--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএল ২০২৫ প্ৰায়ে কাষ চাপিছে । অহা ২৪ আৰু ২৫ নৱেম্বৰত চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হ’ব ১৮ সংখ্যক ছিজনৰ নিলাম। এইবাৰ নিলাম অতি বিশেষ, কাৰণ মেগা নিলাম তিনি বছৰৰ পিছত আয়োজন কৰা হ’ব। এই নিলামত বহু তাৰকা খেলুৱৈও আছে। যাৰ ফলত এই নিলামটো আৰু অধিক বিশেষ হৈ উঠিব।

IPL 2025 Auction Latest Updates: When and where to watch IPL 2025 mega  auction? Date, Time, Venue, Streaming and other details - SportsTak

আইপিএল ২০২৫ৰ মেগা নিলামৰ পৰা বহু দলে বিচাৰি পাব নিজৰ অধিনায়কক। ইয়াৰ ভিতৰত আছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু, দিল্লী কেপিটেলছ, কলকাতা নাইট ৰাইডাৰ্ছ, পঞ্জাব কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ দৰে দল। নিলামৰ পূৰ্বে আটাইকেইজনে নিজৰ অধিনায়কক মুকলি কৰি দিছে। আই পি এলৰ নিলামৰ প্ৰায় ৭২ ঘণ্টাৰ পূৰ্বেই এক আচৰিত খবৰ প্ৰকাশ পাইছে। 

এক প্ৰতিবেদন অনুসৰি আৰচিবিয়ে শ্ৰেয়াছ আয়েৰক ক্ৰয় কৰিবলৈ সাজু হৈছে। আয়াৰৰ অধিনায়কত্বত যোৱা ছিজনত কেকেআৰ চেম্পিয়ন হৈছিল। কিন্তু আগন্তুক ছিজনৰ বাবে ফ্ৰেঞ্চাইজি আৰু আয়াৰৰ মাজত আলোচনা সফল নহ’ল আৰু এনে পৰিস্থিতিত কেকেআৰে আয়াৰক মুকলি কৰি দিয়ে। প্ৰতিবেদনত কোৱা হৈছে যে আৰচিবিৰ উপৰিও লক্ষ্ণৌ ছুপাৰ জায়েন্টছ, পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছ আদিয়েও আয়াৰক অধিক দৰ দিবলৈ সাজু হৈছে।


উল্লেখ্য যে আৰচিবি আৰু দিল্লীয়েও শ্ৰেয়াছ আয়াৰক অধিনায়ক হিচাপে নিযুক্তি দিব পাৰে। কেকেআৰে যেনেকৈ নিজৰ অধিনায়ক আয়াৰক মুকলি কৰি দিলে, ঠিক তেনেদৰে দিল্লী কেপিটেলছ আৰু আৰচিবিয়েও নিজৰ অধিনায়ক ঋষভ পন্ত আৰু ফাফ ডু প্লেছিছক মুকলি কৰি দিছে। কোৱা হৈছে যে আৰচিবিয়ে আয়াৰৰ বাবে যিকোনো মূল্য দিবলৈ সাজু।

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে আইপিএল ২০২৫ৰ বাবে মাত্ৰ তিনিগৰাকী খেলুৱৈক ধৰি ৰাখিছে, যাৰ বাবে তেওঁলোকে মুঠ ৩৭ কোটি টকা ব্যয় কৰিছে। আৰ চি বিয়ে বিৰাট কোহলী (২১ কোটি), ৰজত পাটিদাৰ (১১ কোটি) আৰু যশ দয়ালক (৫ কোটি) ধৰি ৰাখিছে। আনহাতে আৰ চি বিয়ে প্ৰথমে বিৰাটক অধিনায়ক হিচাপে লোৱাৰ কথা চিন্তা কৰিছে বুলিও জানিব পৰা গৈছে। অৱশ্যে পুনৰ অধিনায়ক হ’ব বিচাৰে নে নাই সেয়া কিং কোহলিৰ ওপৰত নিৰ্ভৰশীল। যদি কোহলীয়ে অধিনায়কত্ব ল’বলৈ অস্বীকাৰ কৰে তেন্তে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে নতুন অধিনায়ক নিযুক্তি দিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
থাকৰে পৰিয়ালৰ মহামিলন
জি এছ ৰ'ডক গ্রীন ৰ'ড কৰাৰ সিদ্ধান্ত