--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাকুম্ভ ২০২৫ত অংশগ্ৰহণৰ বাবে সমগ্ৰ দেশৰ লগতে বিশ্বৰ প্ৰায় ৪০ কোটি লোকে প্ৰয়াগৰাজত উপস্থিত হোৱাৰ সম্ভাৱনা । ৪৫ দিনীয়া এই অনুষ্ঠানৰ বাবে আন্তঃগাঁথনিৰ ক্ষেত্ৰত চৰকাৰে ব্যাপক বিনিয়োগ কৰিছে। ভাৰতীয় উদ্যোগ সংঘৰ তথ্য অনুসৰি মহাকুম্ভৰ পৰা চৰকাৰৰ ৰাজহ ২ৰ পৰা ২.৫ লাখ কোটি টকা হ’ব পাৰে। ইয়াৰ পূৰ্বে ২০১৩ চনৰ মহাকুম্ভৰ পৰা চৰকাৰে ১২ হাজাৰ কোটি টকাৰ ৰাজহ লাভ কৰিছিল।

কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ তথ্য অনুসৰি মহাকুম্ভত গ্ৰাহক সামগ্ৰীৰ ব্যৱসায় ১৭,৩১০ কোটি টকাৰো অধিক হ’ব পাৰে। কেৱল পূজা সামগ্ৰীৰ বিক্ৰী ২০০০ কোটি টকা হোৱাৰ লগতে ফুলৰ বিক্ৰী ৮০০ কোটি টকা হোৱাৰ সম্ভাৱনা আছে। যোৱা কুম্ভত (২০১৯) প্ৰায় ছয় লাখ লোকে বিভিন্ন খণ্ডত কৰ্মসংস্থাপন লাভ কৰিছিল। এইবাৰ এই সংখ্যা ডেৰগুণ বৃদ্ধি পাব পাৰে। উত্তৰ প্ৰদেশৰ পৰ্যটন বিভাগৰ তথ্য অনুসৰি এই অনুষ্ঠানৰ পৰা এই পৰ্যন্ত ৪৫ হাজাৰ পৰিয়ালে কৰ্মসংস্থাপন লাভ কৰিছে।

ৰাজ্য চৰকাৰে ২০২৪-২৫ বাজেটত মহাকুম্ভৰ বাবে ২৫০০ কোটি টকা আবণ্টন দিয়াৰ বিপৰীতে কেন্দ্রীয় চৰকাৰে ২১০০ কোটি টকাৰ বিশেষ পেকেজ দিছিল৷ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্ত ৬,৩৮২ কোটি টকা আবণ্টন দিছে। ইয়াৰে ৫৬০০ কোটি টকা ইভেণ্ট মেনেজমেণ্ট আৰু আন্তঃগাঁথনি উন্নয়নত ব্যয় কৰা হয়।

মহাকুম্ভৰ সময়ছোৱাত ১৩ হাজাৰ ৰে’ল (৩,০০০ বিশেষ ৰে’লকে ধৰি) চলিব। লগতে ৭ হাজাৰৰো অধিক বাছ ভক্তসকলৰ বাবে উপলব্ধ হ’ব। ইয়াৰ ভিতৰত আছে ২০০ খন শীততাপ নিয়ন্ত্ৰিত বাছ। ইয়াৰ উপৰিও নিয়মীয়া বিমানৰ লগতে ২০০ৰো অধিক চাৰ্টাৰ বিমান সেৱাও উপলব্ধ হ’ব।

কুম্ভত প্ৰথমবাৰৰ বাবে চাইবাৰ টিম মোতায়েন কৰা হৈছে। ১৪ জনীয়া এই দলটোক চোৰাংচোৱাগিৰি আৰু চাইবাৰ অপৰাধৰ সমাধানৰ দায়িত্ব দিয়া হৈছে। প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষীয়ে নদীৰ তলত টহল দিবলৈ উন্নত ইমেজিং ক্ষমতাৰে সজ্জিত পানীৰ তলৰ ড্ৰ’ন নিয়োগ কৰিছে। ৰিম’ট কণ্ট্ৰ’লড লাইফবয়যুক্ত এই ড্ৰ’নে ২৪/৭ জলজ চোৰাংচোৱাগিৰি চলাই আছে। এইবোৰে কমাণ্ড চেণ্টাৰলৈ বাস্তৱ সময়ৰ তথ্য প্ৰেৰণ কৰে। এআই চোৱাচিতা ব্যৱস্থাৰ উপৰিও চৰকাৰে এআই চালিত চেট-বটো মুকলি কৰিছে, যিয়ে ১১টাতকৈও অধিক ভাষা সমৰ্থন কৰে। নেভিগেচনত সহায় কৰিবলৈ গুগল মেপৰ সৈতে কাম কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ