--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বলীউড অভিনেত্ৰী শিল্পা ছেট্টীৰ জন্মদিন। জীৱনৰ ৪৬টা বসন্ত গৰকিলে বলীউড ডিভা শিল্পা ছেট্টীয়ে। বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে আৱৰা শিল্পাৰ জীৱন। কেৰিয়াৰ, পৰিয়াল তথা ব্যক্তি জীৱনৰ নানা সমস্যাই জুমুৰি দি ধৰা পাছতো অপ্ৰতিৰোধ্য শিল্পাই নিজকে স্বম্ভালি লৈছে।
 
এই বিশেষ দিনটোত শিল্পা অনুৰাগীয়ে তেওঁলৈ জ্ঞাপন কৰিছে জন্মদিনৰ শুভেচ্ছা। শিল্পাৰ জন্ম ১৯৭৫ চনত মাংগালুৰুত বৰ্তমানৰ মাংগালোৰ (কৰ্ণাটক)ত।শুভেচ্ছা, শুভকামনাৰ বন্যাৰ সমান্তৰালকৈ শিল্পাক লৈ প্ৰকাশ পাইছে এক অজ্ঞাত তথ্য। এসময়ত অক্ষয় কুমাৰৰ সৈতে শিল্পাৰ প্ৰেমৰ সম্পৰ্কৰ কথা প্ৰকাশ পাইছিল সংবাদ মাধ্যমত। এই সংবাদ প্ৰকাশৰ পাছতে অভিনেত্ৰীগৰাকীয়ে কাকতখনৰ বিৰুদ্ধে তৰিছিল গোচৰ। বহুমুখী প্ৰতিভাৰ গৰাকী শিল্পা কেৱল অভিনয়তেই পাকৈত নহয়। খেলা-ধূলাতো সমানে পাকৈত বলীউড ডিভা। জানিবলৈ পোৱা মতে, বিদ্যালয়ত বেছবল দলৰ অধিনায়ক আছিল শিল্পা। শিল্পা ছেট্টী আৰু তেওঁৰ ভগ্নী শমিতা ছেট্টী দুয়ো বলীউড অভিনেত্ৰী। বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে, ছেট্টী ছিষ্টাৰে প্ৰথম ছিবলিং, যিয়ে একেলগে বলীউডত শ্বুটিং কৰিছে। 

আমেৰিকাৰ জনপ্ৰিয় টিভি শ্ব’ ‘বিগ ব্ৰাদাৰ’ত অংশগ্ৰহণ কৰিছিল শিল্পা ছেট্টীয়ে। সেই  অনুষ্ঠানতে বৰ্ণবৈষম্যৰ বলি হৈছিল শিল্পাই। এতিয়ালৈকে, একাধিক ভাষাৰ ছবিত অভিনয় কৰিছে প্ৰতিভাৱান অভিনেত্ৰী শিল্পা ছেট্টীয়ে। অৱশ্যে, কেৱল অভিনয়েই নহয়, কেইবাটাও ভাষাত দখল আছে শিল্পাৰ। হিন্দী-ইংৰাজীৰ উপৰি তামিল, তেলেগু, মাৰাঠী, গুজৰাটী আৰু কানাড়া ভাষাত সাৱলীলভাৱে মত বিনিময় কৰিব পাৰে মোহময়ী শিল্পাই। 

শিল্পা ছেট্টীৰ প্ৰকৃত নামক লৈয়ো আছে এক গোপন ৰহস্য। শিল্পা তেওঁৰ প্ৰকৃত নাম নহয়। শুনিবলৈ আচৰিত যেন লাগিলেও শিল্পাৰ প্ৰকৃত নাম অশ্বিনী ছেট্টী। গ্লেমাৰৰ জগতখনত প্ৰৱেশ কৰাৰ পিছতে অশ্বিনীৰ পৰিৱৰ্তে শিল্পা নামেৰে হৈ পৰিছিল সমাদৃত।

বিভিন্ন সূত্ৰ অনুসৰি, ৰাজকুন্দ্ৰাৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ পূৰ্বে একাধিক সম্পৰ্কত হেনো নাম সাঙোৰ খাই আছিল শিল্পাৰ। সংগীত পৰিচালক সন্দীপ চৌতাৰৰ সৈতেও শিল্পাৰ সম্পৰ্কৰ আছে পূৰণিকলীয়া গুঞ্জন। সখীগোপাল মন্দিৰৰ এজন সাধুবাবাই শিল্পাৰ গালত চুম্বন কৰিছিল। বিষয়টো হৈ পৰিছিল চৰ্চিত। সাধুবাবাই ছোৱালীক চুম্বন কৰিব নোৱাৰে নেকি বুলিও শিল্পাই তীব্ৰ বিৰোধিতা কৰিছিল। অভিনেতা ৰিচাৰ্ড গেৰেই শিল্পাক মঞ্চতে কৰিছিল চুম্বন। এই ঘটনাৰ বাবে আদালতত চলিছিল গোচৰ। ১৫বছৰৰ অন্তত এই গোচৰৰ পৰা ৰায় পাইছিল শিল্পাই।

অভিনয়ৰ লগে লগে নৃত্যতো পাৰদৰ্শী শিল্পা ছেট্টী। মাধুৰী দীক্ষিত, ৰাণী মুখাৰ্জী, হেমামালিনীৰ দৰে শাস্ত্ৰীয় নৃত্যত প্ৰশিক্ষণ লৈছে তেওঁ। মডেলিংক কেৰিয়াৰ হিচাপে বাছি লোৱাৰ বাবে শিল্পাই পঢ়া-শুনাত বেছি দূৰ আগবাঢ়িেব নোৱাৰিলে।

জানিব পৰা মতে, দশম শ্ৰেণীলৈকে পঢ়াৰ পাছত মডেলিংকে কেৰিয়াৰ হিচাপে লয় শিল্পাই। অভিনয়ৰ সুযোগ নোপোৱালৈকে মডেলিং কেৰিয়াৰতে মনোনিৱেশ কৰিছিল শিল্পাই। 

শিল্পা ছেট্টীৰ ফিটনেছৰ বিষয়ে কোনেও অজ্ঞাত নহয়। ফিট হৈ থাকিবলৈ নিয়মিত শৰীৰ চৰ্চা কৰাৰ লগতে অনুৰাগীকো নিয়মিত ব্যায়াম কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে শিল্পাই। প্ৰাগ ডিজিটেলৰ তৰফৰ পৰা শিল্পা ছেট্টীলৈ জনাইছো ওপজা দিনৰ ওলগ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ