--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতি বছৰে মিচিং স্বায়ত্তশাসিত পৰিষদে আয়োজন কৰি আহিছে মিচিং স্বায়ত্তশাসিত পৰিষদ চুপাৰ লীগ ফুটবল চেম্পিয়নশ্বিপ। বিগত বৰ্ষবোৰৰ দৰে ২০২৫ বৰ্ষতো এই প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ লৈছে চিং স্বায়ত্তশাসিত পৰিষদে৷ ৬ ফ্ৰেব্ৰুৱাৰীৰ পৰা গোগামুখত অনুষ্ঠিত হ’ব এই মিচিং স্বায়ত্তশাসিত পৰিষদ চুপাৰ লীগ ফুটবল চেম্পিয়নশ্বিপ৷
 
বৰ্তমান জ'ন ভিত্তিত  এই খেলৰ বাবে প্ৰশিক্ষণ আৰু নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। এই সন্দৰ্ভত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙীয়াই মিচিং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত এক সংবাদমেল  অনুষ্ঠিত কৰে৷

সংবাদমেলৰ যোগেদি ছায়েঙীয়াই কয়- ক্ৰীড়াৰ জৰিয়তে মিচিং জনগোষ্ঠী তথা গ্ৰাম্যাঞ্চলৰ খেলুৱৈৰ মাজত সুস্থ বাতাবৰণ প্ৰদান কৰাৰ উদ্দেশ্যৰে মিচিং স্বায়ত্তশাসিত পৰিষদে আয়োজন‌ কৰিছে উক্ত আৱসিক ফুটবল প্ৰশিক্ষণ।

ইতিমধ্য মিচিং স্বায়ত্ত পৰিষদৰ অধীনৰ ৪০ টা সমষ্টিৰ ১৭ অনুৰ্ধ্বৰ খেলুৱৈক  মিংমাঙৰ ৰূপহীস্থিত পেঞ্চাক চিলাট আৱাসিক বিদ্যালয়ৰ খেলপথাৰত  ১৪০ গৰাকীক আৱসিক প্ৰশিক্ষণ দি থকা হৈছে।

এই সকল খেলুৱৈৰ মাজত ৬ আৰু ৭ ফেব্ৰুৱাৰীত নক‌ আউট পদ্ধতিৰে ৮ টা জ’নৰ মাজত খেলসমূহ অনুষ্ঠিত হ’ব৷ ৮ ফ্ৰেবুৱাৰীত ছেমি  ফাইনেল খেল অনুষ্ঠিত  হ'ব। একেদৰে ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত  হ'ব ফাইনেল খেল ৷ 

উল্ল্যেখ্য যে প্ৰত্যেক দিনাই চাৰিটা দলৰ মাজত দুখন খেল অনুষ্ঠিত কৰিব বিজয়ী সকলে ৮ ফ্ৰেব্ৰুৱাতী খেলিব।ইফালে পৰৱৰ্তী সময়ত ১৫ বছৰ  অনুৰ্ধ্বৰ  ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ