--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে হঠাত্‍ আমিৰ খানে ‘লাল সিং চাড্ডা’ৰ ট্ৰেইলাৰ প্ৰকাশ কৰিছিল। আইপিএলৰ ফাইনেলৰ মাজভাগতে প্ৰথমবাৰৰ বাবে টেলিভিছনত দেখা গৈছিল  ‘লাল সিং চাড্ডা’ৰ ট্ৰেইলাৰ। ইয়াৰ পিছত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আমিৰ খান অভিনীত ছবিখনৰ ট্ৰেইলাৰ। ট্ৰেইলাৰটো চোৱাৰ পিছত বহুতে আমিৰ-কৰীণাক প্ৰশংসাৰে উপচায় দিছে। বহুতে আকৌ সমালোচনা কৰাও দেখা গৈছে। টুইটাৰত ছবিখন বৰ্জনৰ বাবেও আহ্বান জনাইছে নেটিজেনে।

এটা, দুটা নহয়, একাধিক কাৰণত আমিৰ খান আৰু কৰীনা কাপুৰৰ ছবিখন বৰ্জনৰ আহ্বান জনাইছে নেটিজেনে। ২০১৫ চনত আমিৰে সাম্প্ৰদায়িক অসহিষ্ণুতাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। সেই প্ৰসংগ উত্থাপন কৰিয়েই এজনে ছবিখন বৰ্জন কৰিবলৈ আহ্বান জনায়।

শিৱলিংগত গাখীৰ ঢলাৰ পৰিৱৰ্তে দুখীয়া শিশুৰ ভোক নিবাৰণৰ বাবে গাখীৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছিল। বিষয়টো উত্থাপন কৰি ছবিখন বৰ্জনৰ আহ্বান একাংশৰ। এসময়ত কৰীনা কাপুৰে এবাৰ কৈছিল, ‘আমাৰ ছবি নাচাব। ছবি চাবলৈ কাকো বাধ্য কৰোৱা নহয়।’ সেই মন্তব্যৰ আঁত ধৰিয়েই ‘লাল সিং চাড্ডা’ (Laal Singh Chaddha) বৰ্জনৰ আহ্বান বিয়পি পৰিছে টুইটাৰত। আনকি আমিৰে তুৰস্কৰ ফাৰ্ষ্ট লেডীক লগ পোৱা বিষয়টোক প্ৰসংগৰ আওতালৈ আনি উপহাস কৰা হয় মিষ্টাৰ পাৰ্ফেক্টছ’নিষ্টক।

‘বয়কট লাল সিং চড্ডা’ (Boycott Laal Singh Chaddha) হেছটেগেৰে এনে কেইবাটাও টুইট কৰা হৈছে। অৱশ্যে ‘লাল সিং চাদ্দা’ৰ ট্ৰেইলাৰটো ভাল পাইছে বহুতে। ২৪ ঘণ্টাত ২ মিনিট ৪৫ ছেকেণ্ডৰ ভিডিঅ’টো ২৫ কোটিৰো অধিক লোকে চাইছে। ১৯৯৪ চনত মুক্তি পোৱা টম হেংকছ (Tom Hanks) অভিনীত  আমেৰিকান ক্লাছিক ফৰেষ্ট গাম্প(Forrest Gump)ৰ অফিচিয়েল ৰিমেক হৈছে ‘লাল সিং চাড্ডা’। ১১ আগষ্টত ছবিগৃহত মুক্তি পাব ছবিখন।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ