--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩৭ বছৰ লিভ ইনত থকা এক প্ৰেমিক যুগুল। ৩৭ বছৰ লিভ ইনত থকাৰ পাছত অৱশেষত তেওঁলোকে বিবাহ কৰাৰ সিদ্ধান্ত লোৱা হয়। বিয়াৰ সময়ত প্ৰেমিকৰ বয়স ৯০ আৰু প্ৰেমিকাৰ বয়স ৯২! নৱদম্পতিৰ এই বিয়াখনক লৈ তেওঁলোকৰ পৰিয়ালৰ লোক খুবেই সুখী। মৰিছ বেণ্টন আৰু তেওঁৰ পত্নী জোয়েন অৰিছৰ এই প্ৰেম কাহিনীয়ে সকলো দৃষ্টি কাঢ়িছে। তেওঁলোকৰ প্ৰেম কাহিনী বিষয়ে এখন জনপ্ৰিয় বাতৰি কাকতত প্ৰকাশ হৈছে। সেই প্ৰেম কাহিনীয়ে এতিয়া সকলো লোকৰে মন জয় কৰিবলৈ সক্ষম হৈছে। খবৰ অনুসৰি, জোয়ানে কম বয়সতে মৰিছৰ সৈতে বাৰ্তালাপ কৰিছিল। কিছুদিনৰ পাছত, তেওঁলোক দুয়োজনে উপলব্ধি কৰিলে যে তেওঁলোক ইজনে সিজনৰ প্ৰেমত পৰিছে। অৱশ্যে, তেওঁলোকে সেই সম্পৰ্কক সামাজিক স্বীকৃতি দিয়াৰ বাবে কোনো আগ্ৰহ প্ৰকাশ কৰা নাছিল। মৰিছ আৰু জোয়েন ৩৭ বছৰ ধৰি লিভ-ইন সম্পৰ্কত আছিল। অৱশ্যে, তেওঁলোক ক'ত বাস কৰে, বা তেওঁলোকৰ ব্যক্তিগত তথ্যৰ বিষয়ে বেছি তথ্য প্ৰকাশ পোৱা নাই। প্ৰতিবেদনত প্ৰকাশ পাইছে যে মৰিছে অলপতে হৃদৰোগত আক্ৰান্ত হৈছিল। মৰিছৰ স্বাস্থ্য ইমানেই দ্ৰুতগতিত অৱনতি ঘটিছে যে, মৰিছৰ মৃত্যু হোৱাৰ উপক্ৰম হৈছে। এই ঘটনাৰ পাছতে, দম্পতীহালে অনুভৱ কৰে যে তেওঁলোকে পলম নকৰি এইবাৰ বিবাহ পাশত আৱদ্ধ হ'ব লাগে। অৱশেষত, মৰিছে জীৱনৰ ৯০ তম বসন্ত অতিক্ৰম কৰাৰ পাছত, মৰিছে তেওঁৰ প্ৰিয় জোয়ান অৰিছৰ সৈতে বিবাহৰ প্ৰস্তাৱ দিছিল! ৯২ বছৰীয়া জোয়ানে এই প্ৰস্তাৱৰ প্ৰতি সন্মত হৈছিল। তেওঁলোকৰ পৰিয়াল, পৰিয়াল, আত্মীয়, বন্ধু বৰ্গ আৰু চুবুৰীয়াসকলোৱে এই সিদ্ধান্তত অতি সুখী। জোয়েন আৰু অৰিছৰ দুটা সন্তান আছে। মৰিছৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁ একেবাৰে ভাগি পৰিছে। অৱশ্যে, তেতিয়াও তেওঁ তেওঁৰ সঙ্গীক এবাৰৰ বাবেও অকলশৰীয়া অনুভৱ কৰিব দিয়া নাই। বিয়াখন স্থানীয় এটা গীৰ্জা ঘৰত অনুষ্ঠিত হৈছিল। উল্লেখ্য যে, জোয়েনৰ আগতে দুবাৰ বিয়া হৈছিল। প্ৰথম বিবাহৰ স্মৃতি বৰ সুখৰ নাছিল তেওঁৰ। অৱশেষত, তেওঁ আইনীভাৱে তেওঁৰ প্ৰথম স্বামীৰ পৰা পৃথক হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত