--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কেন্দ্ৰীয় ৰে'ল ব'ৰ্ডে দেশৰ আটাইবোৰ সংমণ্ডলসমূহলৈ এক জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। এই নির্দেশনাৰ জৰিয়তে ২ শতাংশ পদ বিলুপ্তি ঘটাবলৈ কোৱা হৈছে।

ডিজিটেল ডেস্ক: সমগ্র দেশতে নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ লোৱাৰ সময়তে চৰকাৰী চাকৰিৰ নতুন পদ সৃষ্টি কৰাৰ বিপৰীতে থকা পদো বিলুপ্তি ঘটাবলৈ উঠি পৰি লাগিছে কেন্দ্ৰীয় চৰকাৰ।


কেন্দ্ৰীয় ৰে'ল ব'ৰ্ডে দেশৰ আটাইবোৰ সংমণ্ডলসমূহলৈ এক জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। এই নির্দেশনাৰ জৰিয়তে ২ শতাংশ পদ বিলুপ্তি ঘটাবলৈ কোৱা হৈছে। 


উল্লেখযোগ্য যে ভাৰতীয় ৰে'লৱেত চলিত বৰ্ষৰ এক এপ্রিললৈকে মুঠ ১৪,৮০,৪৫৫টা কৰ্মচাৰীৰ পদ আছে। বর্তমান কৰ্মৰত কৰ্মচাৰী আছে এঘাৰ লাখ। ইয়াৰ বিপৰীতে দীর্ঘদিন ধৰি খালী হৈ আছে প্রায় তিনি লাখ পদ। এই বৃহৎসংখ্যক পদ খালী হৈ থকাৰ বাবে সুদীর্ঘ দিন ধৰি ৰে'ল শ্রমিক সংগঠনসমূহে বিভিন্ন সময়ত এই পদ পূৰণৰ বাবে আন্দোলন কৰি আহিছে। কিন্তু শ্রমিক সংগঠনৰ আন্দোলন তথা দাবীৰ প্ৰতি অকণো গুৰুত্ব দিয়া নাই ৰে'ল বিভাগে। বৃহৎসংখ্যক পদ খালী হৈ থকা কাৰণে শ্রমিক-কৰ্মচাৰীৰ ওপৰত জাপি দিয়া হৈছে ওপৰঞ্চি কামৰ বোজা। দহজনৰ কামৰ বোজা এজন শ্রমিক অথবা কৰ্মচাৰীৰ ওপৰত জাপি দিয়াৰ ফলত ৰে'ল যাত্ৰীৰো জীৱন আৰু সম্পত্তিলৈও আহিছে ভয়ংকৰ ভাবুকি। 


সম্প্ৰতি ৰে'ল যাতায়াত ব্যৱস্থা পূৰ্বতকৈ উন্নত হোৱাৰ বাবে ৰে'ল গাড়ীৰ সংখ্যাও বৃদ্ধি হৈছে। যাত্ৰীৰ সংখ্যাও দৈনিক বৃদ্ধি হৈছে। কিন্তু ইয়াৰ পৰিৱৰ্তে খালী হৈ থকা প্রয়োজনীয় পদসমূহ পূৰণ কৰা নাই। প্ৰতি বছৰে দুই কোটি নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্রুতি দিয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে অমৃত ভাৰতৰ নামত ইখনৰ পাছত সিখন ৰে'ল অন্তর্ভুক্ত কৰিছে ঠিকেই, কিন্তু ৰে'ল বিভাগৰ পদ বিলুপ্তিৰ বাবে এক ষড়যন্ত্ৰ ৰচনা কৰিছে। বিভাগটোৰ যদি ২ শতাংশ পদ বিলুপ্তি কৰিব লগা হয় তেন্তে মুঠ ২৯,৬০৮টা পদ চিৰদিনৰ বাবে বিলুপ্ত হ'ব। ইয়াৰ বিৰূপ প্রভাৱ এন এফ ৰে'লৱেতো পৰিব। কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্য হ'ল ভাৰতীয় ৰে'লৱেত এঘাৰ লাখ কৰ্মচাৰীক লৈ নতুন গতি শক্তিৰে চলাব বন্দে ভাৰত, তেজস্ব এক্সপ্রেছ, বুলেট ট্রেইন। 


তাৎপর্যপূর্ণ যে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শৱলী কাৰ্যকৰী হোৱাৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে ৰে'লৱেৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ পদ কর্তন কৰিবলৈ লোৱা হঠকাৰী সিদ্ধান্তই নিবনুৱা সমস্যা সমাধানতো ব্যাপক প্ৰভাৱ পেলাব। প্রণিধানযোগ্য যে ৰে'লৱে ব'র্ডে ২০২৪-২৫ বিত্তীয় বর্ষতো ২৮৮১৫টা পদ বিলুপ্তি ঘটাইছিল। দুটাকৈ বিত্তীয় বর্ষত অর্ধ লক্ষাধিক পদ ৰে'ল বিভাগৰ পৰা বিলুপ্তি ঘটোৱা হ'ল বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সময়ত। ইয়াকে লৈ বিভিন্ন মহলত এতিয়া প্রতিক্রিয়াৰো সৃষ্টি হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান