--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱেম্বৰ পাৰ হৈ ডিচেম্বৰ সোমাল এতিয়াও দিল্লীত পৰা নাই ঠাণ্ডা । ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ গড় উষ্ণতাও অধিক হৈয়ে আছে। ৰাজধানী দিল্লীত শীতকালৰ আগমন পলম হৈছে। একে সময়তে বতৰ বিজ্ঞান বিভাগে মঙলবাৰে লঘু কুঁৱলীৰ ভৱিষ্যদ্বাণী কৰিছে। দিনটোত আকাশ পৰিষ্কাৰ হ’ব। সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা ক্ৰমে প্ৰায় ২৭ ডিগ্ৰী চেলছিয়াছ আৰু ১১ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে।

সাধাৰণতে ডিচেম্বৰৰ প্ৰথম সপ্তাহত তাপমাত্ৰা প্ৰায় ২৪ৰ পৰা ২৬ ডিগ্ৰী থাকে। পূৰ্বাভাস অনুসৰি চলিত বৰ্ষৰ ৮ ডিচেম্বৰলৈকে তাপমাত্ৰা ২৬ ডিগ্ৰী তললৈ যোৱাৰ সম্ভাৱনা নাই। এইবাৰ গোটেই দিনটো ২৬ বা ২৭ ডিগ্ৰীত থাকিব বুলি আশা কৰা হৈছে। ২০১১ চনৰ পৰা এতিয়ালৈকে ডিচেম্বৰৰ প্ৰথম সপ্তাহত এনে বতৰৰ ধৰণ পূৰ্বে নাছিল।

কেৱল এয়াই নহয়, বাৰিষা যোৱাৰ পিছৰে পৰা ৰাজধানীত বৰষুণ হোৱা নাই। ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰাই ৰাজধানী দিল্লী চহৰৰ বতৰ শুকান হৈ পৰিছে। অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ মাহত বৰষুণৰ পৰিমাণ অতি কম। কিন্তু এই বৰষুণ শীত বৃদ্ধিৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি যোৱা কেইবছৰমানৰ পৰা নৱেম্বৰ মাহৰ উষ্ণতা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। ২০১৬ চনৰ নৱেম্বৰ মাহত আটাইতকৈ উষ্ণ, তাৰ পিছতে ২০২৪, ২০০০, ২০০৭ আৰু ২০১৮ চন। বিজ্ঞানীসকলৰ মতে লা নীনাৰ অনুপস্থিতিৰ বাবে এই বছৰ শীতকাল স্বাভাৱিকতকৈ উষ্ণ হ’ব পাৰে। লা নিনা সাধাৰণতে ঠাণ্ডা শীতকালৰ সৈতে জড়িত যদিও এই বছৰ এই পৰিঘটনা হোৱা নাই।

আইএমডিৰ সঞ্চালক প্ৰধান এম মহাপাত্ৰই কয় যে ‘সাধাৰণতে আমি উত্তৰ-পশ্চিম, মধ্য, পূব আৰু উত্তৰ-পূব ভাৰতকে সামৰি লোৱা শীতল ঢৌ অঞ্চলত ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে ৫-৬ দিন শীতল ঢৌ দেখা পাওঁ। এইবাৰ গড় হিচাপতকৈ ২-৪ দিন কম শীতল ঢৌৰ দিন আশা কৰিব পাৰি।’

বছৰৰ অন্তিম মাহৰ তিনিদিন পাৰ হৈ গ’ল যদিও দিল্লী-নয়দাত গৰমৰ ঢৌ অব্যাহত আছে। এইবাৰ হয়তো শীতকালৰ বাবে অপেক্ষা কৰি থকা ৰাজধানীৰ জনসাধাৰণৰ আশা ভেঙুচালি হ’ব৷ আচলতে শেহতীয়াকৈ আইএমডিয়ে এটা ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি এইবাৰ দিল্লীকে ধৰি উত্তৰ ভাৰতত প্ৰতি বছৰে যিমান ঠাণ্ডা হয়, সিমান ঠাণ্ডা নহ’ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?