--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে দেশৰ ভিতৰতে শ্রেষ্ঠ গাঁও পঞ্চায়ত হিচাপে নানাজী দেশমুখ সর্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ-২০২৫ লাভ কৰিবলৈ সক্ষম হৈছে।

ডিজিটেল ডেস্ক: গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসম পুনৰবাৰ উজলি উঠিবলৈ সক্ষম হৈছে। ৰাজ্যৰ পঞ্চায়ত ব্যৱস্থাক অধিক শক্তিশালী আৰু জনমুখী কৰাৰ ব্যৱস্থাৰ ফলশ্ৰুতিত ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ তিনিখনকৈ পঞ্চায়তে বঁটা লাভ কৰি পুনৰবাৰ ৰাজ্যবাসীক গৌৰৱান্বিত কৰিবলৈ সক্ষম হৈছে। 


শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা-২০২৫ত অসমলৈ আহিছে ৩টাকৈ সন্মানীয় ৰাষ্ট্ৰীয় বঁটা। শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে দেশৰ ভিতৰতে শ্রেষ্ঠ গাঁও পঞ্চায়ত হিচাপে নানাজী দেশমুখ সর্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ-২০২৫ লাভ কৰিবলৈ সক্ষম হৈছে। 


আনহাতে, নগাঁও জিলাৰ জুমৰমূৰ গাঁওপঞ্চায়তে শ্ৰেষ্ঠ স্বচ্ছ আৰু সেউজ পঞ্চায়ত হিচাপে দীনদয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ-২০২৫ আৰু ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁওপঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ পঞ্চায়ত তিনিখনে লাভ কৰা এই সাফল্যৰ কথা ৰাজহুৱা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত