--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিপত্তিয়ে লগ নেৰা হৈছে কংগ্ৰেছ নেতা তথা দলটোৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ। নেপাললৈ গৈ নাইট ক্লাব বিতৰ্কৰ সৈতে সাঙোৰ খাই পৰাৰ পাছত তেওঁ আন এক বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। এইবাৰ এই বিতৰ্কৰ সৃষ্টি হৈছে তেওঁৰ তেলেংগানা ভ্ৰমণক লৈ। তেলেংগানাত ভ্ৰমণৰত ৰাহুলে তেলেংগানা কংগ্ৰেছৰ নেতাসকলৰ সৈতে বহি থকা এটা ভিডিঅ’ শ্বেয়াৰ কৰি বিজেপিয়ে তেওঁক তীব্ৰ কটাক্ষ কৰা দেখা গৈছে। তেলেংগানা কংগ্ৰেছৰ নেতাসকলক ৰাহুলে কৰা এটা প্ৰশ্নক লৈ ৰাহুলক তীব্ৰ কটাক্ষ কৰে বিজেপিয়ে।

বিজেপিৰ আইটি চেলৰ তত্বাৱধায়ক তথা কেন্দ্ৰীয় নেতা অমিত মালৱিয়াই ৰাহুলৰ এটা ভিডিঅ’ ক্লীপ শ্বেয়াৰ কৰিছে। য’ত ৰাহুলে প্ৰশ্ন কৰা শুনা গৈছে, আজিৰ মূল থীম কি? মই কি ক’ব লাগিব? ৰাহুলে কৃষকৰ এখন সভাত ভাষণ দিয়াৰ পূৰ্বে এই প্ৰশ্ন কৰাক লৈ তীব্ৰ সমালোচনাৰ পাত্ৰ হৈ পৰিছে। এই কথাই তেওঁ কোনো পূৰ্বপ্ৰস্তুতি নোহোৱাকৈয়ে ৰাজ্যখন ভ্ৰমণলৈ গৈছে বুলি চৰ্চা চলিছে। কি ক’ব লাগিব সেয়াও দলীয় কৰ্মকৰ্তাইহে ঠিক কৰি দিবলগীয়া পৰিস্থিতি সৃষ্টি হোৱাটোৱে ৰাহুলৰ দক্ষতাৰ প্ৰতি পুনৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিলে।

অমিত মালৱিয়াই ৰাহুলৰ ১৭ ছেকেণ্ডৰ ভিডিঅ’ ক্লীপটো শ্বেয়াৰ কৰি লিখিছে, কালি তেলেংগানা কংগ্ৰেছে কৃষকৰ প্ৰতি সহমৰ্মিতাৰে আয়োজন কৰা ৰেলীত অংশ লোৱাৰ পূৰ্বে ৰাহুল গান্ধীয়ে দলীয় নেতাসকলক সুধিছে অনু্ষ্ঠানৰ মূল থীম কি? মই কি ক’ব লাগিব? যেতিয়া বিদেশ ভ্ৰমণ, নাইট ক্লাবিঙৰ মাজতে ৰাজনীতি কৰিলে এনে পৰিস্থিতিৰ সৃষ্টি হয়।’ তেলেংগানা ভ্ৰমণৰ আৰম্ভণিতে ৰাহুলৰ এই বিপত্তি কংগ্ৰেছ দলৰ বাবেই এক বিপত্তিৰ কাৰণ হৈ পৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ