--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰায় তিনি ঘণ্টাৰ প্ৰশ্নৰ পাছত, ৰাহুল গান্ধীয়ে সম্প্ৰতি ইডি কাৰ্যালয় ত্যাগ কৰিছে। কংগ্ৰেছৰ ব্যাপক বিৰোধ-প্ৰতিবাদৰ মাজকে আজি ইডিয়ে নেচনেল হেৰল্ড গোচৰত জেৰা কৰিছিল ইডিক। ধনৰ অবৈধ লেনদেনৰ গোচৰত কংগ্ৰেছৰ সাংসদ তথা দলৰ প্ৰাক্তন সভাপতিগৰাকীলৈ চমন জাৰি কৰা হৈছিল ৰাহুললৈ। আজি দিনৰ ১১ বজাত কংগ্ৰেছ নেতা-কৰ্মীৰে পৰিৱেষ্টিত হৈ ইডিৰ কাৰ্যালয়ত উপস্থিত হৈছিল ৰাহুল। তাৰ পাছতে তেওঁ মাৰাথন জেৰা কৰে তদন্তকাৰী সংস্থাটোৱে। প্ৰায় তিনি ঘণ্টা জেৰাৰ সন্মুখীন হোৱাৰ পাছত, ৰাহুলে ইডিৰ কাৰ্যালয় এৰি ঘৰলৈ উভতি যায়। সূত্ৰ অনুসৰি, কংগ্ৰেছ নেতাজনক তিনি ঘণ্টাধৰি দুটা ভাগত বিভিন্ন প্ৰশ্ন কৰা হৈছিল। তাৰ পাছত দিনৰ আহাৰ গ্ৰহণৰ বাবে তেওঁ বিৰতি দিয়া হৈছিল। কিন্তু আজিয়েই ৰাহুলে তৃতীয় পৰ্যায়ত ইডিৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ বাবে পুনৰ ইডি কাৰ্যালয়ত উপস্থিত হ'ব লাগিব।

 

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, দিনটোৰ প্ৰথমাৰ্ধত, ৰাহুল গান্ধীক কমেও ৫৫ টা প্ৰশ্ন সোধা হৈছে। তেওঁৰ বেংক একাউণ্টৰ সবিশেষ তথ্যকে ধৰি সম্পত্তিৰ বিৱৰণ আৰু দেশ আৰু বিদেশত থকা বিভিন্ন সম্পত্তিৰ হিচাপ তেওঁৰ পৰা বিচাৰিছে ইডিয়ে।

উল্লেখ্য যে, ৰাহুল কংগ্ৰেছ কাৰ্যালয়ৰ পৰা খোজকাঢ়ি ইডি কাৰ্যালয়ত উপস্থিত হৈছিল। কংগ্ৰেছ সাংসদগৰাকীয়ে ইডিৰ সন্মুখীন হোৱাক লৈ আজি ৰাজধানী দিল্লী উত্তপ্ত হৈ পৰে। কংগ্ৰেছে ইডিৰ বিৰুদ্ধে সত্যাগ্ৰহ আন্দোলনৰ সূচনা কৰে। দিল্লীত কংগ্ৰেছকৰ্মীসকলে পূৰ্ব পৰিকল্পিতভাৱে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল। অৱশ্যে, আৰক্ষীয়ে তেওঁলোকক পথতে বাধা প্ৰদান কৰে আৰু বহুতকে আটক কৰি লৈ যায়। ৰাজধানীত আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সংঘাতৰো সূত্ৰপাত হোৱা দেখা গৈছিল। প্ৰিয়ংকা গান্ধী, অধীৰ ৰঞ্জন চৌধুৰী, অশোক গেহলট আৰু অন্যান্যকে ধৰি সকলো জ্যেষ্ঠ নেতা উপস্থিতিত হোৱা কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদৰ মাজেৰে ইডি কাৰ্যালয়ৰ বাহিৰত উপস্থিত হৈছিল ৰাহুলৰ।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত