--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘোষণা হ’ল আই পি এল-২০২৫ৰ তাৰিখ৷ ২০২৫ বৰ্ষৰ ১৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল। চূড়ান্ত খেলৰো দিন ঘোষণা কৰিলে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে৷ ২০২৫ বৰ্ষৰ পৰা ২০২৭ চনলৈকে আই পি এলৰ সুচী ঘোষণা কৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে। 

ইয়াৰ পূৰ্বে ব’ৰ্ডে কেতিয়াও একেলগে আইপিএলৰ তিনি বছৰৰ সূচী একেলগে ঘোষণা কৰা নাই। ডিচেম্বৰ মাহত জয় শ্বাহে আই চি চিৰ অধ্যক্ষৰ পদ গ্ৰহণ কৰিব। আৰু ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। তাৰ আগতে আই পি এলৰ আগন্তুক তিনিবছৰৰ তাৰিখ ঘোষণা কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ঘোষণা কৰা অনুসৰি ২০২৬ বৰ্ষত আই পি এল আৰম্ভ হ’ব মাৰ্চ মাহৰ ১৫ তাৰিখৰ পৰা আৰু ফাইনেল খেল অনুষ্ঠিত হ’ব ৩১ মে তাৰিখে। ২০২৭ বৰ্ষৰআই পি এল আৰম্ভ হ’ব ১৪ মাৰ্চৰ পৰা ৩০ মেত অনুষ্ঠিত হ’ব ফাইনেল। যিহেতু আগন্তুক তিনি বছৰৰ বাবে আই পি এলৰ তাৰিখ ঘোষণা কৰা হৈছে, সেয়েহে আন্তঃৰাষ্ট্ৰীয় শৃংখলাও সেই ধৰণে ৰাখিব পৰা হ’ব। ব’ৰ্ডে এনে সিদ্ধান্ত লৈছে যাতে কোনো ক্ৰিকেটাৰে আই পি এল খেলিবলৈ অসুবিধাৰ সন্মুখীন নহয়।

উল্লেখযোগ্য যে ২৪ আৰু ২৫ নৱেম্বৰত আই পি এলৰ নিলাম অনুষ্ঠিত হ’ব৷ সেই দুদিনতে নিৰ্ণয় হ’ব কোনজন ক্ৰিকেটাৰে অহা তিনিবছৰত কোনটো দলত খেলিব৷ এইবাৰ নিলামৰ পিছত অহা দুবছৰলৈ কেৱল মিনি নিলাম হ’ব।ইয়াত কম সংখ্যক ক্ৰকেটাৰৰ হে নিলাম হ’ব। গতিকে প্ৰতিটো দলে তিনি বছৰৰ লক্ষ্যৰে দল গঠন কৰিব। বিগত বৰ্ষসমূহৰ দৰে বিগত আই পি এলতো উপভোগ্য খেল আশা কৰিছে অনুৰাগীসকলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ