--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱেম্বৰ পাৰ হৈ ডিচেম্বৰ সোমাল এতিয়াও দিল্লীত পৰা নাই ঠাণ্ডা । ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ গড় উষ্ণতাও অধিক হৈয়ে আছে। ৰাজধানী দিল্লীত শীতকালৰ আগমন পলম হৈছে। একে সময়তে বতৰ বিজ্ঞান বিভাগে মঙলবাৰে লঘু কুঁৱলীৰ ভৱিষ্যদ্বাণী কৰিছে। দিনটোত আকাশ পৰিষ্কাৰ হ’ব। সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা ক্ৰমে প্ৰায় ২৭ ডিগ্ৰী চেলছিয়াছ আৰু ১১ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে।

সাধাৰণতে ডিচেম্বৰৰ প্ৰথম সপ্তাহত তাপমাত্ৰা প্ৰায় ২৪ৰ পৰা ২৬ ডিগ্ৰী থাকে। পূৰ্বাভাস অনুসৰি চলিত বৰ্ষৰ ৮ ডিচেম্বৰলৈকে তাপমাত্ৰা ২৬ ডিগ্ৰী তললৈ যোৱাৰ সম্ভাৱনা নাই। এইবাৰ গোটেই দিনটো ২৬ বা ২৭ ডিগ্ৰীত থাকিব বুলি আশা কৰা হৈছে। ২০১১ চনৰ পৰা এতিয়ালৈকে ডিচেম্বৰৰ প্ৰথম সপ্তাহত এনে বতৰৰ ধৰণ পূৰ্বে নাছিল।

কেৱল এয়াই নহয়, বাৰিষা যোৱাৰ পিছৰে পৰা ৰাজধানীত বৰষুণ হোৱা নাই। ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰাই ৰাজধানী দিল্লী চহৰৰ বতৰ শুকান হৈ পৰিছে। অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ মাহত বৰষুণৰ পৰিমাণ অতি কম। কিন্তু এই বৰষুণ শীত বৃদ্ধিৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি যোৱা কেইবছৰমানৰ পৰা নৱেম্বৰ মাহৰ উষ্ণতা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। ২০১৬ চনৰ নৱেম্বৰ মাহত আটাইতকৈ উষ্ণ, তাৰ পিছতে ২০২৪, ২০০০, ২০০৭ আৰু ২০১৮ চন। বিজ্ঞানীসকলৰ মতে লা নীনাৰ অনুপস্থিতিৰ বাবে এই বছৰ শীতকাল স্বাভাৱিকতকৈ উষ্ণ হ’ব পাৰে। লা নিনা সাধাৰণতে ঠাণ্ডা শীতকালৰ সৈতে জড়িত যদিও এই বছৰ এই পৰিঘটনা হোৱা নাই।

আইএমডিৰ সঞ্চালক প্ৰধান এম মহাপাত্ৰই কয় যে ‘সাধাৰণতে আমি উত্তৰ-পশ্চিম, মধ্য, পূব আৰু উত্তৰ-পূব ভাৰতকে সামৰি লোৱা শীতল ঢৌ অঞ্চলত ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে ৫-৬ দিন শীতল ঢৌ দেখা পাওঁ। এইবাৰ গড় হিচাপতকৈ ২-৪ দিন কম শীতল ঢৌৰ দিন আশা কৰিব পাৰি।’

বছৰৰ অন্তিম মাহৰ তিনিদিন পাৰ হৈ গ’ল যদিও দিল্লী-নয়দাত গৰমৰ ঢৌ অব্যাহত আছে। এইবাৰ হয়তো শীতকালৰ বাবে অপেক্ষা কৰি থকা ৰাজধানীৰ জনসাধাৰণৰ আশা ভেঙুচালি হ’ব৷ আচলতে শেহতীয়াকৈ আইএমডিয়ে এটা ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি এইবাৰ দিল্লীকে ধৰি উত্তৰ ভাৰতত প্ৰতি বছৰে যিমান ঠাণ্ডা হয়, সিমান ঠাণ্ডা নহ’ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ