--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডুবাই আৰু পাকিস্তানত অহা ১৯ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব আই চি চি চেম্পিয়নছ ট্রফী। সেই প্রতিযোগিতাখন আৰম্ভ হোৱাৰ আগে আগে আন এক বিতৰ্কৰ সৃষ্টি কৰিলে পাকিস্তান ক্রিকেট ব'র্ডে (পি চি বি)। 

চেম্পিয়নছ ট্রফী হ'বলগীয়া পাকিস্তানৰ ষ্টেডিয়াম কৰাচীত নাই ভাৰতৰ জাতীয় পতাকা। এক ভিডিঅ'ত সেই ঘটনা পোহৰলৈ আহিছে। পাকিস্তানৰ তিনিখন ষ্টেডিয়াম কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিত মেচ অনুষ্ঠিত হ'ব। আই চি চিৰ নিয়ম অনুসৰি যি স্থানত খেল অনুষ্ঠিত হ'ব সেই স্থানত অংশগ্রহণকাৰী কেউখন দেশৰে জাতীয় পতাকা থাকিব লাগে। লগতে থাকিব আই চি চিৰ পতাকাও। 

আই চি চিৰ নিয়ম অনুযায়ী পাকিস্তানৰ তিনিওটা ভ্যেনুতে আঠখন দেশৰ পতাকা থাকিব লাগে। ভাৰতৰ ২০২৩ চনত হোৱা এদিনীয়া বিশ্ব কাপতো আই চি চিৰ নিয়ম মতেই প্রতিখন ষ্টেডিয়ামতে অংশগ্রহণকাৰী দেশৰ পতাকা আছিল। ভিডিঅ'ত যি দেখা পোৱা গৈছে সেয়া যদি সঁচা হয় তেন্তে পাকিস্তানে আই চি চিৰ নিয়ম ভংগ কৰিছে। চেম্পিয়নছ ট্ৰফী আৰম্ভ হোৱাৰ দুদিন পূৰ্বে কৰাচী ষ্টেডিয়ামৰ কেইবাটাও ভিডিঅ' ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈছে। ভিডিঅ'সমূহত দেখা গৈছে যে কৰাচী ষ্টেডিয়ামত ভাৰতৰ বাহিৰে সকলো অংশগ্ৰহণকাৰী দেশৰে পতাকা আছে। ভিডিঅ'সমূহ প্ৰকাশ পোৱাৰ পাছতে আৰম্ভ হৈছে বিতর্ক। ভাৰতীয় পতাকা কিয় নাই সেই সন্দৰ্ভত পাকিস্তান ক্রিকেট ব'র্ড অথবা আই চি চিয়ে একো কোৱা নাই। ইফালে, পাকিস্তান ক্রিকেট ব'ৰ্ডে বিষয়টোৰ সন্দৰ্ভত স্পষ্ট কৰি দিয়ে যে আই চি চিৰ অনুমোদন সাপেক্ষে ভাৰতৰ পতাকা উত্তোলন কৰা নাই। আই চি চিয়ে পৰামৰ্শ দিয়ে যে প্রতিযোগিতাৰ খেলৰ দিনা মাথোঁ ৪খন পতাকা উত্তোলন কৰা হ'ব। আই চি চিৰ লগতে পাকিস্তান আৰু সেইদিনা প্রতিদ্বন্দ্বিতা কৰা দল দুটাৰহে পতাকা থাকিব। কয় পি চি বিৰ এক কর্মকর্তাই।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post