--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দীৰ্ঘদিন ধৰি ধিং আৰু সমগ্ৰ নগাঁও জিলাত মহিলাৰ ডিঙিৰ চেইন কাঢ়ি আতংকৰ সৃষ্টি কৰা এই চক্ৰটোৰ মূল অভিযুক্ত মহিদুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ডিজিটেল ডেস্ক: ধিং আৰক্ষীৰ বৃহৎ সাফল্য। অৱশেষত জালত পৰিল কুখ্যাত চিলনী চোৰ মহিদুল ইছলাম। দীৰ্ঘদিন ধৰি ধিং আৰু সমগ্ৰ নগাঁও জিলাত মহিলাৰ ডিঙিৰ চেইন কাঢ়ি আতংকৰ সৃষ্টি কৰা এই চক্ৰটোৰ মূল অভিযুক্ত মহিদুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।


বিগত প্ৰায় এমাহ ধৰি ধিং আৰক্ষীয়ে চলোৱা ধাৰাবাহিক অভিযানৰ অন্তত নগাঁৱৰ পৰা গ্ৰেপ্তাৰ হয় মূল অভিযুক্ত মহিদুল ইছলাম। ধিং আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত শেহতীয়াকৈ বৃদ্ধি পোৱা চিলনী চোৰৰ উপদ্ৰৱৰ সৈতে মহিদুল প্ৰত্যক্ষভাৱে জড়িত থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে।


চোৰটোৱে চুৰিকাণ্ড সংঘটিত কৰিবলৈ ব্যৱহাৰ কৰা পালছাৰ বাইকখনো আৰক্ষীয়ে জব্দ কৰিছে। বাইকখনৰ নম্বৰ AS 21 Q 6899।


ধৃত মহিদুল ইছলামৰ ঘৰ মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত বেলুগুৰিত।


এই চিলনী চোৰৰ চক্ৰটোত আন কোন কোন জড়িত আছে আৰু কাঢ়ি নিয়া অলংকাৰসমূহ কোনবোৰ সোণাৰীয়ে ক্ৰয় কৰিছিল, সেই সন্দৰ্ভত ধিং আৰক্ষীয়ে বৰ্তমান মহিদুলক মাৰাথান জেৰা চলাই আছে। অতি শীঘ্ৰেই এই চক্ৰটোৰ সৈতে জড়িত আন অভিযুক্তও কৰায়ত্ত হোৱাৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান