--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই সন্দৰ্ভত স্থানীয় এজন লোকে কয়, ‘‘কুঁৱলীৰ মাজত সম্পূর্ণ ক'লা এই জন্তুটোক এটা ভূতৰ দৰেই লাগিছিল। আমি আগতে নাহৰফুটুকী বাঘ দেখিছোঁ, কিন্তু এই জন্তুবিধ আগতে দেখা পোৱা নাছিলোঁ।’’

ডিজিটেল ডেস্ক : বন্যপ্রাণী আৰু জনসাধাৰণৰ মাজত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘাত অব্যাহত থকাৰ মাজতে তিনিচুকীয়া জিলাৰ চাহ নগৰী ডুমডুমাৰ গাতে লাগি থকা ৰাইডাং চাহ বাগিচাৰ হাঁহচৰা ডিভিজনত চাৰিদিনমান পূৰ্বে পুৱাৰ ভাগত এটা দুষ্প্রাপ্য 'ঘোং' (Black Panther) দেখা পোৱাৰ পাছতেই বাগিচাখনৰ কাষৰীয়া অঞ্চলৰ লোকসকল শংকিত হৈ পৰিছে।


বিশেষকৈ মাত্র কেইদিনমান পূর্বে বাগিচাখনৰ হাঁহচৰা ডিভিজনৰ মটক লাইনৰ ১০নং ছেকশ্যনৰ পৰা বন বিভাগে এটা প্রকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰাৰ পাছতেই এই বিৰল তথা দুষ্প্রাপ্য ঘোংটো দেখা পোৱাত স্থানীয় ৰাইজ আৰু চাহ শ্ৰমিকসকলৰ মাজত আতংকৰ সৃষ্টি হোৱাৰ লগতে ঘোংটো প্রত্যক্ষ কৰাৰ বাবে উৎসুকতাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে ঘোংটোৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত কোনো লোকে আপল'ড কৰাৰ পাছতে ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। 


প্রত্যক্ষদর্শীসকলে জানিবলৈ দিয়া মতে, ঘন জোপোহাৰ মাজেৰেই ঘোংটো পাৰ হৈ গৈছিল। এই সন্দৰ্ভত স্থানীয় এজন লোকে কয়, ‘‘কুঁৱলীৰ মাজত সম্পূর্ণ ক'লা এই জন্তুটোক এটা ভূতৰ দৰেই লাগিছিল। আমি আগতে নাহৰফুটুকী বাঘ দেখিছোঁ, কিন্তু এই জন্তুবিধ আগতে দেখা পোৱা নাছিলোঁ।’’ 


উল্লেখযোগ্য যে এই 'ঘোং' হৈছে মূলতঃ নাহৰফুটুকী বাঘ (Leopard) বা জাগুৱাৰৰ এটা মেলানিষ্টিক (melanistic) ৰূপ, যিটো জিনীয় কাৰণত সম্পূৰ্ণ ক'লা বৰণৰ হয়। ইহঁতৰ গাটো সম্পূৰ্ণ ক'লা বা গাঢ় মুগা বৰণৰ হয়, কিন্তু ভালকৈ চালে ক'লা আঁচ বা ফুটবোৰ দেখা পোৱা যায়। এছিয়া আৰু আফ্রিকাত পোৱা ঘোংবোৰ প্ৰধানকৈ নাহৰফুটুকী বাঘ (Panthera pardus)। অসম আৰু উত্তৰ-পূব ভাৰতৰ বনাঞ্চলত এই জন্তুবোৰ দেখা পোৱা যায়। স্বভাৱতঃ ইহঁত বনৰীয়া, অকলশৰীয়া আৰু চিকাৰী প্ৰাণী। ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ পক্কে টাইগাৰ ৰিজার্ভ আৰু মানস ৰাষ্ট্ৰীয় উদ্যানতহে এনে ক'লা বাঘৰ উপস্থিতি নিশ্চিত কৰা হৈছিল। 


অৱশ্যে শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ বিভিন্ন চাহ বাগিচা, যেনে ৰাইডাং, দৈমুখীয়া (ৰ'জবেৰী) আৰু দেওহালত নাহৰফুটুকী বাঘৰ চলাচল তথা বিচৰণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বাসস্থানৰ অভাৱ, বনাঞ্চল ধ্বংস আৰু খাদ্যৰ নাটনিৰ বাবে এই বন্যপ্রাণীসমূহ চাহ বাগিচাসমূহক অস্থায়ী বাসস্থান হিচাপে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে বুলি ধাৰণা কৰিব পাৰি। এই সন্দৰ্ভত বন বিভাগৰ এজন বিষয়াই জনোৱা মতে, বর্তমান হাঁহচৰা অঞ্চলত টহলদাৰী বৃদ্ধি কৰাৰ লগতে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে। 


প্রয়োজন সাপেক্ষে কেমেৰা ট্রেপিং আৰু জন্তুটোক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হ'ব বুলিও বিষয়াজনে জানিবলৈ দিয়ে। বন্যপ্রাণী আৰু মানুহৰ মাজত বৃদ্ধি পোৱা সংঘাত নির্মূলৰ বাবে এইক্ষেত্রত এক সুচিন্তিত পদক্ষেপৰ প্ৰয়োজনীয়তা আছে বুলি প্রকৃতিপ্রেমীসকলে মন্তব্য কৰিছে। উল্লেখযোগ্য যে ৰাইডাং চাহ বাগিচাত যোৱা এটা মাহত ৬টা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয়। উক্ত ঘোংটো সমীপৰ চামডাং চাহ বাগিচাতো এজন চাহ শ্রমিকে দেখা পোৱা বুলি জানিব পৰা গৈছে।

উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান