--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উল্লেখযোগ্য যে মানকাচাৰ, বৰপেটা আৰু কলগছিয়াৰ পৰা আহি এই তিনিওজন দুৰ্ধৰ্ষ অপৰাধীয়ে গুৱাহাটীত আশ্ৰয় লৈ ডকাইতি কাণ্ডৰ পৰিকল্পনা কৰিছিল।

ডিজিটেল ডেস্ক: গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে শেহতীয়াকৈ এক দুঃসাহসিক অভিযান চলাই তিনিজন দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঠিক কোনো হিন্দী চিনেমাৰ এক্সন দৃশ্যৰ দৰেই আৰক্ষীয়ে বাইকেৰে খেদি খেদি এই গেংটোক কৰায়ত্ত কৰে।


এক চুৰিকাণ্ড সংঘটিত কৰি ডকাইতৰ দলটোৱে বাইকেৰে পলাই যাবলৈ চেষ্টা কৰিছিল। বশিষ্ঠ আৰক্ষীয়ে তৎপৰতাৰে তেওঁলোকক পিছে পিছে খেদি গৈ মাজপথতে ধৰিবলৈ সক্ষম হয়। গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এই দলটোৱে দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছিল।


আৰক্ষীৰ জালত পৰা এই তিনি মষ্ট ৱাণ্টেড ডকাইত হ’ল: ইউচুফ আলী,চানোৱাৰ হুছেইন আৰু তাইবুৰ আলী


উল্লেখযোগ্য যে মানকাচাৰ, বৰপেটা আৰু কলগছিয়াৰ পৰা আহি এই তিনিওজন দুৰ্ধৰ্ষ অপৰাধীয়ে গুৱাহাটীত আশ্ৰয় লৈ ডকাইতি কাণ্ডৰ পৰিকল্পনা কৰিছিল।


আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা বুজন পৰিমাণৰ সামগ্ৰী উদ্ধাৰ কৰিছে। কেজিয়ে কেজিয়ে সোণ আৰু ৰূপৰ অলংকাৰ উদ্ধাৰ কৰা হৈছে।


দলটোৱে বিভিন্ন ঠাইত চুৰি কৰি সেই সামগ্ৰীসমূহ বিভিন্ন জুৱেলাৰীত বিক্ৰী কৰি আহিছিল।


বশিষ্ঠ আৰক্ষীৰ এই সফলতাই মহানগৰীৰ জনসাধাৰণক কিছু সকাহ দিছে। দীৰ্ঘদিন ধৰি মহানগৰীত চুৰি-ডকাইতিৰে সন্ত্ৰাসৰ সৃষ্টি কৰা এই গেংটো ধৰা পৰাৰ পিছত এতিয়া অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান