--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয়তাৰ ক্ষেত্ৰত যেন দক্ষিণৰ তাৰকাসকলে বলীউডৰ তাৰকাসকলৰ সৈতে প্ৰতিযোগিতাত নামিছে। ‘বাহুবলী’, ‘আৰ আৰ আৰ’, ‘কে জি এফ’ ছিৰিজৰ দৰে চিনেমাৰ সহায়ত দক্ষিণৰ তাৰকাসকলৰ জনপ্ৰিয়তা দেশজুৰি বিয়পি পৰিছে। পিছে, তেলেগু চিনেমাৰ তাৰকা অভিনেতা ৰামচৰণক  যেন অলপ বেছিহে ভাল পায় অনুৰাগী জয়ৰাজে। নিজৰ মাটিত খেতি কৰি পোৱা ধানেৰে ৰামচৰণৰ প্ৰতিকৃতি প্ৰস্তুত কৰি উলিয়াইছে তেওঁ। কেৱল সেয়াই নহয়, এই ছবিখন প্ৰিয় অভিনেতাজনক দিবলৈ  ২৬৪ কিলোমিটাৰ বাট খোজকাঢ়ি তাৰকাৰ ঘৰ পালেগৈ জয়ৰাজে।


দক্ষিণৰ প্ৰযোজক শিৱ চেৰীয়ে টুইটাৰত জয়ৰাজৰ সৈতে ৰামচৰণৰ আলোকচিত্ৰ শ্বেয়াৰ কৰিছে। তেওঁ কয়, গৰৱাল অঞ্চলত এখন ধাননি পথাৰ আচে জয়ৰাজৰ। সেই ভূমিত উৎপাদিত ধানেৰে তেওঁ ৰামচৰণৰ প্ৰতিকৃতি সাজিছে। নিজৰ শিল্পকৰ্ম প্ৰিয় তাৰকাজনৰ হাতত অৰ্পণ কৰিবলৈ ২৬৪ কিলোমিটাৰ পথ খোজকাঢ়ি আহিছে তেওঁ।’



অভিনেতা ৰামচৰণে অনুৰাগীক নিজৰ কাষত বহুৱাই তেওঁৰ শিল্পকৰ্মৰ বিষয়ে বিতংকৈ শুনা দেখা গৈছে শিৱ চেৰীয়ে শ্বেয়াৰ কৰা আলোকচিত্ৰত। তেওঁৰ সৈতে কেমেৰাৰ সন্মুখত পজো দিছে ৰামচৰণে। জয়ৰাজে ৰামচৰণক উপহাৰ হিচাপে দুই বস্তা চাউলো দিছে।



দক্ষিণৰ ছুপাৰষ্টাৰ চিৰঞ্জীৱীৰ পুত্ৰ ৰামচৰণ।  অভিনয়ৰ জৰিয়তেই গ্লেমাৰ জগতত বিশেষ খ্যাতি অৰ্জন কৰিছে ৰামচৰণে। এছ এছ ৰাজামৌলিৰ পৰিচালনাত নিৰ্মিত ‘আৰ আৰ আৰ’ ছবিখনত আলুৰী সীতাৰামা ৰাজুৰ চৰিত্ৰত অভিনয় কৰি ৰামচৰণে অনুৰাগীৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ভৱিষ্যতে তেওঁক জনপ্ৰিয় দক্ষিণৰ পৰিচালক শংকৰৰ চিনেমাত দেখা যাব। মুক্তিৰ অপেক্ষাত তেলেগু ছবি ‘আচাৰ্য’। এই ছবিখনতে দক্ষিণৰ তাৰকাগৰাকীয়ে পিতৃ চিৰঞ্জীৱীৰ সৈতে একেলগে দেখিবলৈ পোৱা যাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ