--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ আন্তৰ্জাতিক মহিলা চাইক্লিষ্ট চয়নিকা গগৈয়ে  ৰূপৰ পদক জয়েৰে প্ৰায় ডেৰ বছৰৰ বিৰতিৰ পাছত পুনৰ ৰাষ্ট্ৰীয় স্তৰত চমক সৃষ্টিৰে প্ৰত্যাৱৰ্তন কৰিছে৷ ৰুদ্ৰপুৰত অনুষ্ঠিত চাইক্লিং প্ৰতিযোগিতাৰ দহ কিলোমিটাৰ স্কেচ ৰেছত আজি চয়নিকাই ২৫ মিনিট ১০.০২ ছেকেণ্ডৰে দ্বিতীয় স্থানত থাকি পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷ কৰ্ণাটকৰ চাইক্লিষ্টে সোণ লাভ কৰাৰ বিপৰীতে ব্ৰঞ্জ অৰ্জন কৰে¸ হাৰিয়ানাই৷ উল্লেখ্য যে চয়নিকাৰ ৰূপৰ পদকৰ সৈতে অসমৰ পদকৰ সংখ্যা ১৪ টালৈ বৃদ্ধি পাইছে৷

ৰাষ্ট্ৰীয় ক্ৰীড়াত এয়া চয়নিকাৰ তৃতীয়টো পদক৷ ইয়াৰপূৰ্বে ২০২২ ৰ গুজাৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত দুটা ৰূপৰ পদক লাভ কৰিছিল চয়নিকাই৷ সেইবাৰো দহ কিলোমিটাৰ স্কেচ ৰেছতে ৰূপ জয় কৰা অসম কন্যাই আনটো ৰূপ ৮৫ কিলোমিটাৰ ৰ’ড ৰেছত অৰ্জন কৰিছিল৷ আনহাতে, এছিয়ান চাইক্লিং চেম্পিয়নশ্বিপতো প্ৰথম অসমীয়া চাইক্লিষ্টৰূপে পদক লাভ কৰা চয়নিকাই অহা পাঁচ ফ্ৰেব্ৰুৱাৰীত পুনৰ পদক জয়ৰ লক্ষ্যৰে নতুন ইভেণ্ট ওমনিঅ’নত অৱৰ্তীৰ্ণ হ’ব৷

ইফালে, আজিৰ দিনটোতে অসমে আৰু ছটা পদক জয় কৰাটো নিশ্চিত হৈ পৰিছে৷ ডেৰাডুনত চলি থকা লনবলৰ প্ৰথম ছটা ইভেণ্টৰ গ্ৰুপ মেচৰ অন্তত অসমে আটাইকেইটাতে ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয় নিশ্চিত কৰিছে৷ অৱশ্যে কি পদক লাভ কৰে সেয়া কাইলৈৰ ছেমিফাইনেললৈ অপেক্ষা কৰিব লাগিব৷

ইফালে, প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ যোগ্যতা অৰ্জন কৰা অসমৰ নৱাগত পুৰুষ বক্সাৰ গৌৰৱ মজুমদাৰে ৫-০ ৰ জয়ৰে অভিযান আৰম্ভ কৰি ৫১ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ কিন্তু ইতিমধ্যে ছেমিফাইনেলত প্ৰৱেশ কৰা অসমৰ পুৰুষ ফুটবল দলে আজি গ্ৰুপৰ অন্তিম মেচত মিজোৰামৰ বিৰুদ্ধে ৩-০ গলৰ ব্যৱধানত পৰাস্ত হয়৷ অহা পাঁচ ফেব্ৰুৱাৰীত হ’বলগা ছেমিফাইনেলত অসম দিল্লী বা কেৰালাৰ মুখামুখি হ’ব৷

ইফালে, বিগত গোৱা ৰাষ্ট্ৰীয় ক্ৰীডাত সোণসহ তিনিটা পদক পোৱা অসম বেডমিণ্টন দলে এবাৰ মহিলাৰ দলীয় ব্ৰঞ্জ লাভ কৰিয়ে অভিযান সামৰিলে৷ আজি মহিলাৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ঈশাৰাণী বৰুৱা আৰু পুৰুষৰ ডাবলছ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত সুৰজ গোৱালা-ৰঞ্জন বুঢ়াগোহাই যুটিয়ে প্ৰথম ছেট জয় কৰাৰ পাছতো পৰাস্ত হৈ বিদায় লয়৷ একেদকে সাঁতোৰত আজি পুনৰ বিফল হয় অসমৰ খেলুৱৈ৷

ৰাষ্ট্ৰীয় ক্ৰীড়াত কাইলৈ পদক নিশ্চিত কৰাৰ লক্ষ্যৰে ৰিঙত নামিব অলিম্পিক পদকজয়ী মহিলা বক্সাৰ লাভলীনা বৰগোঁহায়ে৷ মহিলা বক্সিঙৰ ৭৫ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেল খেলিব লাভলীনাই৷ ইফালে, পুৰুষৰ ৭১ কিলোগ্ৰাম শাখাত কোৱাৰ্টাৰ ফাইনেল খেলিব অসমৰ নবাগত বক্সাৰ অভিনৱ শইকীয়াই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ