--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমবাসীৰ হৈ ভুক্তভোগী পৰিয়ালটিক সমবেদনা জনোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ শোকবাৰ্তা সম্বলিত পত্ৰ আৰু অসম চৰকাৰৰ পাঁচ লাখ টকাৰ এককালীন সাহায্যৰ চেক প্ৰদান মন্ত্ৰী হাজৰীকাৰ।

বিগত ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ গুলীচালনাত প্ৰাণ হেৰুওৱা গুজৰাটৰ তিনিগৰাকী প্ৰয়াত ব্যক্তিৰ পৰিয়ালক অসমবাসীৰ হৈ সমবেদনা জনোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসমৰ জলসম্পদ, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা বুধবাৰে গুজৰাটত উপস্থিত হয়।

মন্ত্ৰী হাজৰীকাই আজি অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়া ড° ওম প্ৰকাশৰ সৈতে গুজৰাটৰ ছুৰতত উপস্থিত হৈ বিগত 'পেহেলগাম সন্ত্ৰাসবাদী কাণ্ড'ত প্ৰাণ হেৰুওৱা শৈলেশভাই হিম্মতভাই কালাঠিয়াৰ বাসগৃহত তেখেতৰ পৰিয়ালৰ সদস্যসকলক অসমবাসীৰ হৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰী হাজৰীকাই অসম চৰকাৰৰ মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ভুক্তভোগীগৰাকীৰ পৰিয়াললৈ পাঁচ লাখ টকাৰ এককালীন সাহায্যৰ চেক আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শোকবাৰ্তা সম্বলিত বিশেষ পত্ৰ প্ৰদান কৰে। ভুক্তভোগী পৰিয়ালটিৰ পৰা পেহেলগাম সন্ত্ৰাসবাদী কাণ্ডৰ বিষয়ে প্ৰত্যক্ষ বিৱৰণ শুনি পাক-সমৰ্থিত সন্ত্ৰাসবাদীৰ নৃশংসতা পুনৰ এবাৰ উপলব্ধি কৰা বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে। আনহাতে, সুদূৰ অসমৰ পৰা আহি গুজৰাটৰ পৰিয়ালটিৰ দুখৰ সমভাগী হোৱাৰ বাবে ভুক্তভোগী পৰিয়ালটিৰ হৈ প্ৰয়াত শৈলেশভাই কালাঠিয়াৰ পিতৃ হিম্মতভাই কালাঠিয়া আৰু পত্নী শীতলবেহেনে মন্ত্ৰী হাজৰীকাৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সমূহ অসমবাসীক আন্তৰিক কৃতজ্ঞতা জনায়।

উল্লেখ্য যে মন্ত্ৰী পীযুষ হাজৰীকাই কাইলৈ গুজৰাটৰ ভাৱনগৰ ভ্ৰমণ কৰি 'পেহেলগাম সন্ত্ৰাসবাদী কাণ্ড'ৰ আন দুগৰাকী ভুক্তভোগীৰ পৰিয়ালক সমবেদনা জনাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ