--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত বক্সিংত অসমৰ হৈ পদক অৰ্জন কৰা পাঁচগৰাকী বক্সাৰৰ সম্বৰ্ধনা জানাই অসম এমেচাৰ বক্সিং সন্থাই। গোলাঘাট জিলা এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত অসম এমেচাৰ বক্সিং সন্থা আৰু গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত হয় এই অনুষ্ঠান।

অনুষ্ঠানটোত উপস্থিত থকে বক্সাৰ লাভলিনা বৰগোহাঁই, অংকুশিতা বড়ো, শিৱ থাপা, অভিনৱ শইৰকীয়া। অৱশ্যে বিশেষ কাৰণবশত বক্সাৰ আইকন মিলিয়ে অনুষ্ঠানটোত অনুপস্থিত থাকে। দল-সংগঠনসমূহে আটাইকেইগৰাকী খেলুৱৈক সম্বৰ্ধনা জনাই।
ইফালে অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি ভাৰতীয় বক্সিং ফেডাৰেচনৰ প্ৰধান সম্পাদক হেমন্ত কলিতাই অসমত বক্সিং সন্থাৰ সীমিত সুবিধাৰ বিষয়ে চৰকাৰক আৰু অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাই।

ৰাজ্যৰ বেছিভাগ ক্ৰীড়া সংগঠনৰ লগতে অসম বক্সিং সন্থায়ো জিলা, ৰাজ্যিক পৰ্যায়ৰ খেলসমূহ নিজেই ব্যয় বহন কৰি খেলুৱৈসকলক আগবঢ়াই নিয়া বুলি মন্তব্য প্ৰদান কৰে হেমন্ত কলিতাই।

লাভলিনা বৰগোঁহাইয়ে নিজৰ মত প্ৰকাশ কৰি কয় যে আধ্যাত্মিকতাই মোক শক্তিহে দিছে,হাৰিয়ানাৰ বেছিভাগ খেলুৱৈ ভেজিটেৰিয়ান।মহাকুম্ভ সেইকাৰণে গৈছিলোঁ। তেওঁলোকে বিচৰাৰ বাবেই দিক্ষাও ল'লোঁ।

অংকুশিতা বড়োৱে মত প্ৰকাশ কৰি কয় যে আজিৰ পৰা বহু বছৰ আগতেই গোলাঘাটৰ পৰা ওলাই গৈছিলোঁ।আজি গোলাঘাটত ছাৰ-বাইদেউ,বান্ধবীসকলক লগ পাই আবেগিক হৈছোঁ।নতুনকৈ অহা ৬৫ কেজি কেটেগৰীত এইবাৰ কমনৱেলথ,অলিম্পিকত অৱতীৰ্ণ হ'ম।

আন গৰাকী খেলুৱৈয়ে কয় যে গোলাঘাটৰ পৰাই অসমৰ বেছিভাগ বক্সাৰ আজি ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিছে। লাভলিনা,অংকুশিতা,আইকন,অভিনৱৰ লগতে মোৰো গোলাঘাটৰ সৈতে এটা সম্পৰ্ক আছে। আজি ইয়াত উপস্থিত থাকি আনন্দিত বুলি উল্লেখ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ