--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিপত্তিয়ে লগ নেৰা হৈছে কংগ্ৰেছ নেতা তথা দলটোৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ। নেপাললৈ গৈ নাইট ক্লাব বিতৰ্কৰ সৈতে সাঙোৰ খাই পৰাৰ পাছত তেওঁ আন এক বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। এইবাৰ এই বিতৰ্কৰ সৃষ্টি হৈছে তেওঁৰ তেলেংগানা ভ্ৰমণক লৈ। তেলেংগানাত ভ্ৰমণৰত ৰাহুলে তেলেংগানা কংগ্ৰেছৰ নেতাসকলৰ সৈতে বহি থকা এটা ভিডিঅ’ শ্বেয়াৰ কৰি বিজেপিয়ে তেওঁক তীব্ৰ কটাক্ষ কৰা দেখা গৈছে। তেলেংগানা কংগ্ৰেছৰ নেতাসকলক ৰাহুলে কৰা এটা প্ৰশ্নক লৈ ৰাহুলক তীব্ৰ কটাক্ষ কৰে বিজেপিয়ে।

বিজেপিৰ আইটি চেলৰ তত্বাৱধায়ক তথা কেন্দ্ৰীয় নেতা অমিত মালৱিয়াই ৰাহুলৰ এটা ভিডিঅ’ ক্লীপ শ্বেয়াৰ কৰিছে। য’ত ৰাহুলে প্ৰশ্ন কৰা শুনা গৈছে, আজিৰ মূল থীম কি? মই কি ক’ব লাগিব? ৰাহুলে কৃষকৰ এখন সভাত ভাষণ দিয়াৰ পূৰ্বে এই প্ৰশ্ন কৰাক লৈ তীব্ৰ সমালোচনাৰ পাত্ৰ হৈ পৰিছে। এই কথাই তেওঁ কোনো পূৰ্বপ্ৰস্তুতি নোহোৱাকৈয়ে ৰাজ্যখন ভ্ৰমণলৈ গৈছে বুলি চৰ্চা চলিছে। কি ক’ব লাগিব সেয়াও দলীয় কৰ্মকৰ্তাইহে ঠিক কৰি দিবলগীয়া পৰিস্থিতি সৃষ্টি হোৱাটোৱে ৰাহুলৰ দক্ষতাৰ প্ৰতি পুনৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিলে।

অমিত মালৱিয়াই ৰাহুলৰ ১৭ ছেকেণ্ডৰ ভিডিঅ’ ক্লীপটো শ্বেয়াৰ কৰি লিখিছে, কালি তেলেংগানা কংগ্ৰেছে কৃষকৰ প্ৰতি সহমৰ্মিতাৰে আয়োজন কৰা ৰেলীত অংশ লোৱাৰ পূৰ্বে ৰাহুল গান্ধীয়ে দলীয় নেতাসকলক সুধিছে অনু্ষ্ঠানৰ মূল থীম কি? মই কি ক’ব লাগিব? যেতিয়া বিদেশ ভ্ৰমণ, নাইট ক্লাবিঙৰ মাজতে ৰাজনীতি কৰিলে এনে পৰিস্থিতিৰ সৃষ্টি হয়।’ তেলেংগানা ভ্ৰমণৰ আৰম্ভণিতে ৰাহুলৰ এই বিপত্তি কংগ্ৰেছ দলৰ বাবেই এক বিপত্তিৰ কাৰণ হৈ পৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত