--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইক'নমিক টাইমত প্রকাশ পোৱা এটা বাতৰিৰ পৰা জানিব পৰা মতে চৰকাৰে অন্তঃগাঁথনি নিৰ্মাণৰ বাবে পুঁজি গঠনৰ বাবে ইনফ্রাষ্ট্ৰাকচাৰ এছেট ৰিচাইক্লিঙত গুৰুত্ব দিছে।

ডিজিটেল ডেস্ক: কেন্দ্রীয় চৰকাৰে দেশৰ ২৮টা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্ধাৰিত সময়ৰ বাবে বক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ কুচকাৱাজ আৰম্ভ কৰিছে। এই পথসমূহৰ মুঠ দৈর্ঘ্য ১,৮০০ কিল'মিটাৰতকৈ অধিক আৰু ইয়াৰ পৰা চৰকাৰে ৩৫ হাজাৰ কোটি টকা লাভ কৰিব বুলি আশা কৰিছে। ইয়াৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে। ইয়াৰে অধিকাংশ পথ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ। 


এছেট মনেটাইজেশ্যনৰ এই প্রক্রিয়াটো পাব্লিক এণ্ড প্রাইভেট ইনফ্রাষ্ট্ৰাকচাৰ ইনভেষ্টমেন্ট ট্রাষ্ট (ইনভিট) আৰু টোল-অপাৰেটৰ-ট্রান্সফাৰ ৰুটৰ জৰিয়তে সম্পন্ন কৰা হ'ব। ইক'নমিক টাইমত প্রকাশ পোৱা এটা বাতৰিৰ পৰা জানিব পৰা মতে চৰকাৰে অন্তঃগাঁথনি নিৰ্মাণৰ বাবে পুঁজি গঠনৰ বাবে ইনফ্রাষ্ট্ৰাকচাৰ এছেট ৰিচাইক্লিঙত গুৰুত্ব দিছে। 


উল্লেখযোগ্য যে ইনফ্রাষ্ট্ৰাকচাৰ এছেট ৰিচাইক্লিং এনে এক বিত্তীয় নীতি যাৰ জৰিয়তে চৰকাৰে আগৰে পৰা চলি থকা বা নির্মাণ সম্পূৰ্ণ কৰা আন্তঃগাঁথনিক লীজত বা এক নিৰ্ধাৰিত সময়ৰ বাবে ব্যক্তিগত কোম্পানীৰ হাতত গটাই দিয়ে। ইয়াৰ পৰা লাভ কৰা ধন চৰকাৰে নতুন আন্তঃগাঁথনি নির্মাণত ব্যয় কৰে। এজন চৰকাৰী বিষয়াই প্ৰকাশ কৰা মতে, চলিত বছৰত মনেটাইজেশ্যনত দুটা বিল্ড-অপাৰেটৰ-ট্রেন্সফাৰ (বি অ' টি) আৰু সাতটা ইঞ্জিনীয়াৰিং প্রকিউৰমেন্ট এণ্ড কনষ্ট্ৰাকশ্যন প্রকল্প থাকিব। 


এইবছৰৰ আৰম্ভণিতে চৰকাৰে চাৰিখন ৰাজ্যৰ পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথৰ মনেটাইজেশ্যন কৰে। ইয়াৰ জৰিয়তে পথ পৰিবহণ মন্ত্ৰ্যালয়ে ৯ হাজাৰ কোটি টকা লাভ কৰে। চৰকাৰে চলিত বছৰত এই প্ৰক্ৰিয়াৰ জৰিয়তে ৫৯ হাজাৰ কোটি আৰু অহা বিত্তীয় বৰ্ষত ৬৮ হাজাৰ কোটি টকা লাভ কৰাৰ লক্ষ্য লৈছে। চৰকাৰে অহা ৩-৫ বছৰৰ ভিতৰত অতিৰিক্ত ১,৫০০ কিল'মিটাৰ পথ 'ইনভিট'ত চামিল কৰাৰ লক্ষ্য লৈছে। চৰকাৰে ফেব্ৰুৱাৰীত নেশ্যনে মনেটাইজেশ্যন পাইপলাইন ২.০ আৰম্ভ কৰিছিল। চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ খণ্ডত মনেটাইজেশ্যনৰ জৰিয়তে ৪.৪২ লাখ কোটি টকা অৰ্জনৰ লক্ষ্য লৈছে। 


উল্লেখযোগ্য যে মনেটাইজেশ্যনৰ জৰিয়তে চৰকাৰে আগতে নিৰ্মাণ কৰা বা বর্তমানে ব্যৱহাৰ কৰা ৰাষ্ট্ৰীয় ঘাইপথক নিৰ্ধাৰিত সময়ৰ বাবে ব্যক্তিগত কোম্পানীক লীজত দিয়ে। ইয়াৰ জৰিয়তে চৰকাৰে বৃহৎ পৰিমাণৰ পুঁজি সংগ্ৰহ কৰে আৰু এই পুঁজিৰ ধন নতুন এক্সপ্ৰেছৱে বা ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণত ব্যয় কৰে। এই ব্যৱস্থাত এক্সপ্ৰেছৱে বা ৰাষ্ট্ৰীয় ঘাইপথৰ মালিকানা স্বত্ব সদায় চৰকাৰ অৰ্থাৎ ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ (এন এইচ এ আই) হাতত থাকিব। ব্যক্তিগত কোম্পানীসমূহে নিৰ্ধাৰিত সময়ৰ বাবে এই পথসমূহৰ মেৰামতি কৰিবলৈ লাগিব আৰু টোল আদায় কৰাৰ অধিকাৰ লাভ কৰিব। ইয়াৰ বিপৰীতে চৰকাৰে একেলগে বৃহৎ পৰিমাণৰ ধন লাভ কৰিব। 


উল্লেখযোগ্য যে চৰকাৰে আন্তঃগাঁথনি বিনিয়োগ ন্যাসৰ (ইনভিটছ) জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথ বিনিয়োগকাৰীক নিৰ্ধাৰিত সময়ৰ বাবে বিক্ৰী কৰে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান