--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাপকৰ্মই আগুৰিছে সময়। মানুহে ইমানেই পাপ কৰিবলৈ ধৰিছে যে বলি হৈছে নিজ সন্তানো। এগৰাকী মাতৃয়ে পৰকীয়া প্ৰেমত মত্ত হৈ হত্যা কৰিলে নিজ সন্তানক।

উত্তৰ প্ৰদেশৰ বৰেলীত সংঘটিত হৈছে এই ঘৃণনীয় ঘটনা। আনম নামৰ মহিলাগৰাকীয়ে প্ৰেমিকৰ লগত ফোনত কথা পাতিছিল। সেই সময়তে তেওঁৰ দুবছৰীয়া ছোৱালীজনীয়ে প্ৰেমালাপত বাধা দি অশান্তি দিছিল। এই কথাত বিৰক্ত হৈ ছোৱালীজনীক ছাদৰ পৰা পেলাই দিয়ে মাতৃয়ে। 

পৰিয়ালৰ লোকে প্ৰথমে ইয়াক দুৰ্ঘটনা বুলি গণ্য কৰিছিল। কিন্তু চুবুৰীয়াৰ চিচিটিভিৰ জৰিয়তে মহিলাগৰাকীৰ কুকাৰ্য পোহৰলৈ আহে। বৰ্তমান আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে।

কন্যাক হত্যা কৰাৰ পাছত আনমে ইয়াক দুৰ্ঘটনা যেন দেখুৱাবলৈ চেষ্টা কৰিছিল। ছোৱালীজনীৰ মৃত্যু হৈছে বুলি দুখত কান্দি-কাটি আউলী-বাউলী হৈছিল। কিন্তু তেওঁৰ এই অভিনয় সোনকালেই পোহৰলৈ আহিল। 

ঘটনাটো পোহৰলৈ অহাৰ পাছতেই পত্নী আনমৰ বিৰুদ্ধে স্বামী মুৰ্ছিদে এজাহাৰ দাখিল কৰে। জেৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মহিলাগৰাকীক।

এটা কাৰখানাত ৱেল্ডাৰ হিচাপে কাম কৰা মুৰ্ছিদ ঘটনাটো ঘটাৰ সময়ত ঘৰত নাছিল। এই সময়ছোৱাত পত্নী আনমে কন্যাক ঘৰৰ ওপৰৰ ছাদৰ পৰা তললৈ পেলাই দিয়ে আৰু স্বামীক কন্যা আহত হোৱাৰ কথা অৱগত কৰে। এই তথ্য লাভ কৰাৰ লগে লগে মুৰ্ছিদে ঘৰলৈ দৌৰি গৈ কন্যাক চিকিৎসালয়লৈ লৈ যায় আৰু তাতেই কন্যাক চিকিৎসকে মৃত ঘোষণা কৰে। সকলোৱে প্ৰথমে ইয়াক দুৰ্ঘটনা বুলি ভাবিছিল যদিও চিচিটিভিয়ে সকলো কাণ্ড পোহৰলৈ আনি সত্য উদঙাই দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?