--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দীৰ্ঘদিন ধৰি ধিং আৰু সমগ্ৰ নগাঁও জিলাত মহিলাৰ ডিঙিৰ চেইন কাঢ়ি আতংকৰ সৃষ্টি কৰা এই চক্ৰটোৰ মূল অভিযুক্ত মহিদুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ডিজিটেল ডেস্ক: ধিং আৰক্ষীৰ বৃহৎ সাফল্য। অৱশেষত জালত পৰিল কুখ্যাত চিলনী চোৰ মহিদুল ইছলাম। দীৰ্ঘদিন ধৰি ধিং আৰু সমগ্ৰ নগাঁও জিলাত মহিলাৰ ডিঙিৰ চেইন কাঢ়ি আতংকৰ সৃষ্টি কৰা এই চক্ৰটোৰ মূল অভিযুক্ত মহিদুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

বিগত প্ৰায় এমাহ ধৰি ধিং আৰক্ষীয়ে চলোৱা ধাৰাবাহিক অভিযানৰ অন্তত নগাঁৱৰ পৰা গ্ৰেপ্তাৰ হয় মূল অভিযুক্ত মহিদুল ইছলাম। ধিং আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত শেহতীয়াকৈ বৃদ্ধি পোৱা চিলনী চোৰৰ উপদ্ৰৱৰ সৈতে মহিদুল প্ৰত্যক্ষভাৱে জড়িত থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে।

চোৰটোৱে চুৰিকাণ্ড সংঘটিত কৰিবলৈ ব্যৱহাৰ কৰা পালছাৰ বাইকখনো আৰক্ষীয়ে জব্দ কৰিছে। বাইকখনৰ নম্বৰ AS 21 Q 6899।

ধৃত মহিদুল ইছলামৰ ঘৰ মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত বেলুগুৰিত।

এই চিলনী চোৰৰ চক্ৰটোত আন কোন কোন জড়িত আছে আৰু কাঢ়ি নিয়া অলংকাৰসমূহ কোনবোৰ সোণাৰীয়ে ক্ৰয় কৰিছিল, সেই সন্দৰ্ভত ধিং আৰক্ষীয়ে বৰ্তমান মহিদুলক মাৰাথান জেৰা চলাই আছে। অতি শীঘ্ৰেই এই চক্ৰটোৰ সৈতে জড়িত আন অভিযুক্তও কৰায়ত্ত হোৱাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ