--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৭ মে'ৰ নিশা ভাৰতে পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিৰ ৯ ঠাইত 'অপাৰেশ্যন সেন্দুৰ' চলাই সন্ত্রাসবাদীৰ ঘাটিবোৰ তচনচ কৰাৰ পাছতেই পাকিস্তানত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। 

ইয়াৰ পাছতেই পাকিস্তানে যুদ্ধবিবতি চুক্তি ভংগ কৰি ভাৰতৰ কেইবাখনো ৰাজ্যৰ বিভিন্ন ঠাইত আক্রমণ কৰে। ভাৰতেও পাকিস্তানক কঠোৰ প্রত্যুত্তৰ দি পাকিস্তানৰ বিভিন্ন গুৰুত্বপূর্ণ চহৰৰ আন্তঃগাঁথনিবোৰত আক্রমণ চলায়। পাকিস্তানৰ বিভিন্ন ঠাইত ভাৰতে প্রত্যাক্ৰমণ কৰি ড্ৰনেৰে আক্ৰমণ চলোৱাৰ এদিনৰ পাছতেই পাকিস্তানী সংসদৰ অধিৱেশনত ভাষণ দি শুকুৰবাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্রী খাবাজা আছিফে অতি আশ্চর্যজনক মন্তব্য কৰে। 

প্ৰতিৰক্ষা মন্ত্রীজনে কয় যে পাকিস্তানৰ মাদ্ৰাছাসমূহত অধ্যয়ন কৰি থকা শিক্ষার্থীসমূহক দেশখনৰ প্ৰতিৰক্ষাৰ বাবে দ্বিতীয় পৰ্যায়ৰ সেনা হিচাপে (ছেকেণ্ড লাইন অব্ ডিফেন্স) প্ৰস্তুত কৰা হৈছে। যেতিয়া সময় আহিব মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলক দেশখনৰ প্ৰতিৰক্ষাৰ বাবে নিয়োজিত কৰা হ'ব বুলি প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা আছিফে কয়। খাৱাজা আছিফে কয় যে যেতিয়ালৈকে দেশখনত মাদ্রাছা আৰু মাদ্ৰাছাৰ ছাত্ৰ থাকিব, তেতিয়ালৈকে পাকিস্তানৰ 'দ্বিতীয় পৰ্যায়ৰ প্ৰতিৰক্ষা'ত কোনো সন্দেহৰ অৱস্থাত নাথাকে। যুৱকসকলে এতিয়া অধ্যয়ন কৰি আছে, প্রয়োজন অনুসৰি তেওঁলোকক ১০০ শতাংশ হিচাপে দেশৰ প্ৰতিৰক্ষা কাৰ্যত নিয়োজিত কৰা হ'ব বুলি মন্ত্রী আছিফে কয়। 

আছিফে এই মন্তব্য কৰিবলৈ বাধ্য হৈছে কাৰণ পাকিস্তানৰ প্ৰায় ২৫০০ সেনাই ইতিমধ্যে সামৰিক বাহিনীৰ পৰা অব্যাহতি লৈছে। তদুপৰি পাকিস্তানৰ বৃহৎ সংখ্যক সেনাৰ জোৱান বেলুচ লিবাৰেশ্যন আৰ্মিৰ বিৰুদ্ধে বেলুচিস্তানত নিয়োজিত হৈ আছে। এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে পাকিস্তানী সৈন্যবল যথেষ্ট হ্রাস পাইছে। ইয়াৰ পাছতেই দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা আছিফৰ এই মন্তব্যই যথেষ্ট প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ