--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গুৱাহাটী পৌৰ নিগমৰ শেহতীয়া নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটৰ ব্যাপক প্ৰচাৰ আৰু প্ৰতিপত্তিৰ মাজতে বিৰোধী দলৰ এগৰাকী নেত্ৰী চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল। নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনটোত আহি এইগৰাকী নেত্ৰীয়ে সকলো প্ৰচাৰক একপ্ৰকাৰ ম্লান কৰি থৈ গৈছিল কিছুমান বাস্তৱিক বিষয় উত্থাপনৰ জৰিয়তে। তেওঁ আছিল আম আদমী পাৰ্টীৰ বিধায়ক আতিশী। সম্পূৰ্ণ নাম আতিশী সিং। আতিশী মাৰ্লেনা নামেৰেহে অৱশ্যে তেওঁ অধিক জনাজাত। 

দিল্লীৰ শিক্ষা ব্যৱস্থা তথা চৰকাৰী বিদ্যালয়লৈ অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই অনাত এইগৰাকী নেত্ৰীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষা মন্ত্ৰী মনীষ শিশোদিয়াৰ সৈতে তেওঁ দিল্লীৰ চৰকাৰী শিক্ষানুষ্ঠানলৈ যি পৰিৱৰ্তন কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সেয়া সমগ্ৰ দেশৰ লগতে বিদেশৰ উন্নত ৰাষ্ট্ৰৰ বাবেও আদৰ্শত পৰিণত হৈছে। তেওঁৰ উপস্থিতিয়ে ৰাজ্যৰ ৰাজনীতিত কি প্ৰভাৱ পেলাইছিল তাৰ উদাহৰণ বিচাৰিবলৈ হ’লে আমি গুৱাহাটী পৌৰ নিৰ্বাচনৰ ফলাফললৈ লক্ষ্য কৰিলেই হ’ল। প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈ আপে লক্ষ্যণীয় প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ল আৰু প্ৰায় ১৫ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল।

তেওঁলোকৰ এগৰাকী প্ৰাৰ্থীহে বিজয়ী হৈছিল যদিও তেওঁলোকে কুৰিখনৰো অধিক আসনত দ্বিতীয় স্থান লাভ কৰিছিল। আতিশীক লৈ ৰাজ্যৰ ৰাজনীতিত চলা তুমুল চৰ্চাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিকভাৱে সচেতন একাংশ লোকে মন্তব্য কৰিছিল যে, আতিশী আহোঁতেই যদি ইমান চৰ্চা তেন্তে কেজৰিৱাল আহিলে দেখোন ৰাজ্যৰ ৰাজনীতিত ভূমিকম্প হ’ব। ৰাজ্যৰ ৰাজনীতিত ভূমিকম্প হওক বা নহওক দেশত নতুন ৰাজনীতিৰ বাৰ্তাবাহক অৰবিন্দ কেজৰিৱালৰ পদাৰ্পনে ৰাজ্যৰ বিৰোধী ৰাজনীতিলৈ যে নতুন উদ্দীপনা লৈ আহিব সেয়া খাটাং। আৰু সেই দিনটো এতিয়া চমু চাপি আহিছে।

অহা ২৯ মে’ত অসমলৈ আহিবলৈ সাজু হৈছে অৰবিন্দ কেজৰিৱাল। তেওঁ অসমত ৰাজহুৱা কাৰ্যসূ্চীত ভাগ ল’ব বুলি জানিব পৰা গৈছে। তেওঁৰ কাৰ্যসূচীৰ মূল কেন্দ্ৰ গুৱাহাটী হ’ব বুলি দলৰ ফালৰ পৰা সদৰি কৰা হৈছে। এয়া অসমৰ ৰাজনীতিৰ বাবে নিসন্দেহে এক উল্লেখনীয় কথা। ইতিমধ্যেই আম আদমী পাৰ্টীৰ এটা বিশেষজ্ঞৰ দৰে অসমৰ পৰিস্থিতি অধ্যয়ন কৰি গৈছে বুলি জানিব পৰা গৈছে। অসমৰ সমস্যা আৰু সম্ভাৱনাৰ বিতং খতিয়ান তেওঁলোকে দাখিল কৰিছে কেজৰিৱালৰ আগত। যাৰ ওপৰত ভিত্তি কৰি কথা ক’ব বা পৰৱৰ্তী পদক্ষেপৰ পৰিকল্পনা কৰিব কেজৰিৱালে। এইকথা এতিয়া প্ৰমাণ হৈছে যে, অৰবিন্দ কেজৰিৱালৰ আপে সুচিন্তিতভাৱেই ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰতিটো পদেক্ষপ গ্ৰহণ কৰি আহিছে। অসমতো তাৰ ব্যতিক্ৰম যাতে নহয় তাৰ বাবে তেওঁলোকে চেষ্টা কৰাটো নিশ্চিত বুলিব পাৰি।

উল্লেখ্য যে, ধৰ্মীয় অঁৰিয়া-অৰি, সাম্প্ৰদায়িক বিভাজন, তীব্ৰ প্ৰৰোচনা আৰু ধৰ্মীয় উত্তেজনাৰ ৰাজনীতিৰ মাজত এতিয়া কিছু নতুন কথা কবলৈ আগুৱাই আহিছে আম আদমী পাৰ্টী। ধৰ্মীয় উন্মাদনা সৃষ্টিৰে নহয় এই দলটোৱে এতিয়া বাস্তৱিক কাম-কাজ আৰু আদৰ্শক সাৰোগত কৰি ৰাজনীতিৰ পথাৰত অগ্ৰসৰ হব বিচাৰিছে। দিল্লীৰ চৰকাৰী শিক্ষা ব্যৱস্থালৈ আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে সমগ্ৰ দেশৰ বাবেই এক নজিৰ সৃষ্টি কৰিছে। কেৱল দেশতে নহয়, কেজৰিৱালে শিক্ষাৰ ক্ষেত্ৰত গঢ় দিয়া দিল্লী মডেল এতিয়া বিদেশতো চৰ্চাৰ বিষয় হৈ পৰিছে। পঞ্জাব, চত্তিছগড় আদিৰ দৰে ৰাজ্যই এই মডেল অনুসৰণ কৰিবলৈ আগবাঢ়ি আহিছে। এতিয়া তেওঁলোকৰ পৰৱৰ্তী লক্ষ্য হৈ পৰিছে অসম। শেহতীয়াকৈ গুজৰাট নিৰ্বাচনক লৈ ব্যস্ত হৈ থকা কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে গুজৰাট মডেলক আঁতৰাই ৰাজ্যখনতো দিল্লী মডেল প্ৰতিষ্ঠাৰ সংকল্পৰ কথা ঘোষণা কৰিছে। অসমত তেওঁলোকৰ সাংগঠনিক স্থিতি কিছু চালুকীয়া হৈ আছে যদিও অসমতো বাস্তৱিক পদক্ষেপ গ্ৰহণৰ বাবে বাস্তৱসন্মত আৰু অত্যাৱশ্যকীয় লক্ষ্য স্থিৰ কৰি তেওঁলোক অগ্ৰসৰ হোৱাৰ চেষ্টা কৰিছে।

অসমৰ শিক্ষা খণ্ডক মূল লক্ষ্য হিচাপে লৈছে কেজৰিৱালৰ আপে। শিক্ষাখণ্ডত মনোনিৱেশ কৰাৰ বাবে তেওঁলোকে অসমৰ চৰকাৰী বিদ্যালয়বোৰত জৰীপ চলোৱা কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে বাস্তৱিক পৰিস্থিতিক অনুধাৱন কৰি সেই অনুসৰি পদক্ষেপ গ্ৰহণৰ সুযোগ লাভ কৰে। আপৰ এই পদক্ষেপ অসমৰ বাবে অতি উল্লেখনীয় কথা হৈ পৰিছে। অৰবিন্দ কেজৰিৱালৰ এই প্ৰস্তাৱিত অসম ভ্ৰমণে হয়তো অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত এটা নতুন মাত্ৰাৰ সংযোজন ঘটাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান