আৰু অশান্ত সময়ৰ মাজতে ইকৰাৰ কন্যাৰ জন্ম হৈছিল আফগানিস্তানত৷ এক্টিভিষ্ট ৰাহুল কাপুৰৰ আবেদনৰ পিছত ভাৰতীয় নাগৰীক সকলে প্ৰসৱৰ বাবে ধন সংগ্ৰহ কৰি সহায় কৰিছিল। সেই সময়ছোৱাৰ কথা বৰ্ণনা কৰি ইক্ৰাই কয় তালিবান ঘূৰি অহাৰ প্ৰথম মাহকেইটাত ইক্ৰাই ভয়, হতাশা আৰু উদ্বেগৰ মাজেৰে পাৰ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ