--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান তেওঁ বলীউড অভিনেত্ৰী। কিন্তু এসময়ত পৰ্ণ ষ্টাৰ হিচাপেই পৰিচিত আছিল ছানী লিয়নীৰ। পুৰণি পৃথিৱীখন এৰি জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰা বহুদিন হ’ল ছানীৰ। পৰ্ণৰ জগতখন এৰি থৈ গৈছে যদিও অতীত কথাবোৰে এতিয়াও লগ এৰা নাই ছানী লিয়নীৰ। শেহতীয়া এক সাক্ষাৎকাৰত সেই আশংকাৰ কথাই প্ৰকাশ কৰিছে তাৰকা অভিনেত্ৰীগৰাকীয়ে।

ছানী লিয়নীৰ আশংকা, অতীতৰ কথা গম পালে তিনি সন্তানে কি বুলি ভাবিব? সেই কথা গম পোৱাৰ পাছত আছেৰ, নোহ আৰু নিশাই ঘৃণা কৰিব নেকি মাতৃ ছানীক? ছানীয়ে কয়, ‘মোৰ বহুত কথা আছে যিবোৰ ল'ৰা-ছোৱালীয়ে হয়তো ভাল নাপাব, সেইবোৰ কোৱাৰ কোনো প্ৰয়োজনো নাই। এই বিষয়ে মই তেওঁলোকৰ লগত মুকলিকৈ কথা পাতিম। কোনোবাই যদি তেওঁলোকক প্ৰশ্ন কৰে তেতিয়া তেওঁলোকে যাতে উত্তৰ দিব পাৰে।’ 

ছানীয়ে লগতে কয়, ‘মই মনে বিচৰা ধৰণে সিদ্ধান্ত লৈছিলো, সিহঁতে বিচাৰিলে নিজৰ মতে সিদ্ধান্ত লওক, সেইখিনি স্বাধীনতা মই দিম মোৰ সন্তানক।’ বৰ্তমান ছানী লিয়নী আছেৰ, নোয়া আৰু নিশা নামৰ তিনি সন্তানৰ মাতৃ। ২০১৬ চনত ছানীয়ে মহাৰাষ্ট্ৰৰ লাটুৰৰ এটা অনাথ আশ্ৰমৰ পৰা কন্যা নিশাক তুলি লৈছিল। পিছলৈ চেৰ’গেছীৰ জৰিয়তে ছানী আৰু ডেনিয়েল ৱেবাৰৰ সংসাৰলৈ আগমন ঘটিছিল দুই সন্তান আছেৰ আৰু নোয়াৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ