--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ২০২২ চনৰ প্ৰথম পাঁচ মাহত, নিৰাপত্তা বাহিনীয়ে কাশ্মীৰত সন্ত্ৰাসবাদীৰ দলক এক বৃহৎ আঘাত হানিবলৈ সক্ষম হৈছে। কাশ্মীৰ উপত্যকাত সক্ৰিয় ১৬০-১৮০ জন উগ্ৰপন্থীৰ ভিতৰত নিৰাপত্তাৰক্ষীয়ে ১২ জুনলৈকে ১০০ জন উগ্ৰপন্থীক হত্যা কৰিছে।

কাশ্মীৰৰ আইজিপিয়ে সদৰি কৰা মতে, এই বছৰৰ পাঁচ মাহ আৰু ১২ দিনত নিহত ১০০ জন সন্ত্ৰাসবাদীৰ ভিতৰত ৭১ জন স্থানীয় আৰু ২৯ জন বিদেশী সন্ত্ৰাসবাদী, যাৰ আটাইকেইজন পাকিস্তানী নাগৰিক। নিহত সন্ত্ৰাসবাদীসকলৰ ভিতৰত লস্কৰ-ই-তৈবা (এলইটি)ৰ আটাইতকৈ বেছিসংখ্যক সন্ত্ৰাসবাদী আছিল। নিৰাপত্তাবাহিনীৰে সংঘৰ্ষত মুঠ ৬৩জন সন্ত্ৰাসবাদী নিহত হৈছিল।

 

জইছ-ঈ-মহম্মদৰ (জেইএম) ২৪ জন সন্ত্ৰাসবাদীয়ে এই সময়ছোৱাত প্ৰাণ হেৰুৱাইছে। সেনা-আৰক্ষীৰ অভিযানত নিহত বাকী সন্ত্ৰাসবাদীৰ দলবোৰৰ ভিতৰত আছে আনছাৰ-গজৱাতুল হিন্দ আৰু আইএছজেকেৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ সদস্যও। বিগত মে’ মাহত ২৭ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে এপ্ৰিল মাহত ২৪ জন নিহত হৈছিল, তাৰ পাছত ২০ জন জানুৱাৰীত, ১৩ জন মাৰ্চত আৰু ৭ জন ফেব্ৰুৱাৰীত নিহত হৈছিল। জুনৰ প্ৰথম ১২ দিনত ৯ জন সন্ত্ৰাসবাদী নিহত হৈছিল।

উল্লেখ্য যে, এই সংখ্যা ২০২১ চনত একে সময়তে নিহত সন্ত্ৰাসবাদীৰ সংখ্যাতকৈ দুগুণ। নিৰাপত্তাৰক্ষীয়ে একে সময়তে ২০২১ চনত ৪৯ জন স্থানীয় লোক আৰু ১ জন বিদেশী সন্ত্ৰাসবাদীকে ধৰি ৫০ জন সন্ত্ৰাসবাদীক হত্যা কৰিছিল। এই তথ্যই প্ৰমাণ কৰিছে যে, জম্মু-কাশ্মীৰত এতিয়াও বিদেশী সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ অব্যাহত আছে আৰু নিৰাপত্তাবাহিনীসমূহে সন্ত্ৰাসবাদ দমন ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাই বিশেষ সাফল্যও লাভ কৰিবলৈ সক্ষম হৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত