--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৰমৰ পোহনীয়া কুকুৰটোৰ জন্মদিনত এগৰাকী মহিলাই খৰচ কৰিলে ৫লাখ টকা। জামছেদপুৰৰ সমাজকৰ্মী স্বপ্না সোনা এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। ৫ জানুৱাৰীত তেওঁ নিজৰ ছবছৰীয়া কুকুৰ ‘ৰ’জ সোনা’ৰ জন্মদিনটো অতি আড়ম্বৰেৰে উদযাপন কৰে, য’ত চহৰখনৰ ৩০০ৰো অধিক লোকে অংশগ্ৰহণ কৰে। 

জন্মদিনত খৰচ হৈছিল পাঁচ লাখৰো অধিক টকা। জন্মদিনৰ বাবে বিশেষভাৱে আকৰ্ষণীয় কাৰ্ড ছপা কৰি অতিথিসকলক নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰিছিল স্বপ্নাই। ডিজে আৰু লাইভ মিউজিকৰ ব্যৱস্থাও জন্মদিনৰ পাৰ্টিত কৰা হৈছিল।

কুকুৰ ৰ’জৰ জন্মদিনত কটা হ’ল ৪০ হাজাৰ টকাৰ কেক। অতিথিৰ ৰুচি অনুসৰি কেকৰ বাবে লাইভ কেক ষ্টল স্থাপনো কৰা হৈছিল। জন্মদিনৰ পাৰ্টিত মানুহে গান গাইছিল আৰু নাচিছিল। ৩০০ৰো অধিক মানুহে খাইছিল ভোজ। একে সময়তে জুগছলাই থানা এলেকাত অৱস্থিত অন্ত্যোদয় ভৱন কমপ্লেক্সৰ সমীপৰ অন্ত্যোদয় বস্তিত প্ৰায় ১.৫-২ লাখ টকা ব্যয়সাপেক্ষে ২০টা সৌৰ ষ্ট্ৰীট লাইট স্থাপন কৰা হয়। বস্তিৰ কমিউনিটি চেণ্টাৰত প্ৰায় ৩০ হাজাৰ টকাৰ মেট কোটিং কৰা হয়।


স্বপ্না সোনাই কয় যে ‘‘মই এগৰাকী অকলশৰীয়া মাতৃ আৰু ৰ’জ সোনা মোৰ কন্যা। ছমাহ বয়সত তাইক কোলাত লৈ ৰায়পুৰৰ পৰা জামছেদপুৰলৈ আনিছিলোঁ। তাই কেৱল পৰিয়ালৰ এক গুৰুত্বপূৰ্ণ অংশই নহয় আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। প্ৰতি বছৰে ৰ’জৰ জন্মদিনত দুখীয়াক খাদ্য বিতৰণ, কম্বল বিতৰণ, দুখীয়া কন্যাক বিয়া কৰাই দিয়া আদি কামবোৰ কৰোঁ। এইবাৰ কলনীত স্থাপন কৰিছোঁ সৌৰ লাইট। মহানগৰীৰ শ্মশানতো সেৱাৰ কাম কৰাৰ পৰিকল্পনা কৰা হৈছে।’’


প্ৰতিমাহে ৰ’জৰ ৰক্ষণাবেক্ষণ আৰু যত্নৰ বাবে ২৫-৩০ হাজাৰ টকা খৰচ হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post