--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উল্লেখযোগ্য যে মানকাচাৰ, বৰপেটা আৰু কলগছিয়াৰ পৰা আহি এই তিনিওজন দুৰ্ধৰ্ষ অপৰাধীয়ে গুৱাহাটীত আশ্ৰয় লৈ ডকাইতি কাণ্ডৰ পৰিকল্পনা কৰিছিল।

ডিজিটেল ডেস্ক: গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে শেহতীয়াকৈ এক দুঃসাহসিক অভিযান চলাই তিনিজন দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঠিক কোনো হিন্দী চিনেমাৰ এক্সন দৃশ্যৰ দৰেই আৰক্ষীয়ে বাইকেৰে খেদি খেদি এই গেংটোক কৰায়ত্ত কৰে।

এক চুৰিকাণ্ড সংঘটিত কৰি ডকাইতৰ দলটোৱে বাইকেৰে পলাই যাবলৈ চেষ্টা কৰিছিল। বশিষ্ঠ আৰক্ষীয়ে তৎপৰতাৰে তেওঁলোকক পিছে পিছে খেদি গৈ মাজপথতে ধৰিবলৈ সক্ষম হয়। গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এই দলটোৱে দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছিল।

আৰক্ষীৰ জালত পৰা এই তিনি মষ্ট ৱাণ্টেড ডকাইত হ’ল: ইউচুফ আলী,চানোৱাৰ হুছেইন আৰু তাইবুৰ আলী

উল্লেখযোগ্য যে মানকাচাৰ, বৰপেটা আৰু কলগছিয়াৰ পৰা আহি এই তিনিওজন দুৰ্ধৰ্ষ অপৰাধীয়ে গুৱাহাটীত আশ্ৰয় লৈ ডকাইতি কাণ্ডৰ পৰিকল্পনা কৰিছিল।

আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা বুজন পৰিমাণৰ সামগ্ৰী উদ্ধাৰ কৰিছে। কেজিয়ে কেজিয়ে সোণ আৰু ৰূপৰ অলংকাৰ উদ্ধাৰ কৰা হৈছে।

দলটোৱে বিভিন্ন ঠাইত চুৰি কৰি সেই সামগ্ৰীসমূহ বিভিন্ন জুৱেলাৰীত বিক্ৰী কৰি আহিছিল।

বশিষ্ঠ আৰক্ষীৰ এই সফলতাই মহানগৰীৰ জনসাধাৰণক কিছু সকাহ দিছে। দীৰ্ঘদিন ধৰি মহানগৰীত চুৰি-ডকাইতিৰে সন্ত্ৰাসৰ সৃষ্টি কৰা এই গেংটো ধৰা পৰাৰ পিছত এতিয়া অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ