--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডুবাই আৰু পাকিস্তানত অহা ১৯ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব আই চি চি চেম্পিয়নছ ট্রফী। সেই প্রতিযোগিতাখন আৰম্ভ হোৱাৰ আগে আগে আন এক বিতৰ্কৰ সৃষ্টি কৰিলে পাকিস্তান ক্রিকেট ব'র্ডে (পি চি বি)। 

চেম্পিয়নছ ট্রফী হ'বলগীয়া পাকিস্তানৰ ষ্টেডিয়াম কৰাচীত নাই ভাৰতৰ জাতীয় পতাকা। এক ভিডিঅ'ত সেই ঘটনা পোহৰলৈ আহিছে। পাকিস্তানৰ তিনিখন ষ্টেডিয়াম কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিত মেচ অনুষ্ঠিত হ'ব। আই চি চিৰ নিয়ম অনুসৰি যি স্থানত খেল অনুষ্ঠিত হ'ব সেই স্থানত অংশগ্রহণকাৰী কেউখন দেশৰে জাতীয় পতাকা থাকিব লাগে। লগতে থাকিব আই চি চিৰ পতাকাও। 

আই চি চিৰ নিয়ম অনুযায়ী পাকিস্তানৰ তিনিওটা ভ্যেনুতে আঠখন দেশৰ পতাকা থাকিব লাগে। ভাৰতৰ ২০২৩ চনত হোৱা এদিনীয়া বিশ্ব কাপতো আই চি চিৰ নিয়ম মতেই প্রতিখন ষ্টেডিয়ামতে অংশগ্রহণকাৰী দেশৰ পতাকা আছিল। ভিডিঅ'ত যি দেখা পোৱা গৈছে সেয়া যদি সঁচা হয় তেন্তে পাকিস্তানে আই চি চিৰ নিয়ম ভংগ কৰিছে। চেম্পিয়নছ ট্ৰফী আৰম্ভ হোৱাৰ দুদিন পূৰ্বে কৰাচী ষ্টেডিয়ামৰ কেইবাটাও ভিডিঅ' ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈছে। ভিডিঅ'সমূহত দেখা গৈছে যে কৰাচী ষ্টেডিয়ামত ভাৰতৰ বাহিৰে সকলো অংশগ্ৰহণকাৰী দেশৰে পতাকা আছে। ভিডিঅ'সমূহ প্ৰকাশ পোৱাৰ পাছতে আৰম্ভ হৈছে বিতর্ক। ভাৰতীয় পতাকা কিয় নাই সেই সন্দৰ্ভত পাকিস্তান ক্রিকেট ব'র্ড অথবা আই চি চিয়ে একো কোৱা নাই। ইফালে, পাকিস্তান ক্রিকেট ব'ৰ্ডে বিষয়টোৰ সন্দৰ্ভত স্পষ্ট কৰি দিয়ে যে আই চি চিৰ অনুমোদন সাপেক্ষে ভাৰতৰ পতাকা উত্তোলন কৰা নাই। আই চি চিয়ে পৰামৰ্শ দিয়ে যে প্রতিযোগিতাৰ খেলৰ দিনা মাথোঁ ৪খন পতাকা উত্তোলন কৰা হ'ব। আই চি চিৰ লগতে পাকিস্তান আৰু সেইদিনা প্রতিদ্বন্দ্বিতা কৰা দল দুটাৰহে পতাকা থাকিব। কয় পি চি বিৰ এক কর্মকর্তাই।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement