--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না সংক্ৰমণৰ দৰে এনে বিপৰ্যয়ৰ সময়ত এজন ব্যক্তি ক’ভিড-১৯ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত নে তেওঁ ঋতুকালীন ৰোগ বা বতৰৰ পৰিৱৰ্তনৰ ফলত হোৱা চৰ্দি-জ্বৰ সেই কথা চিনাক্ত কৰা অত্যন্ত কঠিন হৈ পৰে। এনে সময়ত স্বাস্থ্য সম্পৰ্কীয় বিষয়ক লৈ অৱহেলা কৰাও অকণো উচিত নহয়। এনে পৰিস্থিতিত কি পদক্ষেপ লোৱাৰ প্ৰয়োজন তাক লৈ অত্যন্ত সজাগ হোৱাৰ সময় আহি পৰিছে। উল্লেখ্য যে, বতৰৰ পৰিৱৰ্তনৰ ফলত চৰ্দি আৰু জ্বৰৰ সমস্যা সাধাৰণ কথা যদিও দুবছৰ আগলৈকে মানুহৰ মনত চৰ্দি বুলি ভয়ৰ কোনো কাৰণ নাছিল। এটা সাধাৰণ ঔষধ আৰু ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰাই সহজেই আৰোগ্য লাভ কৰিছিল। কিন্তু কৰ’না সংহাৰৰ পিছত মানুহে চৰ্দি আৰু জ্বৰ বুলিলে ভয় অনুভৱ কৰিব ধৰিছে। কাৰণ দুয়োটা লক্ষণ প্ৰায় একেই। চৰ্দি, এলাৰ্জি, হাঁচি অহা, নাকৰ পৰা পানী ওলোৱা, ডিঙিত খজুৱতি অনুভৱ কৰা, কাহ, ঘাম আৰু জ্বৰ গ্ৰীষ্মকালত হোৱা লক্ষণ যদিও বিশেষজ্ঞসকলৰ মতে বতৰৰ পৰিৱৰ্তনৰ সময়ত হোৱা চৰ্দি-জ্বৰ ৫ৰ পৰা ৭দিনৰ ভিতৰত সহজে নিৰ্মূল হয়। আনহাতে, মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ অব্যাহত ৰাখিবলৈ বিশেষজ্ঞসকলৰ পৰামৰ্শ দিছে। কিন্তু কোনোৱে যদি গৰমত ঠাণ্ডাৰ অনুভৱ কৰে তেনেহ’লে ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ তেওঁ ঘৰৰ ভিতৰতে থাকিব লাগে। চৰ্দিৰ লক্ষণবোৰ সাধাৰণতে এসপ্তাহৰ ভিতৰত হ্ৰাস হয়, কিন্তু যদি সেইবোৰ দীঘলীয়া সময়ৰ বাবে দেখা যায় তেনেহ'লে চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত আৰু ক’ভিড-১৯ৰ পৰীক্ষাও কৰাব লাগে। ক’ভিডৰ সংহাৰ এতিয়াও বিশ্বজুৰি অব্যাহত আছে। প্ৰতিবেদন অনুসৰি অ’মিক্ৰনৰ প্ৰকাৰ আৰু ইয়াৰ উপ-প্ৰকাৰ বি এ-২ হৈছে কৰ’না ভাইৰাছৰ মুখ্য কাৰণ আৰু বৰ্তমানো বিশ্বজুৰি ইয়াৰ সংক্ৰমণ অব্যাহত আছে। আনহাতে, অ’মিক্ৰন প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত ৰোগীৰ ডিঙিৰ বিষ, শৰীৰৰ বিষ, মুৰৰ বিষ, নাকৰে পানী ওলোৱা আৰু পেটৰ বিষ হৈছে সচৰাচৰ লক্ষণ। কিন্তু চৰ্দিৰ দ্বাৰা সংক্ৰমিত লোকৰ শৰীৰৰ বিষ আৰু পেটৰ বিষ সাধাৰণতে দেখা নাযায়। সেয়েহে যদি আপুনি জ্বৰ অনুভৱ কৰে, ডিঙি বিষায়, কাহ হয় আৰু পেটৰ বিষ হয়, আপুনি লগে লগে ক’ভিড পৰীক্ষা কৰাব লাগে আৰু চিকিৎসকৰ কাষ চাপিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে