--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগৰ বৃহৎ সাফল্যৰ পাছত গুৱাহাটী ক্ৰীড়া সন্থাই লীগৰ দ্বিতীয়টো সংস্কৰণ নৱেম্বৰ ২২ তাৰিখৰ পৰা ডিচেম্বৰ ২২ তাৰিখলৈ অনুষ্ঠিত কৰিছে৷আৰু এই দ্বিতীয় গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ অনুষ্ঠিত হৈছে জ'জ খেলপথাৰত৷

আজি আৰ্থাৎ ২২ নৱেম্বৰত বিয়লি ৩.৩০ বজাত জজছ ফিল্ডত অনুষ্ঠিতহৈ যায় প্ৰতিযোগিতাখনৰ মুকলি অনুষ্ঠান৷ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী পিযুজ হাজৰিকা, বিধায়ক তৰংগ গগৈ, গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশচন্দ্ৰ দাস, সম্পাদক দেৱজিৎ শইকীয়াৰ দৰে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

দ্বিতীয় গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগত ১৬ টা দলে অংশগ্ৰহণ কৰিছে৷ প্ৰত্যেক দিনে দুখনকৈ মেচ অনুষ্ঠিত হ'ব বুলি আয়োজক সকলে জানিবলৈ দিছে৷ আৰু প্ৰতিযোগিতা খনৰ মুঠ প্ৰাইজমানি ৩০ লাখ টকা বুলি সদৰি কৰিছে৷

প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি, বাৰেকুড়ি এফ চি, চিৰাং দুৱাৰ এফ চি, এফ চি গ্ৰীণ ভেলী, গুৱাহাটী টাউন ক্লাব, নুমলিগড় ৰেফানেৰী লিমিটেড, অসম পুলিছ, ছানৰাইজ এথলেটিক ক্লাৱ, ৰেড বী আই.এন.চি., জি প্লাছ এথলেটিকো, প্ৰাইড ইষ্ট মেভেৰিক্স, নৰ্থ ইষ্ট ফন্টিয়াৰ ৰেলৱে স্পৰ্টছ এছচিয়েচন, এ এছ ই বি স্পৰ্টছ ক্লাব, ছাই, অইল ইণ্ডিয়া, ডি বি আইয়ে

অংশগ্ৰহণকাৰী দলসমূহক দুটা ক্লাষ্টাৰত ভাগ কৰা হৈছে-

ক্লাষ্টাৰ ১ত আছে ডিবিআইএছচি, এছএআই, এএছইবি স্প’ৰ্টছ ক্লাব, ইউনাইটেড চিৰাং দুৱাৰ এফচি, অইল, জিপ্লাছ এথলেটিকো, জিটিচি, আৰু এফচি গ্ৰীণ ভেলী।

ক্লাষ্টাৰ ২ত আছে বাৰেকুৰি এফ চি, ছানৰাইজ এথলেটিক ক্লাব, অসম পুলিচ, এন ই ইউ এফ চি, এন আৰ এল, ৰেড বি ইনক, প্ৰাইড ইষ্ট মেভেৰিক্স আৰু এন এফ আৰ এছ এ

উল্লেখযোগ্য যে গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুস্থিত হোৱা প্ৰথমখন লীগত ডি বি আইয়ে এছ এ আই ক ৩-০গলত হৰুৱাই জয়ী হৈছিল। আৰু  শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভকৰে ডি বি আইৰ  খেলুৱৈ মেট মাকৰি।
 
লীগৰ প্ৰথম দিনটোত ডিবিআইএছচিৰ বিৰুদ্ধে এ এছ ইৰ মুখামুখি হোৱাৰ বিপৰীতে আনখন খেল অনুষ্ঠিত হ’ব অসম আৰক্ষীয়ে এনএফআৰএছএৰ বিৰুদ্ধে খেলিব।

লীগৰ ছেমি ফাইনেল ২০ ডিচেম্বৰত অনুষ্ঠিত হ’ব আৰু ফাইনেল ২২ ডিচেম্বৰত অনুষ্ঠিত হ’ব বুলি আয়োজক সকলে সদৰি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ