--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এপ্ৰিলৰ পৰা জুলাইলৈকে সময়ছোৱা হৈছে মাছৰ কণী পৰা তথা বংশ বৃদ্ধিৰ প্ৰাকৃতিক সময়। জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ স্বাৰ্থত এই নিৰ্দিষ্ট সময়ছোৱাত ৰাজ্যৰ সকলো খাল, বিল, নদী আদিত মাছ ধৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।


ডিজিটেল ডেস্ক: প্ৰজননৰ সময়ত চৰকাৰী নিষেধাজ্ঞা অমান্য কৰি একাংশ অসাধু মৎস্য ব্যৱসায়ীয়ে চলাই যোৱা কাৰ্যৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে মীন বিভাগ। আজি কামৰূপ মহানগৰ জিলা মীন বিভাগে প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ সহযোগত চন্দ্ৰপুৰৰ কলং নৈত এক সফল অভিযান চলায়। এই অভিযানকালত বিভাগে ২০ খনকৈ মাছ ধৰা জাল জব্দ কৰিবলৈ সক্ষম হয়।


মন কৰিবলগীয়া কথা এপ্ৰিলৰ পৰা জুলাইলৈকে সময়ছোৱা হৈছে মাছৰ কণী পৰা তথা বংশ বৃদ্ধিৰ প্ৰাকৃতিক সময়। জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ স্বাৰ্থত এই নিৰ্দিষ্ট সময়ছোৱাত ৰাজ্যৰ সকলো খাল, বিল, নদী আদিত মাছ ধৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।


মীন বিভাগৰ স্পষ্ট নিষেধাজ্ঞা থকাৰ পিছতো একাংশ মৎস্য ব্যৱসায়ীয়ে আইনক বুঢ়া আঙুলি দেখুৱাই অবাধ গতিত মাছ ধৰি আহিছিল। কণী থকা মাছ ধৰাৰ ফলত জলচৰ প্ৰাণীবিধৰ প্ৰাকৃতিক বংশ বৃদ্ধিত চৰম ব্যাঘাত জন্মিছে।


মীন বিভাগৰ এই আকস্মিক পদক্ষেপে অবৈধভাৱে মাছ ধৰি থকা চক্ৰসমূহৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰকৃতি আৰু মৎস্য সম্পদ ৰক্ষাৰ স্বাৰ্থত আগলৈও এনে অভিযান অব্যাহত থাকিব বুলি বিভাগীয় সূত্ৰই জানিবলৈ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান