--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজধানী দিল্লী চহৰ ঢাকি ধৰিছে শুকুৰবাৰে পুৱা কুঁৱলীৰ আচ্ছাদনে৷ কুঁৱলীয়ে দিল্লী-এনচিআৰ আবৰি ধৰাৰ ফলত দৃশ্যমানতা শূন্যলৈ হ্ৰাস পাইছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দিল্লীত পুৱা ৫:৩০ বজাত ৯.৬ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে।বতৰ বিভাগে দিনটোৰ বাবে নূন্যতম তাপমাত্ৰা ৬ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বোচ্চ প্ৰায় ২০ ডিগ্ৰী চেলছিয়াছ হ’ব বুলি পূৰ্বানুমান কৰাৰ লগতে ডাঠ কুঁৱলীয়ে আৱৰি থকাব বুলি জনাইছে।

এনে পৰিস্থিতত দিল্লী বিমানবন্দৰে যাত্ৰীসকলকৰ বাবে এখন নিৰ্দেশনা জাৰি কৰি বিমান যাত্ৰাত আহিপৰা বাধাৰ বিষয়ে অৱগত কৰে। ইয়াৰ লগতে শেহতীয়া তথ্যৰ বাবে যাত্ৰীসকলক নিজ নিজ বিমান সংস্থাৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে। 

প্ৰসংগক্ৰমে দিল্লীৰ বায়ুৰ গুণাগুণ গুৰুতৰ শ্ৰেণীলৈ অৱনমিত হৈছে। পুৱা ৭ বজাত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে একিউআই ৪০৯ যিটো একে সময়তে ৯জানুৱাৰীত একিউআই ২৯৯ ৰেকৰ্ড কৰা হৈছিল৷ উল্লেখ্যযে ৪০১ৰ পৰা ৫০০ৰ ভিতৰৰ একিউআই বায়ুৰ গুণাগুণৰ গুৰুতৰ শ্ৰেণীৰ  ইংগিত দিয়ে, যিতো স্বাস্থ্যৰ বাবে বিপদ জনক। সেয়ে দিল্লী নগৰ আশ্ৰয় উন্নয়ন ব’ৰ্ডে গৃহহীন লোককসকলক আশ্ৰয় প্ৰদানৰ বাবে ২৩৫ টা পেগোডা টেণ্ট স্থাপন কৰিছে। এই আশ্ৰয় শিবিৰসমূহ এইমছ, লোধি পথ, আৰু নিজামুদ্দিন উৰণীয়া সেতুকে ধৰি একাধিক স্থানত স্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ