--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগৰ বৃহৎ সাফল্যৰ পাছত গুৱাহাটী ক্ৰীড়া সন্থাই লীগৰ দ্বিতীয়টো সংস্কৰণ নৱেম্বৰ ২২ তাৰিখৰ পৰা ডিচেম্বৰ ২২ তাৰিখলৈ অনুষ্ঠিত কৰিছে৷আৰু এই দ্বিতীয় গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ অনুষ্ঠিত হৈছে জ'জ খেলপথাৰত৷

আজি আৰ্থাৎ ২২ নৱেম্বৰত বিয়লি ৩.৩০ বজাত জজছ ফিল্ডত অনুষ্ঠিতহৈ যায় প্ৰতিযোগিতাখনৰ মুকলি অনুষ্ঠান৷ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী পিযুজ হাজৰিকা, বিধায়ক তৰংগ গগৈ, গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশচন্দ্ৰ দাস, সম্পাদক দেৱজিৎ শইকীয়াৰ দৰে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

দ্বিতীয় গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগত ১৬ টা দলে অংশগ্ৰহণ কৰিছে৷ প্ৰত্যেক দিনে দুখনকৈ মেচ অনুষ্ঠিত হ'ব বুলি আয়োজক সকলে জানিবলৈ দিছে৷ আৰু প্ৰতিযোগিতা খনৰ মুঠ প্ৰাইজমানি ৩০ লাখ টকা বুলি সদৰি কৰিছে৷

প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি, বাৰেকুড়ি এফ চি, চিৰাং দুৱাৰ এফ চি, এফ চি গ্ৰীণ ভেলী, গুৱাহাটী টাউন ক্লাব, নুমলিগড় ৰেফানেৰী লিমিটেড, অসম পুলিছ, ছানৰাইজ এথলেটিক ক্লাৱ, ৰেড বী আই.এন.চি., জি প্লাছ এথলেটিকো, প্ৰাইড ইষ্ট মেভেৰিক্স, নৰ্থ ইষ্ট ফন্টিয়াৰ ৰেলৱে স্পৰ্টছ এছচিয়েচন, এ এছ ই বি স্পৰ্টছ ক্লাব, ছাই, অইল ইণ্ডিয়া, ডি বি আইয়ে

অংশগ্ৰহণকাৰী দলসমূহক দুটা ক্লাষ্টাৰত ভাগ কৰা হৈছে-

ক্লাষ্টাৰ ১ত আছে ডিবিআইএছচি, এছএআই, এএছইবি স্প’ৰ্টছ ক্লাব, ইউনাইটেড চিৰাং দুৱাৰ এফচি, অইল, জিপ্লাছ এথলেটিকো, জিটিচি, আৰু এফচি গ্ৰীণ ভেলী।

ক্লাষ্টাৰ ২ত আছে বাৰেকুৰি এফ চি, ছানৰাইজ এথলেটিক ক্লাব, অসম পুলিচ, এন ই ইউ এফ চি, এন আৰ এল, ৰেড বি ইনক, প্ৰাইড ইষ্ট মেভেৰিক্স আৰু এন এফ আৰ এছ এ

উল্লেখযোগ্য যে গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুস্থিত হোৱা প্ৰথমখন লীগত ডি বি আইয়ে এছ এ আই ক ৩-০গলত হৰুৱাই জয়ী হৈছিল। আৰু  শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভকৰে ডি বি আইৰ  খেলুৱৈ মেট মাকৰি।
 
লীগৰ প্ৰথম দিনটোত ডিবিআইএছচিৰ বিৰুদ্ধে এ এছ ইৰ মুখামুখি হোৱাৰ বিপৰীতে আনখন খেল অনুষ্ঠিত হ’ব অসম আৰক্ষীয়ে এনএফআৰএছএৰ বিৰুদ্ধে খেলিব।

লীগৰ ছেমি ফাইনেল ২০ ডিচেম্বৰত অনুষ্ঠিত হ’ব আৰু ফাইনেল ২২ ডিচেম্বৰত অনুষ্ঠিত হ’ব বুলি আয়োজক সকলে সদৰি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী