--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে হঠাত্‍ আমিৰ খানে ‘লাল সিং চাড্ডা’ৰ ট্ৰেইলাৰ প্ৰকাশ কৰিছিল। আইপিএলৰ ফাইনেলৰ মাজভাগতে প্ৰথমবাৰৰ বাবে টেলিভিছনত দেখা গৈছিল  ‘লাল সিং চাড্ডা’ৰ ট্ৰেইলাৰ। ইয়াৰ পিছত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আমিৰ খান অভিনীত ছবিখনৰ ট্ৰেইলাৰ। ট্ৰেইলাৰটো চোৱাৰ পিছত বহুতে আমিৰ-কৰীণাক প্ৰশংসাৰে উপচায় দিছে। বহুতে আকৌ সমালোচনা কৰাও দেখা গৈছে। টুইটাৰত ছবিখন বৰ্জনৰ বাবেও আহ্বান জনাইছে নেটিজেনে।

এটা, দুটা নহয়, একাধিক কাৰণত আমিৰ খান আৰু কৰীনা কাপুৰৰ ছবিখন বৰ্জনৰ আহ্বান জনাইছে নেটিজেনে। ২০১৫ চনত আমিৰে সাম্প্ৰদায়িক অসহিষ্ণুতাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। সেই প্ৰসংগ উত্থাপন কৰিয়েই এজনে ছবিখন বৰ্জন কৰিবলৈ আহ্বান জনায়।

শিৱলিংগত গাখীৰ ঢলাৰ পৰিৱৰ্তে দুখীয়া শিশুৰ ভোক নিবাৰণৰ বাবে গাখীৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছিল। বিষয়টো উত্থাপন কৰি ছবিখন বৰ্জনৰ আহ্বান একাংশৰ। এসময়ত কৰীনা কাপুৰে এবাৰ কৈছিল, ‘আমাৰ ছবি নাচাব। ছবি চাবলৈ কাকো বাধ্য কৰোৱা নহয়।’ সেই মন্তব্যৰ আঁত ধৰিয়েই ‘লাল সিং চাড্ডা’ (Laal Singh Chaddha) বৰ্জনৰ আহ্বান বিয়পি পৰিছে টুইটাৰত। আনকি আমিৰে তুৰস্কৰ ফাৰ্ষ্ট লেডীক লগ পোৱা বিষয়টোক প্ৰসংগৰ আওতালৈ আনি উপহাস কৰা হয় মিষ্টাৰ পাৰ্ফেক্টছ’নিষ্টক।

‘বয়কট লাল সিং চড্ডা’ (Boycott Laal Singh Chaddha) হেছটেগেৰে এনে কেইবাটাও টুইট কৰা হৈছে। অৱশ্যে ‘লাল সিং চাদ্দা’ৰ ট্ৰেইলাৰটো ভাল পাইছে বহুতে। ২৪ ঘণ্টাত ২ মিনিট ৪৫ ছেকেণ্ডৰ ভিডিঅ’টো ২৫ কোটিৰো অধিক লোকে চাইছে। ১৯৯৪ চনত মুক্তি পোৱা টম হেংকছ (Tom Hanks) অভিনীত  আমেৰিকান ক্লাছিক ফৰেষ্ট গাম্প(Forrest Gump)ৰ অফিচিয়েল ৰিমেক হৈছে ‘লাল সিং চাড্ডা’। ১১ আগষ্টত ছবিগৃহত মুক্তি পাব ছবিখন।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement