--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কেন্দ্ৰীয় ৰে'ল ব'ৰ্ডে দেশৰ আটাইবোৰ সংমণ্ডলসমূহলৈ এক জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। এই নির্দেশনাৰ জৰিয়তে ২ শতাংশ পদ বিলুপ্তি ঘটাবলৈ কোৱা হৈছে।

ডিজিটেল ডেস্ক: সমগ্র দেশতে নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ লোৱাৰ সময়তে চৰকাৰী চাকৰিৰ নতুন পদ সৃষ্টি কৰাৰ বিপৰীতে থকা পদো বিলুপ্তি ঘটাবলৈ উঠি পৰি লাগিছে কেন্দ্ৰীয় চৰকাৰ।


কেন্দ্ৰীয় ৰে'ল ব'ৰ্ডে দেশৰ আটাইবোৰ সংমণ্ডলসমূহলৈ এক জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। এই নির্দেশনাৰ জৰিয়তে ২ শতাংশ পদ বিলুপ্তি ঘটাবলৈ কোৱা হৈছে। 


উল্লেখযোগ্য যে ভাৰতীয় ৰে'লৱেত চলিত বৰ্ষৰ এক এপ্রিললৈকে মুঠ ১৪,৮০,৪৫৫টা কৰ্মচাৰীৰ পদ আছে। বর্তমান কৰ্মৰত কৰ্মচাৰী আছে এঘাৰ লাখ। ইয়াৰ বিপৰীতে দীর্ঘদিন ধৰি খালী হৈ আছে প্রায় তিনি লাখ পদ। এই বৃহৎসংখ্যক পদ খালী হৈ থকাৰ বাবে সুদীর্ঘ দিন ধৰি ৰে'ল শ্রমিক সংগঠনসমূহে বিভিন্ন সময়ত এই পদ পূৰণৰ বাবে আন্দোলন কৰি আহিছে। কিন্তু শ্রমিক সংগঠনৰ আন্দোলন তথা দাবীৰ প্ৰতি অকণো গুৰুত্ব দিয়া নাই ৰে'ল বিভাগে। বৃহৎসংখ্যক পদ খালী হৈ থকা কাৰণে শ্রমিক-কৰ্মচাৰীৰ ওপৰত জাপি দিয়া হৈছে ওপৰঞ্চি কামৰ বোজা। দহজনৰ কামৰ বোজা এজন শ্রমিক অথবা কৰ্মচাৰীৰ ওপৰত জাপি দিয়াৰ ফলত ৰে'ল যাত্ৰীৰো জীৱন আৰু সম্পত্তিলৈও আহিছে ভয়ংকৰ ভাবুকি। 


সম্প্ৰতি ৰে'ল যাতায়াত ব্যৱস্থা পূৰ্বতকৈ উন্নত হোৱাৰ বাবে ৰে'ল গাড়ীৰ সংখ্যাও বৃদ্ধি হৈছে। যাত্ৰীৰ সংখ্যাও দৈনিক বৃদ্ধি হৈছে। কিন্তু ইয়াৰ পৰিৱৰ্তে খালী হৈ থকা প্রয়োজনীয় পদসমূহ পূৰণ কৰা নাই। প্ৰতি বছৰে দুই কোটি নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্রুতি দিয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে অমৃত ভাৰতৰ নামত ইখনৰ পাছত সিখন ৰে'ল অন্তর্ভুক্ত কৰিছে ঠিকেই, কিন্তু ৰে'ল বিভাগৰ পদ বিলুপ্তিৰ বাবে এক ষড়যন্ত্ৰ ৰচনা কৰিছে। বিভাগটোৰ যদি ২ শতাংশ পদ বিলুপ্তি কৰিব লগা হয় তেন্তে মুঠ ২৯,৬০৮টা পদ চিৰদিনৰ বাবে বিলুপ্ত হ'ব। ইয়াৰ বিৰূপ প্রভাৱ এন এফ ৰে'লৱেতো পৰিব। কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্য হ'ল ভাৰতীয় ৰে'লৱেত এঘাৰ লাখ কৰ্মচাৰীক লৈ নতুন গতি শক্তিৰে চলাব বন্দে ভাৰত, তেজস্ব এক্সপ্রেছ, বুলেট ট্রেইন। 


তাৎপর্যপূর্ণ যে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শৱলী কাৰ্যকৰী হোৱাৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে ৰে'লৱেৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ পদ কর্তন কৰিবলৈ লোৱা হঠকাৰী সিদ্ধান্তই নিবনুৱা সমস্যা সমাধানতো ব্যাপক প্ৰভাৱ পেলাব। প্রণিধানযোগ্য যে ৰে'লৱে ব'র্ডে ২০২৪-২৫ বিত্তীয় বর্ষতো ২৮৮১৫টা পদ বিলুপ্তি ঘটাইছিল। দুটাকৈ বিত্তীয় বর্ষত অর্ধ লক্ষাধিক পদ ৰে'ল বিভাগৰ পৰা বিলুপ্তি ঘটোৱা হ'ল বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সময়ত। ইয়াকে লৈ বিভিন্ন মহলত এতিয়া প্রতিক্রিয়াৰো সৃষ্টি হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত