--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাপকৰ্মই আগুৰিছে সময়। মানুহে ইমানেই পাপ কৰিবলৈ ধৰিছে যে বলি হৈছে নিজ সন্তানো। এগৰাকী মাতৃয়ে পৰকীয়া প্ৰেমত মত্ত হৈ হত্যা কৰিলে নিজ সন্তানক।

উত্তৰ প্ৰদেশৰ বৰেলীত সংঘটিত হৈছে এই ঘৃণনীয় ঘটনা। আনম নামৰ মহিলাগৰাকীয়ে প্ৰেমিকৰ লগত ফোনত কথা পাতিছিল। সেই সময়তে তেওঁৰ দুবছৰীয়া ছোৱালীজনীয়ে প্ৰেমালাপত বাধা দি অশান্তি দিছিল। এই কথাত বিৰক্ত হৈ ছোৱালীজনীক ছাদৰ পৰা পেলাই দিয়ে মাতৃয়ে। 

পৰিয়ালৰ লোকে প্ৰথমে ইয়াক দুৰ্ঘটনা বুলি গণ্য কৰিছিল। কিন্তু চুবুৰীয়াৰ চিচিটিভিৰ জৰিয়তে মহিলাগৰাকীৰ কুকাৰ্য পোহৰলৈ আহে। বৰ্তমান আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে।

কন্যাক হত্যা কৰাৰ পাছত আনমে ইয়াক দুৰ্ঘটনা যেন দেখুৱাবলৈ চেষ্টা কৰিছিল। ছোৱালীজনীৰ মৃত্যু হৈছে বুলি দুখত কান্দি-কাটি আউলী-বাউলী হৈছিল। কিন্তু তেওঁৰ এই অভিনয় সোনকালেই পোহৰলৈ আহিল। 

ঘটনাটো পোহৰলৈ অহাৰ পাছতেই পত্নী আনমৰ বিৰুদ্ধে স্বামী মুৰ্ছিদে এজাহাৰ দাখিল কৰে। জেৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মহিলাগৰাকীক।

এটা কাৰখানাত ৱেল্ডাৰ হিচাপে কাম কৰা মুৰ্ছিদ ঘটনাটো ঘটাৰ সময়ত ঘৰত নাছিল। এই সময়ছোৱাত পত্নী আনমে কন্যাক ঘৰৰ ওপৰৰ ছাদৰ পৰা তললৈ পেলাই দিয়ে আৰু স্বামীক কন্যা আহত হোৱাৰ কথা অৱগত কৰে। এই তথ্য লাভ কৰাৰ লগে লগে মুৰ্ছিদে ঘৰলৈ দৌৰি গৈ কন্যাক চিকিৎসালয়লৈ লৈ যায় আৰু তাতেই কন্যাক চিকিৎসকে মৃত ঘোষণা কৰে। সকলোৱে প্ৰথমে ইয়াক দুৰ্ঘটনা বুলি ভাবিছিল যদিও চিচিটিভিয়ে সকলো কাণ্ড পোহৰলৈ আনি সত্য উদঙাই দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ