--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজধানী দিল্লী চহৰ ঢাকি ধৰিছে শুকুৰবাৰে পুৱা কুঁৱলীৰ আচ্ছাদনে৷ কুঁৱলীয়ে দিল্লী-এনচিআৰ আবৰি ধৰাৰ ফলত দৃশ্যমানতা শূন্যলৈ হ্ৰাস পাইছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দিল্লীত পুৱা ৫:৩০ বজাত ৯.৬ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে।বতৰ বিভাগে দিনটোৰ বাবে নূন্যতম তাপমাত্ৰা ৬ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বোচ্চ প্ৰায় ২০ ডিগ্ৰী চেলছিয়াছ হ’ব বুলি পূৰ্বানুমান কৰাৰ লগতে ডাঠ কুঁৱলীয়ে আৱৰি থকাব বুলি জনাইছে।

এনে পৰিস্থিতত দিল্লী বিমানবন্দৰে যাত্ৰীসকলকৰ বাবে এখন নিৰ্দেশনা জাৰি কৰি বিমান যাত্ৰাত আহিপৰা বাধাৰ বিষয়ে অৱগত কৰে। ইয়াৰ লগতে শেহতীয়া তথ্যৰ বাবে যাত্ৰীসকলক নিজ নিজ বিমান সংস্থাৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে। 

প্ৰসংগক্ৰমে দিল্লীৰ বায়ুৰ গুণাগুণ গুৰুতৰ শ্ৰেণীলৈ অৱনমিত হৈছে। পুৱা ৭ বজাত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে একিউআই ৪০৯ যিটো একে সময়তে ৯জানুৱাৰীত একিউআই ২৯৯ ৰেকৰ্ড কৰা হৈছিল৷ উল্লেখ্যযে ৪০১ৰ পৰা ৫০০ৰ ভিতৰৰ একিউআই বায়ুৰ গুণাগুণৰ গুৰুতৰ শ্ৰেণীৰ  ইংগিত দিয়ে, যিতো স্বাস্থ্যৰ বাবে বিপদ জনক। সেয়ে দিল্লী নগৰ আশ্ৰয় উন্নয়ন ব’ৰ্ডে গৃহহীন লোককসকলক আশ্ৰয় প্ৰদানৰ বাবে ২৩৫ টা পেগোডা টেণ্ট স্থাপন কৰিছে। এই আশ্ৰয় শিবিৰসমূহ এইমছ, লোধি পথ, আৰু নিজামুদ্দিন উৰণীয়া সেতুকে ধৰি একাধিক স্থানত স্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post