--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইক'নমিক টাইমত প্রকাশ পোৱা এটা বাতৰিৰ পৰা জানিব পৰা মতে চৰকাৰে অন্তঃগাঁথনি নিৰ্মাণৰ বাবে পুঁজি গঠনৰ বাবে ইনফ্রাষ্ট্ৰাকচাৰ এছেট ৰিচাইক্লিঙত গুৰুত্ব দিছে।

ডিজিটেল ডেস্ক: কেন্দ্রীয় চৰকাৰে দেশৰ ২৮টা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্ধাৰিত সময়ৰ বাবে বক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ কুচকাৱাজ আৰম্ভ কৰিছে। এই পথসমূহৰ মুঠ দৈর্ঘ্য ১,৮০০ কিল'মিটাৰতকৈ অধিক আৰু ইয়াৰ পৰা চৰকাৰে ৩৫ হাজাৰ কোটি টকা লাভ কৰিব বুলি আশা কৰিছে। ইয়াৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে। ইয়াৰে অধিকাংশ পথ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ। 


এছেট মনেটাইজেশ্যনৰ এই প্রক্রিয়াটো পাব্লিক এণ্ড প্রাইভেট ইনফ্রাষ্ট্ৰাকচাৰ ইনভেষ্টমেন্ট ট্রাষ্ট (ইনভিট) আৰু টোল-অপাৰেটৰ-ট্রান্সফাৰ ৰুটৰ জৰিয়তে সম্পন্ন কৰা হ'ব। ইক'নমিক টাইমত প্রকাশ পোৱা এটা বাতৰিৰ পৰা জানিব পৰা মতে চৰকাৰে অন্তঃগাঁথনি নিৰ্মাণৰ বাবে পুঁজি গঠনৰ বাবে ইনফ্রাষ্ট্ৰাকচাৰ এছেট ৰিচাইক্লিঙত গুৰুত্ব দিছে। 


উল্লেখযোগ্য যে ইনফ্রাষ্ট্ৰাকচাৰ এছেট ৰিচাইক্লিং এনে এক বিত্তীয় নীতি যাৰ জৰিয়তে চৰকাৰে আগৰে পৰা চলি থকা বা নির্মাণ সম্পূৰ্ণ কৰা আন্তঃগাঁথনিক লীজত বা এক নিৰ্ধাৰিত সময়ৰ বাবে ব্যক্তিগত কোম্পানীৰ হাতত গটাই দিয়ে। ইয়াৰ পৰা লাভ কৰা ধন চৰকাৰে নতুন আন্তঃগাঁথনি নির্মাণত ব্যয় কৰে। এজন চৰকাৰী বিষয়াই প্ৰকাশ কৰা মতে, চলিত বছৰত মনেটাইজেশ্যনত দুটা বিল্ড-অপাৰেটৰ-ট্রেন্সফাৰ (বি অ' টি) আৰু সাতটা ইঞ্জিনীয়াৰিং প্রকিউৰমেন্ট এণ্ড কনষ্ট্ৰাকশ্যন প্রকল্প থাকিব। 


এইবছৰৰ আৰম্ভণিতে চৰকাৰে চাৰিখন ৰাজ্যৰ পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথৰ মনেটাইজেশ্যন কৰে। ইয়াৰ জৰিয়তে পথ পৰিবহণ মন্ত্ৰ্যালয়ে ৯ হাজাৰ কোটি টকা লাভ কৰে। চৰকাৰে চলিত বছৰত এই প্ৰক্ৰিয়াৰ জৰিয়তে ৫৯ হাজাৰ কোটি আৰু অহা বিত্তীয় বৰ্ষত ৬৮ হাজাৰ কোটি টকা লাভ কৰাৰ লক্ষ্য লৈছে। চৰকাৰে অহা ৩-৫ বছৰৰ ভিতৰত অতিৰিক্ত ১,৫০০ কিল'মিটাৰ পথ 'ইনভিট'ত চামিল কৰাৰ লক্ষ্য লৈছে। চৰকাৰে ফেব্ৰুৱাৰীত নেশ্যনে মনেটাইজেশ্যন পাইপলাইন ২.০ আৰম্ভ কৰিছিল। চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ খণ্ডত মনেটাইজেশ্যনৰ জৰিয়তে ৪.৪২ লাখ কোটি টকা অৰ্জনৰ লক্ষ্য লৈছে। 


উল্লেখযোগ্য যে মনেটাইজেশ্যনৰ জৰিয়তে চৰকাৰে আগতে নিৰ্মাণ কৰা বা বর্তমানে ব্যৱহাৰ কৰা ৰাষ্ট্ৰীয় ঘাইপথক নিৰ্ধাৰিত সময়ৰ বাবে ব্যক্তিগত কোম্পানীক লীজত দিয়ে। ইয়াৰ জৰিয়তে চৰকাৰে বৃহৎ পৰিমাণৰ পুঁজি সংগ্ৰহ কৰে আৰু এই পুঁজিৰ ধন নতুন এক্সপ্ৰেছৱে বা ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণত ব্যয় কৰে। এই ব্যৱস্থাত এক্সপ্ৰেছৱে বা ৰাষ্ট্ৰীয় ঘাইপথৰ মালিকানা স্বত্ব সদায় চৰকাৰ অৰ্থাৎ ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ (এন এইচ এ আই) হাতত থাকিব। ব্যক্তিগত কোম্পানীসমূহে নিৰ্ধাৰিত সময়ৰ বাবে এই পথসমূহৰ মেৰামতি কৰিবলৈ লাগিব আৰু টোল আদায় কৰাৰ অধিকাৰ লাভ কৰিব। ইয়াৰ বিপৰীতে চৰকাৰে একেলগে বৃহৎ পৰিমাণৰ ধন লাভ কৰিব। 


উল্লেখযোগ্য যে চৰকাৰে আন্তঃগাঁথনি বিনিয়োগ ন্যাসৰ (ইনভিটছ) জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথ বিনিয়োগকাৰীক নিৰ্ধাৰিত সময়ৰ বাবে বিক্ৰী কৰে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত