--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২১ ডিচেম্বৰত অনুষ্ঠিত হ’ব জি এছ টি কাউন্সিলৰ বৈঠক৷ এই বৈঠকৰ পূৰ্বে জি এছ টি পৰিষদে মন্ত্ৰী গোটৰ পৰা চিগাৰেট, ধঁপাত আৰু শীতল পানীয়ৰ দৰে সামগ্ৰীৰ জি এছ টিৰ হাৰ বৰ্তমানৰ ২৮ শতাংশৰ পৰা ৩৫ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ লাভ কৰিছে। মুঠ ১৪৮টা বস্তুৰ কৰ হাৰ সলনি কৰাৰ প্ৰস্তাৱ মন্ত্ৰী গোটে জি এছ টি পৰিষদলৈ প্ৰেৰণ কৰিছে। ২১ ডিচেম্বৰত জি এছ টি পৰিষদৰ বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব৷

সোমবাৰে যুক্তিসংগত জিএছটিৰ হাৰ নিৰ্ণয়ৰ বাবে গঠন কৰা মন্ত্ৰী গোটটোৱে চিগাৰেট আৰু ধঁপাতৰ লগতে শীতল পানীয়ৰ দৰে ক্ষতিকাৰক সামগ্ৰীৰ জিএছটিৰ হাৰ বৰ্তমানৰ ২৮ শতাংশৰ পৰা ৩৫ শতাংশলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়াইছে।যদি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে, তেন্তে এই সামগ্ৰীসমূহৰ মূল্যত বৃহৎ পৰিৱৰ্তন আহিব৷

চৰকাৰী সূত্ৰত প্ৰকাশিত এক খবৰ অনুসৰি ১৫০০ টকা পৰ্যন্ত মূল্যৰ ৰেডিমেড কাপোৰৰ ওপৰত ৫ শতাংশ , ১৫০০ৰ পৰা ১০ হাজাৰ টকাৰ ওপৰত কাপোৰৰ ১৮ শতাংশ  আৰু ১০ হাজাৰতকৈ অধিক মূল্যৰ কাপোৰৰ ওপৰত ২৮ শতাংশ কৰ আৰোপ কৰাৰ কথা উল্লেখ কৰিছে।

২১ ডিচেম্বৰত অধ্যক্ষতাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতা ৰাজস্থানৰ জয়ছালমেৰত অনুষ্ঠিত হ’বলগীয়া জি এছ টি পৰিষদৰ ৫৫ তম বৈঠকত মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে।ৰাজ্যসমূহৰ বিত্তমন্ত্ৰীসকলেও এই পৰিষদত অংশগ্ৰহণ কৰিব। আৱশ্যে জি এছ টিৰ হাৰৰ পৰিৱৰ্তন সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত কেৱল জি এছ টি পৰিষদেহে ল’ব।

উল্লেখয্যগ্য যে পুৰণি পৰোক্ষ কৰ ব্যৱস্থাৰ পৰিৱৰ্তে ২০১৭ চনত সমগ্ৰ দেশতে সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) কাৰ্যকৰী কৰা হৈছিল। চৰকাৰে ২০১৭ চনৰ ২৯ মাৰ্চত জি এছ টি গৃহীত কৰাৰ পাছত ২০১৭ চনৰ ১ জুলাইত এই নতুন কৰ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল। ইয়াৰ লগে লগে বাতিল কৰা হৈছিল ভেট, আবকাৰী শুল্ক (বহুত বস্তুৰ ওপৰত) আৰু সেৱা  আদি কৰ৷ কেন্দ্ৰীয় চৰকাৰৰ মতে, ৭ বছৰ পূৰ্বে কাৰ্যকৰী হোৱা জি এছ টিয়ে দেশৰ জনসাধাৰণৰ ওপৰত কৰ বোজা হ্ৰাস কৰাত সহায় কৰিছে আৰু জি এছ টিৰ হাৰ বৃদ্ধিৰ অৰ্থ হ’ল চৰকাৰী কোষাগাৰলৈ ধন অহা বুলিও মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ