--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমবাসীৰ হৈ ভুক্তভোগী পৰিয়ালটিক সমবেদনা জনোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ শোকবাৰ্তা সম্বলিত পত্ৰ আৰু অসম চৰকাৰৰ পাঁচ লাখ টকাৰ এককালীন সাহায্যৰ চেক প্ৰদান মন্ত্ৰী হাজৰীকাৰ।

বিগত ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ গুলীচালনাত প্ৰাণ হেৰুওৱা গুজৰাটৰ তিনিগৰাকী প্ৰয়াত ব্যক্তিৰ পৰিয়ালক অসমবাসীৰ হৈ সমবেদনা জনোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসমৰ জলসম্পদ, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা বুধবাৰে গুজৰাটত উপস্থিত হয়।

মন্ত্ৰী হাজৰীকাই আজি অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়া ড° ওম প্ৰকাশৰ সৈতে গুজৰাটৰ ছুৰতত উপস্থিত হৈ বিগত 'পেহেলগাম সন্ত্ৰাসবাদী কাণ্ড'ত প্ৰাণ হেৰুওৱা শৈলেশভাই হিম্মতভাই কালাঠিয়াৰ বাসগৃহত তেখেতৰ পৰিয়ালৰ সদস্যসকলক অসমবাসীৰ হৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰী হাজৰীকাই অসম চৰকাৰৰ মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ভুক্তভোগীগৰাকীৰ পৰিয়াললৈ পাঁচ লাখ টকাৰ এককালীন সাহায্যৰ চেক আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শোকবাৰ্তা সম্বলিত বিশেষ পত্ৰ প্ৰদান কৰে। ভুক্তভোগী পৰিয়ালটিৰ পৰা পেহেলগাম সন্ত্ৰাসবাদী কাণ্ডৰ বিষয়ে প্ৰত্যক্ষ বিৱৰণ শুনি পাক-সমৰ্থিত সন্ত্ৰাসবাদীৰ নৃশংসতা পুনৰ এবাৰ উপলব্ধি কৰা বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে। আনহাতে, সুদূৰ অসমৰ পৰা আহি গুজৰাটৰ পৰিয়ালটিৰ দুখৰ সমভাগী হোৱাৰ বাবে ভুক্তভোগী পৰিয়ালটিৰ হৈ প্ৰয়াত শৈলেশভাই কালাঠিয়াৰ পিতৃ হিম্মতভাই কালাঠিয়া আৰু পত্নী শীতলবেহেনে মন্ত্ৰী হাজৰীকাৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সমূহ অসমবাসীক আন্তৰিক কৃতজ্ঞতা জনায়।

উল্লেখ্য যে মন্ত্ৰী পীযুষ হাজৰীকাই কাইলৈ গুজৰাটৰ ভাৱনগৰ ভ্ৰমণ কৰি 'পেহেলগাম সন্ত্ৰাসবাদী কাণ্ড'ৰ আন দুগৰাকী ভুক্তভোগীৰ পৰিয়ালক সমবেদনা জনাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ ভাৰতীয়ৰ দেহত 'নিপা' ভাইৰাছ, এছিয়াৰ বিমান বন্দৰত বিশেষ পৰীক্ষণ
ইতিহাসৰ সৰ্ববৃহৎ চুক্তিত স্বাক্ষৰ; ইউৰোপীয়ান ইউনিয়ন-ভাৰতৰ সম্পৰ্কৰ নতুন অধ্যায়
অভাৱগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে দৰঙত পোন প্ৰথমবাৰৰ বাবে মুকলি বস্ত্ৰ বেংক
ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে; ৪যাত্ৰীৰো কৰুণ মৃত্যু
বিশ্বৰ আটাইতকৈ দামী ঘৰ কোনটো? আম্বানীৰ এণ্টিলিয়া নে ব্ৰিটেইনৰ বাকিংহাম পেলেচ?
স্বাস্থ্য আৰু সুস্থ জীৱন
আজি গণেশ পূজা; কি কি ভুল কৰিব নালাগে জানি লওক
T20 বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশ নিশ্চিত; মাইকেল ক্লাৰ্কে কৰিলে ভৱিষ্যদ্বাণী
গণৰাজ্য দিৱসৰ পেৰেডত বাজিব 'মায়াবিনী'
পিছ পৰি ৰ'ব চীন-আমেৰিকা,বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’ব ভাৰত, এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী
কুম্ভ ৰাশিত ৰাহু-সূৰ্য্যৰ সংযোগঃ গ্ৰহণৰ প্ৰভাৱে ৩ ৰাশিৰ বৃদ্ধি কৰিব সমস্যা
‘বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ’ৰ প্ৰথম যাত্ৰাতেই বুকিং হ’ল সম্পূৰ্ণ আসন; ২৪ ঘণ্টাতেই শেষ সকলো টিকট
মহাৰাষ্ট্ৰৰ পৌৰ নিগমত মিত্ৰতা ৰাজ থাকৰে-একনাথ সিন্দেৰ
বিহুৰ পূৰ্বে হ'ব অসমৰ নিৰ্বাচন!