--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ ঠাকুৰগঞ্জ অঞ্চলৰ পৰা এটা অতি বেদনাদায়ক গোচৰ পোহৰলৈ আহিছে, য’ত যৌতুক আৰু হাৰাশাস্তিৰ অহৰহ দাবীত বিৰক্ত হৈ এগৰাকী নৱবিবাহিত মহিলাই আত্মহত্যা কৰিবলৈ বাধ্য হয়। মৃত্যুৰ পূৰ্বে তেওঁ দুপৃষ্ঠাৰ এখন ছুইচাইড নোট লিখিছিল, য’ত শহুৰেকৰ ঘৰৰ নিষ্ঠুৰতাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। 

প্ৰিয়া  দীক্ষিত নামৰ ন-বোৱৰীগৰাকীৰ জীৱন শেষ কৰি দিলে স্বামীগৃহই। স্নাতক আৰু শিশু বিকাশ সেৱা আৰু পুষ্টি বিভাগৰ চাকৰিৰ বাবে নিৰ্বাচিত হৈছিল প্ৰিয়া। ১০ জুনত  প্ৰিয়াই চাকৰিত যোগদান কৰিলেহেঁতেন  কিন্তু তাৰ পূৰ্বেই তেওঁ শহুৰেকৰ পৰিয়ালৰ অত্যাচাৰ সহিব নোৱাৰি  পৃথিৱীৰ পৰা বিদায় ল’লে।

প্ৰিয়া দীক্ষিতৰ পিতৃ দীনেশ দীক্ষিতে কয় যে মোৰ ছোৱালীজনীয়ে কেৱল শহুৰেকৰ ঘৰত থাকিব বিচাৰিছিল। তাই বহুবাৰ আপোচ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোক কেৱল টকাৰ প্ৰতিহে আগ্ৰহী আছিল। ৬ লাখ টকা আৰু এখন এছ ইউ ভি গাড়ীৰ দাবী কৰিছিল। শেষত তেওঁলোকে মোৰ ছোৱালীজনীক ইমানেই হেঁচা মাৰি ধৰিলে যে তাই নিজৰ জীৱনটো কৰিবলগীয়া হ’ল।

২০২৪ চনৰ ১০ ডিচেম্বৰত বাৰাবাংকিৰ ফাতেহ চৰাই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মৰত ঠাকুৰগঞ্জৰ বাসিন্দা শুভম টেণ্ডনৰ সৈতে প্ৰিয়া বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ মাত্ৰ কেইদিনমান পিছতে শাহুৱেক গীতা টেণ্ডন, শহুৰেক গিৰিধৰ নাৰায়ণ টেণ্ডন আৰু ভনীয়েক নেহা, প্ৰিয়ংকা আৰু শ্বেতাই কম যৌতুক অনা বুলি প্ৰিয়াক ঠাট্টা-মস্কৰা কৰিবলৈ ধৰিলে। বিষয়টো ক্ৰমান্বয়ে মাৰধৰ আৰু মানসিক হাৰাশাস্তিলৈ বৃদ্ধি পালে।

ফেব্ৰুৱাৰীত যৌতুক দাবী পূৰণ নোহোৱাত শহুৰেকে প্ৰিয়াক ঘৰৰ পৰা বাহিৰ কৰি দিছিল। তেওঁ ঘৰৰ বাহিৰত ছয় ঘণ্টা থিয় হৈ ভিতৰলৈ যাবলৈ অনুমতি বিচাৰি  থাকিল। যেতিয়া তেওঁ ১১২ নম্বৰত আৰক্ষীক ফোন কৰিছিল, তেতিয়াহে তাইক ভিতৰলৈ যাবলৈ দিয়া হৈছিল। ইয়াৰ পিছত কিবা অজুহাতত প্ৰিয়াক মাতৃগৃহলৈ পঠিয়াই দিয়া শহুৰৰ ঘৰে।

প্ৰিয়াৰ ভাতৃ পীয়ুষ দীক্ষিতে জনোৱা মতে, ১৩ মে’ত প্ৰিয়াই স্বামী আৰু শহুৰেকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল। ১৭ মে’ত মধ্যস্থতাৰ বাবে মহিলা থানালৈ মাতি অনাৰ সময়ত শুভমে অধিবক্তাৰ দল এটা লৈ আহি আৰক্ষী যোৱাৰ লগে লগে হত্যাৰ ভাবুকি দিয়ে প্ৰিয়াক। তেওঁ ক’লে, মই জে’ললৈ গ’লে তোমাৰ ভাই আৰু পিতৃক হত্যা কৰিম।

ছুইচাইড নোটত কি লিখা আছিল?

প্ৰিয়াই দুপৃষ্ঠাৰ ছুইচাইড নোটত লিখিছে যে ১ ফেব্ৰুৱাৰীত তেওঁৰ শহুৰেক আৰু স্বামীয়ে একেলগে গাৰুৰে শ্বাসৰুদ্ধ কৰি তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। পিতৃ-মাতৃৰ নিৰাপত্তা আৰু ন্যায়ৰ আশাত জীৱন ত্যাগ কৰা বুলি প্ৰিয়াই লিখিছে।

ঠাকুৰগঞ্জ আৰক্ষীয়ে জনোৱা মতে, প্ৰিয়াৰ অভিযোগ আৰু ছুইচাইড নোটৰ ভিত্তিত স্বামী শুভম টেণ্ডন, শাহুৱেক গীতা টেণ্ডন, শহুৰেক গিৰিধৰ নাৰায়ণ টেণ্ডন, ভনীয়েক নেহা কাপুৰ, প্ৰিয়ংকা খাত্ৰী, শ্বেতা ছোনী আৰু তেওঁলোকৰ স্বামী চেতন কাপুৰ, হিমাংশু খাত্ৰী আৰু প্ৰত্যুষ ছোনীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ