--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ চমুকে আই এছ এলত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে নিজৰ অপৰাজেয় যাত্ৰা অব্যহত ৰাখি আঠখন মেচলৈ নিবলৈ সক্ষম হৈছে৷ আজি ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামতহোৱা খেলত দলে ওড়িছা এফ চিৰ বিৰুদ্ধে ২-২ গলত ড্ৰ খেলে৷ অৱশ্যে নৰ্থ ইষ্ট ইউনাইটেডে মেচত দুবাৰকৈ অগ্ৰগতি লৈছিল৷ ইঞ্জুৰী টাইমত গল কৰি পৰাজয় ৰক্ষা কৰে ওড়িছাই৷

গুৱাহাটীত খেলা অন্তিম মেচত জয়লাভ কৰি তথা সাতখন খেলত অপৰাজেয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেডে আজিও আত্মবিশ্বাসৰে খেলি প্ৰথমে গল কৰিবলৈ সক্ষম হয়৷ অৱশ্যে খেলৰ প্ৰথমাৰ্ধত উভয় দলে আক্ৰমন কৰাৰ পৰিৱৰ্তে অধিক সময় বল নিজৰ নিয়ন্ত্ৰত ৰখাৰ চেষ্টা কৰাত গল বোৱা নাছিল৷ দ্বিতীয়াৰ্ধত নৰ্থ ইষ্ট ইউনাইটেডে ৰণনীতি সলনি কৰি আক্ৰমণ কৰে৷ ৬৭ মিনিটত আলাউদ্দিন আজাৰায়ে গুৱাহাটীৰ দলটোক প্ৰথমে অগ্ৰগতি দিয়ে৷ ছামটেৰ সহযোগত গল কৰে মৰক্কোৰ ষ্টাইকাৰজনে৷ কিন্তু থৈবা সিঙে ৭৮ মিনিটত ওড়িছা দলৰ হৈ গল কৰি মেচত সমতা স্থাপন কৰে৷ খেলৰ ৮৩ মিনিটত আজাৰায়ে পুনৰ গল কৰি নৰ্থ ইষ্ট ইউনাইটেডক ২-১ অগ্ৰগতি দিয়ে৷ এয়া আজাৰাইৰ লীগত ১৮ সংখ্যক গল৷ কিন্তু অগ্ৰগতিৰ পাছতো তিনি পইণ্ট নাপালে নৰ্থ ইষ্ট ইউনাইটেডে৷ ইঞ্জৰী টাইমত ভানলালৰুৱাটফেলাই গল কৰি মেচ ড্ৰ কৰে৷

ইয়াৰপূৰ্বে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডে ৩-২ গলত ওড়িছা দলক পৰাস্ত কৰিছিল৷ নৰ্থ ইষ্ট ইউনাইটেডে ১৯ খন মেচত ২৯ পইণ্টৰে তালিকাৰ চতুৰ্থ স্থানত থাকিল৷ ইফালে, ওড়িছা দলে ১৮ মেচত ২৫ পইণ্টৰে তালিকাৰ সপ্তম স্থানত থাকিল৷ উল্লেখ্য যে অগ্ৰগতি লৈ মেচ জয় কৰিব নোৱাৰাটো নৰ্থ ইষ্ট ইউনাইটেডৰ এইবাৰ সমাধান নহোৱা সমস্যা হৈ পৰিছে৷  বাকী থকা লীগ মেচত প্ৰতিটো পইণ্ট গুৰুত্বপূৰ্ণ হ’ব দলটোৰ বাবে৷

নৰ্থ ইষ্ট ইউনাইটেডে পৰবৰ্তী মেচখন মুম্বাই চিটী এফ চিৰ বিৰুদ্ধে খেলিব৷ এয়া নৰ্থ ইষ্ট ইউনাইটেডৰ ঘৰুৱা খেল যদিও দলে গুৱাহাটীৰ পৰিবৰ্তে খেলখন শ্বিলঙত খেলিব৷ অহা সাত ফেব্ৰুৱাৰীত উত্তৰ-পূৱৰ দ্বিতীয় ৰাজ্য হিচাপে মেঘালয়ত অনুষ্ঠিত হ’ব আই এছ এলৰ খেল৷ ইফালে, ওড়িছা এফ চিয়ে পৰৱৰ্তী খেলখন অহা ছয় ফেব্ৰুৱাৰীত খেলিব এফ চি গোৱাৰ বিৰুদ্ধে৷ গোৱাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post