--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধই ৫৯দিন অতিক্ৰম কৰাৰ পাছত নিতৌ নতুন নতুন তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ পোৱা খবৰ অনুসৰি, ইউক্ৰেইনক কেন্দ্ৰ কৰি বৃদ্ধি পাইছে নিষেধাজ্ঞাৰ জোঁৱাৰ। মাৰ্ক জুকাৰবাৰ্গক নিষিদ্ধ কৰিছে ৰাছিয়াই। কেৱল  মেটাৰ চিইঅ' মাৰ্ক জুকাৰবাৰ্গে নহয়, আমেৰিকাৰ উপ-সভাপতি কমলা হেৰিছ, লিংকড ইনৰ মুখ্য কাৰ্যবাহী বিষয়া ৰিয়ান ৰোচাল’নস্কি আৰু কেইবাজনো সাংবাদিকক ৰাছিয়াত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা বুলি খবৰ ওলাইছে। অনিৰ্দিষ্টকালৰ বাবে নিষেধাজ্ঞা আৰোপ কৰি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে কয়, ‘এওঁলোকে ৰাছিয়াত প্ৰৱেশ কৰিব নোৱাৰিব।’ 

অৱশ্যে, টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালাৰ নাম মস্কোৰ নিষেধাজ্ঞাৰ তালিকাত নাই। তেওঁৰ ক্ষেত্ৰত কিয় নমনীয় স্থিতি গ্ৰহণ কৰিছে কৰ্তৃপক্ষই, তাক লৈ এতিয়া প্ৰশ্ন উঠিছে। ২৯ জন আমেৰিকান আৰু ৬১ জন কানাডিয়ানক নিষিদ্ধ কৰিছে মস্কোৱে।

ইফালে, মাৰ্ক জুকাৰবাৰ্গৰ ৰাছিয়াত প্ৰৱেশৰ ওপৰত নিষেধাজ্ঞাৰ প্ৰসংগক লৈ বিস্ময়ৰ কোনো কাৰণ নাই বুলি সদৰী কৰিছে পৰ্যবেক্ষকসকলে। ইয়াৰপূৰ্বেও, মস্কোৱে উগ্ৰপন্থী আইনৰ অধীনত ফেচবুক, ইনষ্টাগ্ৰাম নিষিদ্ধ কৰিছিল। ৰাছিয়াত সৰ্বাধিক ব্যৱহৃত এই দুটা এপৰ বিৰূদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকাৰ অভিযোগ উত্থাপিত হৈছিল। ভ্লাদিমিৰ পুটিনৰ প্ৰশাসনে মেটাৰ বহুতো প্লেটফৰ্মক সন্ত্ৰাসবাদী আখ্যা দিছে।

ফেচবুকৰ আন এক জনপ্ৰিয় প্লেটফৰ্ম হোৱাটছএপক অৱশ্যে  নিষিদ্ধ কৰা নাই ৰাছিয়াই। ৰাছিয়াই কয়, ‘হোৱাটছএপ যোগাযোগৰ এটা মাধ্যম আৰু ই বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ নকৰে।’  ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা টিএএএছএছৰ মতে, এফএছবিৰ প্ৰতিনিধি ইগৰ কোভালেভস্কিয়ে মেটা-সংগঠনৰ কাৰ্যকলাপৰ নিৰ্দেশনা ৰাছিয়া আৰু ইয়াৰ সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে আছিল বুলি আদালতত জনাইছিল। 

স্মৰ্তব্য যে, মেটাই ব্যৱহাৰকাৰীসকলক কিছু সময়ৰ বাবে ফেচবুক আৰু ইনষ্টাগ্ৰামত পুটিনৰ মৃত্যুকামনা কৰি বাৰ্তা পোষ্ট কৰিবলৈ অনুমতি দিছিল। অৱশ্যে, নিষেধাজ্ঞাৰ বাৰ্তা বিয়পি পৰাৰ পূৰ্বে এই অনুমতি প্ৰত্যাহাৰ কৰা হৈছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। মেটাই বিগত সপ্তাহত ৰাছিয়া, ইউক্ৰেইন, জৰ্জিয়া, পোলেণ্ডৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক পুটিনৰ মৃত্যু কামনাৰে বাৰ্তা পোষ্ট কৰিবলৈ অনুমতি দিয়াৰ অপৰাধতে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰাছিয়াই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ