--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয়তাৰ ক্ষেত্ৰত যেন দক্ষিণৰ তাৰকাসকলে বলীউডৰ তাৰকাসকলৰ সৈতে প্ৰতিযোগিতাত নামিছে। ‘বাহুবলী’, ‘আৰ আৰ আৰ’, ‘কে জি এফ’ ছিৰিজৰ দৰে চিনেমাৰ সহায়ত দক্ষিণৰ তাৰকাসকলৰ জনপ্ৰিয়তা দেশজুৰি বিয়পি পৰিছে। পিছে, তেলেগু চিনেমাৰ তাৰকা অভিনেতা ৰামচৰণক  যেন অলপ বেছিহে ভাল পায় অনুৰাগী জয়ৰাজে। নিজৰ মাটিত খেতি কৰি পোৱা ধানেৰে ৰামচৰণৰ প্ৰতিকৃতি প্ৰস্তুত কৰি উলিয়াইছে তেওঁ। কেৱল সেয়াই নহয়, এই ছবিখন প্ৰিয় অভিনেতাজনক দিবলৈ  ২৬৪ কিলোমিটাৰ বাট খোজকাঢ়ি তাৰকাৰ ঘৰ পালেগৈ জয়ৰাজে।


দক্ষিণৰ প্ৰযোজক শিৱ চেৰীয়ে টুইটাৰত জয়ৰাজৰ সৈতে ৰামচৰণৰ আলোকচিত্ৰ শ্বেয়াৰ কৰিছে। তেওঁ কয়, গৰৱাল অঞ্চলত এখন ধাননি পথাৰ আচে জয়ৰাজৰ। সেই ভূমিত উৎপাদিত ধানেৰে তেওঁ ৰামচৰণৰ প্ৰতিকৃতি সাজিছে। নিজৰ শিল্পকৰ্ম প্ৰিয় তাৰকাজনৰ হাতত অৰ্পণ কৰিবলৈ ২৬৪ কিলোমিটাৰ পথ খোজকাঢ়ি আহিছে তেওঁ।’



অভিনেতা ৰামচৰণে অনুৰাগীক নিজৰ কাষত বহুৱাই তেওঁৰ শিল্পকৰ্মৰ বিষয়ে বিতংকৈ শুনা দেখা গৈছে শিৱ চেৰীয়ে শ্বেয়াৰ কৰা আলোকচিত্ৰত। তেওঁৰ সৈতে কেমেৰাৰ সন্মুখত পজো দিছে ৰামচৰণে। জয়ৰাজে ৰামচৰণক উপহাৰ হিচাপে দুই বস্তা চাউলো দিছে।



দক্ষিণৰ ছুপাৰষ্টাৰ চিৰঞ্জীৱীৰ পুত্ৰ ৰামচৰণ।  অভিনয়ৰ জৰিয়তেই গ্লেমাৰ জগতত বিশেষ খ্যাতি অৰ্জন কৰিছে ৰামচৰণে। এছ এছ ৰাজামৌলিৰ পৰিচালনাত নিৰ্মিত ‘আৰ আৰ আৰ’ ছবিখনত আলুৰী সীতাৰামা ৰাজুৰ চৰিত্ৰত অভিনয় কৰি ৰামচৰণে অনুৰাগীৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ভৱিষ্যতে তেওঁক জনপ্ৰিয় দক্ষিণৰ পৰিচালক শংকৰৰ চিনেমাত দেখা যাব। মুক্তিৰ অপেক্ষাত তেলেগু ছবি ‘আচাৰ্য’। এই ছবিখনতে দক্ষিণৰ তাৰকাগৰাকীয়ে পিতৃ চিৰঞ্জীৱীৰ সৈতে একেলগে দেখিবলৈ পোৱা যাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত