--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএল ২০২৫ প্ৰায়ে কাষ চাপিছে । অহা ২৪ আৰু ২৫ নৱেম্বৰত চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হ’ব ১৮ সংখ্যক ছিজনৰ নিলাম। এইবাৰ নিলাম অতি বিশেষ, কাৰণ মেগা নিলাম তিনি বছৰৰ পিছত আয়োজন কৰা হ’ব। এই নিলামত বহু তাৰকা খেলুৱৈও আছে। যাৰ ফলত এই নিলামটো আৰু অধিক বিশেষ হৈ উঠিব।

IPL 2025 Auction Latest Updates: When and where to watch IPL 2025 mega  auction? Date, Time, Venue, Streaming and other details - SportsTak

আইপিএল ২০২৫ৰ মেগা নিলামৰ পৰা বহু দলে বিচাৰি পাব নিজৰ অধিনায়কক। ইয়াৰ ভিতৰত আছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু, দিল্লী কেপিটেলছ, কলকাতা নাইট ৰাইডাৰ্ছ, পঞ্জাব কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ দৰে দল। নিলামৰ পূৰ্বে আটাইকেইজনে নিজৰ অধিনায়কক মুকলি কৰি দিছে। আই পি এলৰ নিলামৰ প্ৰায় ৭২ ঘণ্টাৰ পূৰ্বেই এক আচৰিত খবৰ প্ৰকাশ পাইছে। 

এক প্ৰতিবেদন অনুসৰি আৰচিবিয়ে শ্ৰেয়াছ আয়েৰক ক্ৰয় কৰিবলৈ সাজু হৈছে। আয়াৰৰ অধিনায়কত্বত যোৱা ছিজনত কেকেআৰ চেম্পিয়ন হৈছিল। কিন্তু আগন্তুক ছিজনৰ বাবে ফ্ৰেঞ্চাইজি আৰু আয়াৰৰ মাজত আলোচনা সফল নহ’ল আৰু এনে পৰিস্থিতিত কেকেআৰে আয়াৰক মুকলি কৰি দিয়ে। প্ৰতিবেদনত কোৱা হৈছে যে আৰচিবিৰ উপৰিও লক্ষ্ণৌ ছুপাৰ জায়েন্টছ, পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছ আদিয়েও আয়াৰক অধিক দৰ দিবলৈ সাজু হৈছে।


উল্লেখ্য যে আৰচিবি আৰু দিল্লীয়েও শ্ৰেয়াছ আয়াৰক অধিনায়ক হিচাপে নিযুক্তি দিব পাৰে। কেকেআৰে যেনেকৈ নিজৰ অধিনায়ক আয়াৰক মুকলি কৰি দিলে, ঠিক তেনেদৰে দিল্লী কেপিটেলছ আৰু আৰচিবিয়েও নিজৰ অধিনায়ক ঋষভ পন্ত আৰু ফাফ ডু প্লেছিছক মুকলি কৰি দিছে। কোৱা হৈছে যে আৰচিবিয়ে আয়াৰৰ বাবে যিকোনো মূল্য দিবলৈ সাজু।

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে আইপিএল ২০২৫ৰ বাবে মাত্ৰ তিনিগৰাকী খেলুৱৈক ধৰি ৰাখিছে, যাৰ বাবে তেওঁলোকে মুঠ ৩৭ কোটি টকা ব্যয় কৰিছে। আৰ চি বিয়ে বিৰাট কোহলী (২১ কোটি), ৰজত পাটিদাৰ (১১ কোটি) আৰু যশ দয়ালক (৫ কোটি) ধৰি ৰাখিছে। আনহাতে আৰ চি বিয়ে প্ৰথমে বিৰাটক অধিনায়ক হিচাপে লোৱাৰ কথা চিন্তা কৰিছে বুলিও জানিব পৰা গৈছে। অৱশ্যে পুনৰ অধিনায়ক হ’ব বিচাৰে নে নাই সেয়া কিং কোহলিৰ ওপৰত নিৰ্ভৰশীল। যদি কোহলীয়ে অধিনায়কত্ব ল’বলৈ অস্বীকাৰ কৰে তেন্তে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে নতুন অধিনায়ক নিযুক্তি দিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ