--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰায় তিনি ঘণ্টাৰ প্ৰশ্নৰ পাছত, ৰাহুল গান্ধীয়ে সম্প্ৰতি ইডি কাৰ্যালয় ত্যাগ কৰিছে। কংগ্ৰেছৰ ব্যাপক বিৰোধ-প্ৰতিবাদৰ মাজকে আজি ইডিয়ে নেচনেল হেৰল্ড গোচৰত জেৰা কৰিছিল ইডিক। ধনৰ অবৈধ লেনদেনৰ গোচৰত কংগ্ৰেছৰ সাংসদ তথা দলৰ প্ৰাক্তন সভাপতিগৰাকীলৈ চমন জাৰি কৰা হৈছিল ৰাহুললৈআজি দিনৰ ১১ বজাত কংগ্ৰেছ নেতা-কৰ্মীৰে পৰিৱেষ্টিত হৈ ইডিৰ কাৰ্যালয়ত উপস্থিত হৈছিল ৰাহুল। তাৰ পাছতে তেওঁ মাৰাথন জেৰা কৰে তদন্তকাৰী সংস্থাটোৱে। প্ৰায় তিনি ঘণ্টা জেৰাৰ সন্মুখীন হোৱাৰ পাছত, ৰাহুলে ইডি কাৰ্যালয় এৰি ঘৰলৈ উভতি যায়। সূত্ৰ অনুসৰি, কংগ্ৰেছ নেতাজনক তিনি ঘণ্টাধৰি দুটা ভাগত বিভিন্ন প্ৰশ্ন কৰা হৈছিল। তাৰ পাছত দিনৰ আহাৰ গ্ৰহণৰ বাবে তেওঁ বিৰতি দিয়া হৈছিল। কিন্তু আজিয়েই ৰাহুলে তৃতীয় পৰ্যায়ত ইডিৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ বাবে পুনৰ ইডি কাৰ্যালয়ত উপস্থিত হ'ব লাগিব।

 

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, দিনটোৰ প্ৰথমাৰ্ধত, ৰাহুল গান্ধীক কমেও ৫৫ টা প্ৰশ্ন সোধা হৈছে। তেওঁৰ বেং একাউণ্টৰ সবিশেষ তথ্যকে ধৰি সম্পত্তিৰ বিৱৰণ আৰু দেশ আৰু বিদেশত থকা বিভিন্ন সম্পত্তিৰ হিচাপ তেওঁৰ পৰা বিচাৰিছে ইডিয়ে

উল্লেখ্য যে, ৰাহুল কংগ্ৰেছ কাৰ্যালয়ৰ পৰা খোজকাঢ়ি ইডি কাৰ্যালয়ত উপস্থিত হৈছিল। কংগ্ৰেছ সাংসদগৰাকীয়ে ইডিৰ সন্মুখীন হোৱাক লৈ আজি ৰাজধানী দিল্লী উত্তপ্ত হৈ পৰে। কংগ্ৰেছে ইডিৰ বিৰুদ্ধে সত্যাগ্ৰহ আন্দোলনৰ সূচনা কৰে। দিল্লী কংগ্ৰেছকৰ্মীসকলে পূৰ্ব পৰিকল্পিতভাৱে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল। অৱশ্যে, আৰক্ষীয়ে তেওঁলোকক পথতে বাধা প্ৰদান কৰে আৰু বহুতকে আটক কৰি লৈ যায়। ৰাজধানীত আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সংঘাতৰো সূত্ৰপাত হোৱা দেখা গৈছিল। প্ৰিয়ংকা গান্ধী, অধীৰ ৰঞ্জন চৌধুৰী, অশোক গেহলট আৰু অন্যান্যকে ধৰি সকলো জ্যেষ্ঠ নেতা উপস্থিতিত হোৱা কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদৰ মাজেৰে ইডি কাৰ্যালয়ৰ বাহিৰত উপস্থিত হৈছিল ৰাহুলৰ।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ