--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৰমৰ পোহনীয়া কুকুৰটোৰ জন্মদিনত এগৰাকী মহিলাই খৰচ কৰিলে ৫লাখ টকা। জামছেদপুৰৰ সমাজকৰ্মী স্বপ্না সোনা এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। ৫ জানুৱাৰীত তেওঁ নিজৰ ছবছৰীয়া কুকুৰ ‘ৰ’জ সোনা’ৰ জন্মদিনটো অতি আড়ম্বৰেৰে উদযাপন কৰে, য’ত চহৰখনৰ ৩০০ৰো অধিক লোকে অংশগ্ৰহণ কৰে। 

জন্মদিনত খৰচ হৈছিল পাঁচ লাখৰো অধিক টকা। জন্মদিনৰ বাবে বিশেষভাৱে আকৰ্ষণীয় কাৰ্ড ছপা কৰি অতিথিসকলক নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰিছিল স্বপ্নাই। ডিজে আৰু লাইভ মিউজিকৰ ব্যৱস্থাও জন্মদিনৰ পাৰ্টিত কৰা হৈছিল।

কুকুৰ ৰ’জৰ জন্মদিনত কটা হ’ল ৪০ হাজাৰ টকাৰ কেক। অতিথিৰ ৰুচি অনুসৰি কেকৰ বাবে লাইভ কেক ষ্টল স্থাপনো কৰা হৈছিল। জন্মদিনৰ পাৰ্টিত মানুহে গান গাইছিল আৰু নাচিছিল। ৩০০ৰো অধিক মানুহে খাইছিল ভোজ। একে সময়তে জুগছলাই থানা এলেকাত অৱস্থিত অন্ত্যোদয় ভৱন কমপ্লেক্সৰ সমীপৰ অন্ত্যোদয় বস্তিত প্ৰায় ১.৫-২ লাখ টকা ব্যয়সাপেক্ষে ২০টা সৌৰ ষ্ট্ৰীট লাইট স্থাপন কৰা হয়। বস্তিৰ কমিউনিটি চেণ্টাৰত প্ৰায় ৩০ হাজাৰ টকাৰ মেট কোটিং কৰা হয়।


স্বপ্না সোনাই কয় যে ‘‘মই এগৰাকী অকলশৰীয়া মাতৃ আৰু ৰ’জ সোনা মোৰ কন্যা। ছমাহ বয়সত তাইক কোলাত লৈ ৰায়পুৰৰ পৰা জামছেদপুৰলৈ আনিছিলোঁ। তাই কেৱল পৰিয়ালৰ এক গুৰুত্বপূৰ্ণ অংশই নহয় আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। প্ৰতি বছৰে ৰ’জৰ জন্মদিনত দুখীয়াক খাদ্য বিতৰণ, কম্বল বিতৰণ, দুখীয়া কন্যাক বিয়া কৰাই দিয়া আদি কামবোৰ কৰোঁ। এইবাৰ কলনীত স্থাপন কৰিছোঁ সৌৰ লাইট। মহানগৰীৰ শ্মশানতো সেৱাৰ কাম কৰাৰ পৰিকল্পনা কৰা হৈছে।’’


প্ৰতিমাহে ৰ’জৰ ৰক্ষণাবেক্ষণ আৰু যত্নৰ বাবে ২৫-৩০ হাজাৰ টকা খৰচ হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ