--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : তালিবানশাসিত আফগানিস্তানত এতিয়া সুলভ হৈ পৰিছে মৃত্যু। ইটোৰ পাছত সিটো বিস্ফোৰণে ধাৰাবাহিকভাৱে জোকাৰি গৈছে আফগানিস্তানক। শুকুৰবাবে আকৌ এবাৰ বিস্ফোৰণৰ কঁপি উঠিল সন্ত্ৰাসজৰ্জৰ দেশখন। শুকুৰবৰীয়া নামাজৰ বাবে এটা মছজিদত সমবেত হোৱা লোকলকলক তচনচ কৰি পেলায় এটা ভয়ংকৰ বিস্ফোৰণে। বিগত ৩৬ ঘণ্টাত ছটাকৈ বিস্ফোৰণত কঁপি উঠিছে দেশখন! শুকুবৰীয়া নামাজৰ সময়ত উত্তৰ আফগানিস্তানৰ এটা মছজিদত আক্ৰমণটো সংঘটিত হৈছিল। এই বিস্ফোৰণত  ৩৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। 

মৃতসকলৰ ভিতৰত কেইবাটাও শিশুও আছিল। তালিবানে দাবী কৰিছিল যে উগ্ৰপন্থী দল আইএছ-এ ইতিমধ্যে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে। আফগানিস্তানত তালিবান পুনৰ ক্ষমতা লাভ কৰাৰ পাছত, দেশখনত জেহাদী কাৰ্যকলাপ বৃদ্ধি পাইছে। ইয়াৰ আগতে, যেতিয়া আমেৰিকা চৰকাৰৰ সহায়ত আফগানিস্তানত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ চেষ্টা কৰা হৈছিল, তালিবান উগ্ৰপন্থীয়ে আক্ৰমণ চলাইছিল। আইএছ-এ এতিয়া একেই সন্ত্ৰাসবাদ চলাই আছে। এই সপ্তাহত কেইবাটাও আক্ৰমণত আফগানসকলক আক্ৰমণ কৰা হৈছে। ভালেমান লোকৰ মৃত্যু হৈছে। আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে আক্ৰমণকাৰীসকলে আনকি শিশুসকলকো ৰেহাই দিয়া নাই। তেওঁলোকে মছজিদৰ কাষত থকা শিশু বিদ্যালয়সমূহকো লক্ষ্য কৰি লৈছে।

তালিবান চৰকাৰৰ হৈ ইয়াৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে শুকুৰবাৰে এই আক্ৰমণক গৰিহণা দি টুইট কৰিছে। তেওঁ কয় এই মাৰাত্মক আক্ৰমণটো উত্তৰ আফগানিস্তানৰ কুন্দুজ প্ৰদেশত সংঘটিত হৈছিল। ঘটনাটোত কমেও ৪৩ জন লোক আহত হোৱাৰ লগতে ৩৩ জনলোকৰ মৃত্যু হৈছে। তালিবান চৰকাৰে নিহত আৰু আহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। তালিবান চৰকাৰৰ এজন চোৰাংচোৱা বিষয়াই সদৰি কৰা অনুসৰি এই বিস্ফোৰণত শক্তিশালী বোমা ব্যৱহাৰ কৰা হৈছিল। অৱশ্যে, কেনে ধৰণৰ বোমা ব্যৱহাৰ কৰা হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

বিস্ফোৰণৰ পাছতে আন্তৰ্জাতিক সংবাদ সংস্থাৰ প্ৰতিনিধিসকল ঘটনাস্থলীত উপস্থিত হৈছিল। তেওঁলোকে কৈছিল যে আক্ৰমণটো কুন্দুজৰ ইমাম চাহিব জিলাৰ মৌলৱী ছিকন্দৰ মছজিদত সংঘটিত হৈছিল। বিস্ফোৰণৰ তীব্ৰতা ইমান বেছি আছিল যে মছজিদৰ দেৱালৰ এফালৰ এটা অংশত বৃহৎ ছিদ্ৰৰ সৃষ্টি হৈছিল আৰু আনটো অংশ সম্পূৰ্ণৰূপে খহি পৰিছিল।

এজন ভয়ংকৰ ঘটনাৰ এজন প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা অনুসৰি আক্ৰমণৰ পাছত মছজিদৰ অৱস্থা দেখি তেওঁ হতবাক হৈ পৰিছিল। নামাজৰ বাবে মছজিদৰ ভিতৰত সমবেত হোৱাসকলৰ মাজৰ এজনো অক্ষত অৱস্থাত নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন