--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধই ৫৯দিন অতিক্ৰম কৰাৰ পাছত নিতৌ নতুন নতুন তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ পোৱা খবৰ অনুসৰি, ইউক্ৰেইনক কেন্দ্ৰ কৰি বৃদ্ধি পাইছে নিষেধাজ্ঞাৰ জোঁৱাৰ। মাৰ্ক জুকাৰবাৰ্গক নিষিদ্ধ কৰিছে ৰাছিয়াই। কেৱল  মেটাৰ চিইঅ' মাৰ্ক জুকাৰবাৰ্গে নহয়, আমেৰিকাৰ উপ-সভাপতি কমলা হেৰিছ, লিংকড ইনৰ মুখ্য কাৰ্যবাহী বিষয়া ৰিয়ান ৰোচাল’নস্কি আৰু কেইবাজনো সাংবাদিকক ৰাছিয়াত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা বুলি খবৰ ওলাইছে। অনিৰ্দিষ্টকালৰ বাবে নিষেধাজ্ঞা আৰোপ কৰি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে কয়, ‘এওঁলোকে ৰাছিয়াত প্ৰৱেশ কৰিব নোৱাৰিব।’ 

অৱশ্যে, টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালাৰ নাম মস্কোৰ নিষেধাজ্ঞাৰ তালিকাত নাই। তেওঁৰ ক্ষেত্ৰত কিয় নমনীয় স্থিতি গ্ৰহণ কৰিছে কৰ্তৃপক্ষই, তাক লৈ এতিয়া প্ৰশ্ন উঠিছে। ২৯ জন আমেৰিকান আৰু ৬১ জন কানাডিয়ানক নিষিদ্ধ কৰিছে মস্কোৱে।

ইফালে, মাৰ্ক জুকাৰবাৰ্গৰ ৰাছিয়াত প্ৰৱেশৰ ওপৰত নিষেধাজ্ঞাৰ প্ৰসংগক লৈ বিস্ময়ৰ কোনো কাৰণ নাই বুলি সদৰী কৰিছে পৰ্যবেক্ষকসকলে। ইয়াৰপূৰ্বেও, মস্কোৱে উগ্ৰপন্থী আইনৰ অধীনত ফেচবুক, ইনষ্টাগ্ৰাম নিষিদ্ধ কৰিছিল। ৰাছিয়াত সৰ্বাধিক ব্যৱহৃত এই দুটা এপৰ বিৰূদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকাৰ অভিযোগ উত্থাপিত হৈছিল। ভ্লাদিমিৰ পুটিনৰ প্ৰশাসনে মেটাৰ বহুতো প্লেটফৰ্মক সন্ত্ৰাসবাদী আখ্যা দিছে।

ফেচবুকৰ আন এক জনপ্ৰিয় প্লেটফৰ্ম হোৱাটছএপক অৱশ্যে  নিষিদ্ধ কৰা নাই ৰাছিয়াই। ৰাছিয়াই কয়, ‘হোৱাটছএপ যোগাযোগৰ এটা মাধ্যম আৰু ই বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ নকৰে।’  ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা টিএএএছএছৰ মতে, এফএছবিৰ প্ৰতিনিধি ইগৰ কোভালেভস্কিয়ে মেটা-সংগঠনৰ কাৰ্যকলাপৰ নিৰ্দেশনা ৰাছিয়া আৰু ইয়াৰ সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে আছিল বুলি আদালতত জনাইছিল। 

স্মৰ্তব্য যে, মেটাই ব্যৱহাৰকাৰীসকলক কিছু সময়ৰ বাবে ফেচবুক আৰু ইনষ্টাগ্ৰামত পুটিনৰ মৃত্যুকামনা কৰি বাৰ্তা পোষ্ট কৰিবলৈ অনুমতি দিছিল। অৱশ্যে, নিষেধাজ্ঞাৰ বাৰ্তা বিয়পি পৰাৰ পূৰ্বে এই অনুমতি প্ৰত্যাহাৰ কৰা হৈছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। মেটাই বিগত সপ্তাহত ৰাছিয়া, ইউক্ৰেইন, জৰ্জিয়া, পোলেণ্ডৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক পুটিনৰ মৃত্যু কামনাৰে বাৰ্তা পোষ্ট কৰিবলৈ অনুমতি দিয়াৰ অপৰাধতে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰাছিয়াই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত