--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত বৰ্ষত ডি গুকেশে বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ভাৰতৰ দবা খেলৰ ক্ষেত্ৰত এক স্বৰ্ণিল অধ্যায় সৃষ্টি কৰিছিল৷ আন এগৰাকী ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰজ্ঞানন্দই তেওঁক পৰাস্ত কৰি টাটা ষ্টীল মাষ্টাৰছৰ খিতাপ দখল কৰি আন এক সাফল্যৰ কাহিনী লিখে। বিশ্ব চেম্পিয়ন ডি গুকেশক পৰস্ত কৰি আৰ প্ৰজ্ঞানন্দই এই খিতাপ নিজৰ নামত কৰে৷

নেদাৰলেণ্ডত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰজ্ঞানন্দই টাই ব্ৰেকত বিশ্ব চেম্পিয়ন গুকেশক ২-১ পইণ্টত পৰাস্ত কৰি প্ৰজ্ঞানন্দই টাটা ষ্টীল মাষ্টাৰছৰ খিতাপ দখল কৰি ২০০৬ চনৰ পিছত এই প্ৰতিযোগিতাত জয়ী হোৱা প্ৰথমজন ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে কিংবদন্তি দবা খেলুৱৈ বিশ্বনাথন আনন্দই এই খিতাপ দখল কৰিছিল।

উল্লেখযোগ্য যে নেদাৰলেণ্ডত অনুষ্ঠিত টাটা ষ্টীল মাষ্টাৰছ প্ৰতিযোগিতাত ১৪ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল৷ ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত এই প্ৰতিযোগিতা  ত্ৰয়োদশ ৰাউণ্ডৰ পিছত গুকেশ আৰু প্ৰজ্ঞানন্দই সমতা স্থাপন কৰে। দুয়োজনে ক্লাছিক খেলখনত পৰাস্ত হৈ ৮.৫ পইণ্টত সমতা স্থাপন কৰে। গুকেশে অৰ্জুন এৰিগেছিৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হোৱাৰ পৰিৱৰ্তে প্ৰজ্ঞানন্দক পৰাস্ত কৰে ভিনচেণ্ট কেমাৰে। ইয়াৰ ফলত মেচখন টাইব্ৰেকাৰত পৰিণত হোৱাত দুয়োগৰাকী ভাৰতীয় গ্ৰেণ্ড গ্ৰেণ্ডমাষ্টাৰ মাজত চূড়ান্ত ৰাউণ্ড অনুষ্ঠিত হয়৷

বিশ্ব চেম্পিয়ন হোৱাৰ পিছত প্ৰতিখন প্ৰতিযোগিতাতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই আহিছে ডি গুকেশে। আৰু এই প্ৰতিযোগিতাতো তেওঁ চূড়ান্ত ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।যদিও তেওঁ জয়ী হ’ব সকলোৱে আশা কৰিছিল যদিও প্ৰজ্ঞানন্দ জয়ী হয়৷ আনহাতে, ভিয়েটনামৰ থাই দাই ভান নুয়েনে টাটা চেলেঞ্জাৰছ ২০২৫ৰ খিতাপ দখল কৰে। ইয়াৰ উপৰিও এই প্ৰতিযোগিতাত প্ৰজ্ঞানন্দৰ ভগ্নী গ্ৰেণ্ডমাষ্টাৰ জি বৈশালীয়ে নৱম স্থান লাভ কৰাৰ বিপৰীতে দিব্য দেশমুখে দ্বাদশ স্থান লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ