--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ চমুকে আই এছ এলত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে নিজৰ অপৰাজেয় যাত্ৰা অব্যহত ৰাখি আঠখন মেচলৈ নিবলৈ সক্ষম হৈছে৷ আজি ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামতহোৱা খেলত দলে ওড়িছা এফ চিৰ বিৰুদ্ধে ২-২ গলত ড্ৰ খেলে৷ অৱশ্যে নৰ্থ ইষ্ট ইউনাইটেডে মেচত দুবাৰকৈ অগ্ৰগতি লৈছিল৷ ইঞ্জুৰী টাইমত গল কৰি পৰাজয় ৰক্ষা কৰে ওড়িছাই৷

গুৱাহাটীত খেলা অন্তিম মেচত জয়লাভ কৰি তথা সাতখন খেলত অপৰাজেয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেডে আজিও আত্মবিশ্বাসৰে খেলি প্ৰথমে গল কৰিবলৈ সক্ষম হয়৷ অৱশ্যে খেলৰ প্ৰথমাৰ্ধত উভয় দলে আক্ৰমন কৰাৰ পৰিৱৰ্তে অধিক সময় বল নিজৰ নিয়ন্ত্ৰত ৰখাৰ চেষ্টা কৰাত গল বোৱা নাছিল৷ দ্বিতীয়াৰ্ধত নৰ্থ ইষ্ট ইউনাইটেডে ৰণনীতি সলনি কৰি আক্ৰমণ কৰে৷ ৬৭ মিনিটত আলাউদ্দিন আজাৰায়ে গুৱাহাটীৰ দলটোক প্ৰথমে অগ্ৰগতি দিয়ে৷ ছামটেৰ সহযোগত গল কৰে মৰক্কোৰ ষ্টাইকাৰজনে৷ কিন্তু থৈবা সিঙে ৭৮ মিনিটত ওড়িছা দলৰ হৈ গল কৰি মেচত সমতা স্থাপন কৰে৷ খেলৰ ৮৩ মিনিটত আজাৰায়ে পুনৰ গল কৰি নৰ্থ ইষ্ট ইউনাইটেডক ২-১ অগ্ৰগতি দিয়ে৷ এয়া আজাৰাইৰ লীগত ১৮ সংখ্যক গল৷ কিন্তু অগ্ৰগতিৰ পাছতো তিনি পইণ্ট নাপালে নৰ্থ ইষ্ট ইউনাইটেডে৷ ইঞ্জৰী টাইমত ভানলালৰুৱাটফেলাই গল কৰি মেচ ড্ৰ কৰে৷

ইয়াৰপূৰ্বে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডে ৩-২ গলত ওড়িছা দলক পৰাস্ত কৰিছিল৷ নৰ্থ ইষ্ট ইউনাইটেডে ১৯ খন মেচত ২৯ পইণ্টৰে তালিকাৰ চতুৰ্থ স্থানত থাকিল৷ ইফালে, ওড়িছা দলে ১৮ মেচত ২৫ পইণ্টৰে তালিকাৰ সপ্তম স্থানত থাকিল৷ উল্লেখ্য যে অগ্ৰগতি লৈ মেচ জয় কৰিব নোৱাৰাটো নৰ্থ ইষ্ট ইউনাইটেডৰ এইবাৰ সমাধান নহোৱা সমস্যা হৈ পৰিছে৷  বাকী থকা লীগ মেচত প্ৰতিটো পইণ্ট গুৰুত্বপূৰ্ণ হ’ব দলটোৰ বাবে৷

নৰ্থ ইষ্ট ইউনাইটেডে পৰবৰ্তী মেচখন মুম্বাই চিটী এফ চিৰ বিৰুদ্ধে খেলিব৷ এয়া নৰ্থ ইষ্ট ইউনাইটেডৰ ঘৰুৱা খেল যদিও দলে গুৱাহাটীৰ পৰিবৰ্তে খেলখন শ্বিলঙত খেলিব৷ অহা সাত ফেব্ৰুৱাৰীত উত্তৰ-পূৱৰ দ্বিতীয় ৰাজ্য হিচাপে মেঘালয়ত অনুষ্ঠিত হ’ব আই এছ এলৰ খেল৷ ইফালে, ওড়িছা এফ চিয়ে পৰৱৰ্তী খেলখন অহা ছয় ফেব্ৰুৱাৰীত খেলিব এফ চি গোৱাৰ বিৰুদ্ধে৷ গোৱাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ