--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২১ ডিচেম্বৰত অনুষ্ঠিত হ’ব জি এছ টি কাউন্সিলৰ বৈঠক৷ এই বৈঠকৰ পূৰ্বে জি এছ টি পৰিষদে মন্ত্ৰী গোটৰ পৰা চিগাৰেট, ধঁপাত আৰু শীতল পানীয়ৰ দৰে সামগ্ৰীৰ জি এছ টিৰ হাৰ বৰ্তমানৰ ২৮ শতাংশৰ পৰা ৩৫ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ লাভ কৰিছে। মুঠ ১৪৮টা বস্তুৰ কৰ হাৰ সলনি কৰাৰ প্ৰস্তাৱ মন্ত্ৰী গোটে জি এছ টি পৰিষদলৈ প্ৰেৰণ কৰিছে। ২১ ডিচেম্বৰত জি এছ টি পৰিষদৰ বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব৷

সোমবাৰে যুক্তিসংগত জিএছটিৰ হাৰ নিৰ্ণয়ৰ বাবে গঠন কৰা মন্ত্ৰী গোটটোৱে চিগাৰেট আৰু ধঁপাতৰ লগতে শীতল পানীয়ৰ দৰে ক্ষতিকাৰক সামগ্ৰীৰ জিএছটিৰ হাৰ বৰ্তমানৰ ২৮ শতাংশৰ পৰা ৩৫ শতাংশলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়াইছে।যদি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে, তেন্তে এই সামগ্ৰীসমূহৰ মূল্যত বৃহৎ পৰিৱৰ্তন আহিব৷

চৰকাৰী সূত্ৰত প্ৰকাশিত এক খবৰ অনুসৰি ১৫০০ টকা পৰ্যন্ত মূল্যৰ ৰেডিমেড কাপোৰৰ ওপৰত ৫ শতাংশ , ১৫০০ৰ পৰা ১০ হাজাৰ টকাৰ ওপৰত কাপোৰৰ ১৮ শতাংশ  আৰু ১০ হাজাৰতকৈ অধিক মূল্যৰ কাপোৰৰ ওপৰত ২৮ শতাংশ কৰ আৰোপ কৰাৰ কথা উল্লেখ কৰিছে।

২১ ডিচেম্বৰত অধ্যক্ষতাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতা ৰাজস্থানৰ জয়ছালমেৰত অনুষ্ঠিত হ’বলগীয়া জি এছ টি পৰিষদৰ ৫৫ তম বৈঠকত মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে।ৰাজ্যসমূহৰ বিত্তমন্ত্ৰীসকলেও এই পৰিষদত অংশগ্ৰহণ কৰিব। আৱশ্যে জি এছ টিৰ হাৰৰ পৰিৱৰ্তন সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত কেৱল জি এছ টি পৰিষদেহে ল’ব।

উল্লেখয্যগ্য যে পুৰণি পৰোক্ষ কৰ ব্যৱস্থাৰ পৰিৱৰ্তে ২০১৭ চনত সমগ্ৰ দেশতে সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) কাৰ্যকৰী কৰা হৈছিল। চৰকাৰে ২০১৭ চনৰ ২৯ মাৰ্চত জি এছ টি গৃহীত কৰাৰ পাছত ২০১৭ চনৰ ১ জুলাইত এই নতুন কৰ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল। ইয়াৰ লগে লগে বাতিল কৰা হৈছিল ভেট, আবকাৰী শুল্ক (বহুত বস্তুৰ ওপৰত) আৰু সেৱা  আদি কৰ৷ কেন্দ্ৰীয় চৰকাৰৰ মতে, ৭ বছৰ পূৰ্বে কাৰ্যকৰী হোৱা জি এছ টিয়ে দেশৰ জনসাধাৰণৰ ওপৰত কৰ বোজা হ্ৰাস কৰাত সহায় কৰিছে আৰু জি এছ টিৰ হাৰ বৃদ্ধিৰ অৰ্থ হ’ল চৰকাৰী কোষাগাৰলৈ ধন অহা বুলিও মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক