--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সন্ত্রাসবাদীৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্রহণ কৰি যোৱা ৭মে'ত ভাৰতীয় সামৰিক বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান-অধিকৃত কাশ্মীৰত (পি অ' কে) সন্ত্রাসবাদীৰ ঘাটিৰ ৯ ঠাইত ভয়ংকৰ আক্রমণ চলাইছিল। ৭ মে'ৰ মাজনিশা চুবুৰীয়া দেশখনৰ সন্ত্রাসবাদীৰ আন্তঃগাঁথনিত আঘাত কৰাটোৱেই কেৱল ভাৰতৰ লক্ষ্য নাছিল, এই আক্রমণ আছিল সন্ত্ৰাসৰ বিৰুদ্ধে চলি থকা ভাৰতৰ নিৰৱচ্ছিন্ন যুদ্ধৰ প্ৰতিফলন। 

সেই দিনা ভাৰতে পাকিস্তানৰ ভূমিৰ সন্ত্রাসবাদীৰ ঘাটিত আক্রমণ চলোৱাটোৱে গুরুত্বপূর্ণ বুলি বিবেচিত হৈছে। ভাৰতে আক্রমণ চলোৱা ১টা সন্ত্রাসবাদীৰ শিবিৰৰ ভিতৰত দুটা সন্ত্রাসবাদীৰ শিবিৰ হৈছে ভাৰতৰ বিৰুদ্ধে চলাই অহা কেইবাটাও বৰ্বৰ সন্ত্রাসবাদীৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ডৰ আশ্রয়স্থলী।

ভাৰতীয় সামৰিক বাহিনীয়ে মুৰিদকেত থকা কুখ্যাত সন্ত্রাসবাদী সংগঠন লস্কৰ-এ-তৈয়বাৰ (এলইটি) মুখ্য কার্যালয়ত আক্ৰমণ চলোৱাৰ লগতে বাহাৱালপুৰত থকা জৈছ-এ-মহম্মদ (জেএম)ৰ মুখ্য কাৰ্যালয়তো আক্রমণ চলাই একপ্ৰকাৰ পাকিস্তানত সন্ত্রাসবাদীৰ কঁকাল ভাঙি পেলাইছিল। এই সন্ত্রাসবাদীৰ ঘাটি দুটাৰ পৰাই ভাৰতৰ ভূমিত সংঘটিত হৈ থকা কেইবাটাও সন্ত্রাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা কৰি কার্যতঃ সংঘটিত কৰিছিল।

ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে ৰাডাৰযোগে এই সন্ত্রাসবাদী ঘাটিসমূহৰ অৱস্থিতি ধৰা পেলাই বহুদিন ধৰি সন্ত্রাসবাদীৰ গতিবিধি লক্ষ্য কৰি আছিল। ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীৰ বৰ্বৰ আক্ৰমণৰ ফলত ২৬ জন নিৰীহ ভাৰতীয়ই প্রাণ হেৰুওৱাৰ পাছতেই ভাৰতৰ ধৈৰ্যৰ বান্ধ ছিঙি গ'ল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ সন্ত্রাসবাদক পুলিয়ে-পোখাই উভালি দিয়াৰ সংকল্প ল'লে।

প্রথমবাৰৰ বাবে ৭ মে'ৰ নিশা ভাৰতীয় সামৰিক বাহিনীয়ে পাকিস্তানৰ সন্ত্রাসবাদীৰ ৯টা ঘাটিত আক্রমণ চলাই ১০০টাতকৈ অধিক সন্ত্রাসবাদীক হত্যা কৰে। বিগত ২৫ বছৰে ভাৰতত সন্ত্রাস চলাই অহা কেইবাটাও দুর্ধর্ষ সন্ত্রাসবাদীক ভাৰতীয় সেনাই হত্যা কৰিবলৈ সক্ষম হ'ল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ