--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দুৰ্ঘটনাটোত বাহনখনৰ হেণ্ডিমেনজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁক উদ্ধাৰ কৰি প্ৰথমে মাইবং অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে হোজাইৰ হাম হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

ডিজিটেল ডেস্ক: ডিমা হাছাওৰ মাইবং অঞ্চলত কালি নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হৈছে। 


মাইবং আৰক্ষী থানাৰ অন্তৰ্গত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কালাচান্দত এই দুৰ্ঘটনাটো ঘটে। শিলচৰৰ পৰা লংকা অভিমুখে আহি থকা AS 31 C 5409 নম্বৰৰ এখন বলেৰো পিকআপ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা তললৈ বাগৰি পৰে।


নিশা প্ৰায় ১২:৩০ বজাত সংঘটিত এই দুৰ্ঘটনাত বাহনখনৰ চালক ইফতিকাৰ হুছেইন (৩৭) থিতাতে নিহত হয়। তেওঁ লংকাৰ বামুণ গাঁৱৰ বাসিন্দা আছিল।


দুৰ্ঘটনাটোত বাহনখনৰ হেণ্ডিমেনজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁক উদ্ধাৰ কৰি প্ৰথমে মাইবং অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে হোজাইৰ হাম হাস্পতাললৈ প্ৰেৰণ কৰা হয়।


মৃত চালকজনৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, ইফতিকাৰ হুছেইনে বলেৰো বাহনখনত শাক-পাচলি লৈ শিলচৰলৈ গৈছিল। কালি নিশা শিলচৰৰ পৰা লংকাৰ নিজ ঘৰলৈ উভতি অহাৰ পথতে এই ভয়ংকৰ দুৰ্ঘটনাই তেওঁৰ প্ৰাণ কাঢ়ি নিয়ে।


বিগত কিছুদিন ধৰি লামডিং-শিলচৰ সংযোগী এই ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো দুৰ্ঘটনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মাত্ৰ কেইদিনমান পূৰ্বে এই পথৰে হাতীখালি ফৰেষ্ট গেটৰ সন্মুখত সংঘটিত আন এক দুৰ্ঘটনাত শুভম বাউৰী নামৰ এজন ২৫ বছৰীয়া যুৱকৰ মৃত্যু হৈছিল।


ইটোৰ পিছত সিটো দুৰ্ঘটনাৰ বাবে স্থানীয় ৰাইজে পথছোৱাক এতিয়া 'অভিশপ্ত' বুলি অভিহিত কৰিছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান