--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩৭ বছৰ লিভ ইনত থকা এক প্ৰেমিক যুগুল। ৩৭ বছৰ লিভ ইনত থকাৰ পাছত অৱশেষত তেওঁলোকে বিবাহ কৰাৰ সিদ্ধান্ত লোৱা হয়। বিয়াৰ সময়ত প্ৰেমিকৰ বয়স ৯০ আৰু প্ৰেমিকাৰ বয়স ৯২! নৱদম্পতিৰ এই বিয়াখনক লৈ তেওঁলোকৰ পৰিয়ালৰ লোক খুবেই সুখী। মৰিছ বেণ্টন আৰু তেওঁৰ পত্নী জোয়েন অৰিছৰ এই প্ৰেম কাহিনীয়ে সকলো দৃষ্টি কাঢ়িছে। তেওঁলোকৰ প্ৰেম কাহিনী বিষয়ে এখন জনপ্ৰিয় বাতৰি কাকতত প্ৰকাশ হৈছে। সেই প্ৰেম কাহিনীয়ে এতিয়া সকলো লোকৰে মন জয় কৰিবলৈ সক্ষম হৈছে। খবৰ অনুসৰি, জোয়ানে কম বয়সতে মৰিছৰ সৈতে বাৰ্তালাপ কৰিছিল। কিছুদিনৰ পাছত, তেওঁলোক দুয়োজনে উপলব্ধি কৰিলে যে তেওঁলোক ইজনে সিজনৰ প্ৰেমত পৰিছে। অৱশ্যে, তেওঁলোকে সেই সম্পৰ্কক সামাজিক স্বীকৃতি দিয়াৰ বাবে কোনো আগ্ৰহ প্ৰকাশ কৰা নাছিল। মৰিছ আৰু জোয়েন ৩৭ বছৰ ধৰি লিভ-ইন সম্পৰ্কত আছিল। অৱশ্যে, তেওঁলোক ক'ত বাস কৰে, বা তেওঁলোকৰ ব্যক্তিগত তথ্যৰ বিষয়ে বেছি তথ্য প্ৰকাশ পোৱা নাই। প্ৰতিবেদনত প্ৰকাশ পাইছে যে মৰিছে অলপতে হৃদৰোগত আক্ৰান্ত হৈছিল। মৰিছৰ স্বাস্থ্য ইমানেই দ্ৰুতগতিত অৱনতি ঘটিছে যে, মৰিছৰ মৃত্যু হোৱাৰ উপক্ৰম হৈছে। এই ঘটনাৰ পাছতে, দম্পতীহালে অনুভৱ কৰে যে তেওঁলোকে পলম নকৰি এইবাৰ বিবাহ পাশত আৱদ্ধ হ'ব লাগে। অৱশেষত, মৰিছে জীৱনৰ ৯০ তম বসন্ত অতিক্ৰম কৰাৰ পাছত, মৰিছে তেওঁৰ প্ৰিয় জোয়ান অৰিছৰ সৈতে বিবাহৰ প্ৰস্তাৱ দিছিল! ৯২ বছৰীয়া জোয়ানে এই প্ৰস্তাৱৰ প্ৰতি সন্মত হৈছিল। তেওঁলোকৰ পৰিয়াল, পৰিয়াল, আত্মীয়, বন্ধু বৰ্গ আৰু চুবুৰীয়াসকলোৱে এই সিদ্ধান্তত অতি সুখী। জোয়েন আৰু অৰিছৰ দুটা সন্তান আছে। মৰিছৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁ একেবাৰে ভাগি পৰিছে। অৱশ্যে, তেতিয়াও তেওঁ তেওঁৰ সঙ্গীক এবাৰৰ বাবেও অকলশৰীয়া অনুভৱ কৰিব দিয়া নাই। বিয়াখন স্থানীয় এটা গীৰ্জা ঘৰত অনুষ্ঠিত হৈছিল। উল্লেখ্য যে, জোয়েনৰ আগতে দুবাৰ বিয়া হৈছিল। প্ৰথম বিবাহৰ স্মৃতি বৰ সুখৰ নাছিল তেওঁৰ। অৱশেষত, তেওঁ আইনীভাৱে তেওঁৰ প্ৰথম স্বামীৰ পৰা পৃথক হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ