--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না সংক্ৰমণৰ দৰে এনে বিপৰ্যয়ৰ সময়ত এজন ব্যক্তি ক’ভিড-১৯ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত নে তেওঁ ঋতুকালীন ৰোগ বা বতৰৰ পৰিৱৰ্তনৰ ফলত হোৱা চৰ্দি-জ্বৰ সেই কথা চিনাক্ত কৰা অত্যন্ত কঠিন হৈ পৰে। এনে সময়ত স্বাস্থ্য সম্পৰ্কীয় বিষয়ক লৈ অৱহেলা কৰাও অকণো উচিত নহয়। এনে পৰিস্থিতিত কি পদক্ষেপ লোৱাৰ প্ৰয়োজন তাক লৈ অত্যন্ত সজাগ হোৱাৰ সময় আহি পৰিছে। উল্লেখ্য যে, বতৰৰ পৰিৱৰ্তনৰ ফলত চৰ্দি আৰু জ্বৰৰ সমস্যা সাধাৰণ কথা যদিও দুবছৰ আগলৈকে মানুহৰ মনত চৰ্দি বুলি ভয়ৰ কোনো কাৰণ নাছিল। এটা সাধাৰণ ঔষধ আৰু ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰাই সহজেই আৰোগ্য লাভ কৰিছিল। কিন্তু কৰ’না সংহাৰৰ পিছত মানুহে চৰ্দি আৰু জ্বৰ বুলিলে ভয় অনুভৱ কৰিব ধৰিছে। কাৰণ দুয়োটা লক্ষণ প্ৰায় একেই। চৰ্দি, এলাৰ্জি, হাঁচি অহা, নাকৰ পৰা পানী ওলোৱা, ডিঙিত খজুৱতি অনুভৱ কৰা, কাহ, ঘাম আৰু জ্বৰ গ্ৰীষ্মকালত হোৱা লক্ষণ যদিও বিশেষজ্ঞসকলৰ মতে বতৰৰ পৰিৱৰ্তনৰ সময়ত হোৱা চৰ্দি-জ্বৰ ৫ৰ পৰা ৭দিনৰ ভিতৰত সহজে নিৰ্মূল হয়। আনহাতে, মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ অব্যাহত ৰাখিবলৈ বিশেষজ্ঞসকলৰ পৰামৰ্শ দিছে। কিন্তু কোনোৱে যদি গৰমত ঠাণ্ডাৰ অনুভৱ কৰে তেনেহ’লে ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ তেওঁ ঘৰৰ ভিতৰতে থাকিব লাগে। চৰ্দিৰ লক্ষণবোৰ সাধাৰণতে এসপ্তাহৰ ভিতৰত হ্ৰাস হয়, কিন্তু যদি সেইবোৰ দীঘলীয়া সময়ৰ বাবে দেখা যায় তেনেহ'লে চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত আৰু ক’ভিড-১৯ৰ পৰীক্ষাও কৰাব লাগে। ক’ভিডৰ সংহাৰ এতিয়াও বিশ্বজুৰি অব্যাহত আছে। প্ৰতিবেদন অনুসৰি অ’মিক্ৰনৰ প্ৰকাৰ আৰু ইয়াৰ উপ-প্ৰকাৰ বি এ-২ হৈছে কৰ’না ভাইৰাছৰ মুখ্য কাৰণ আৰু বৰ্তমানো বিশ্বজুৰি ইয়াৰ সংক্ৰমণ অব্যাহত আছে। আনহাতে, অ’মিক্ৰন প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত ৰোগীৰ ডিঙিৰ বিষ, শৰীৰৰ বিষ, মুৰৰ বিষ, নাকৰে পানী ওলোৱা আৰু পেটৰ বিষ হৈছে সচৰাচৰ লক্ষণ। কিন্তু চৰ্দিৰ দ্বাৰা সংক্ৰমিত লোকৰ শৰীৰৰ বিষ আৰু পেটৰ বিষ সাধাৰণতে দেখা নাযায়। সেয়েহে যদি আপুনি জ্বৰ অনুভৱ কৰে, ডিঙি বিষায়, কাহ হয় আৰু পেটৰ বিষ হয়, আপুনি লগে লগে ক’ভিড পৰীক্ষা কৰাব লাগে আৰু চিকিৎসকৰ কাষ চাপিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ