--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতি বছৰে মিচিং স্বায়ত্তশাসিত পৰিষদে আয়োজন কৰি আহিছে মিচিং স্বায়ত্তশাসিত পৰিষদ চুপাৰ লীগ ফুটবল চেম্পিয়নশ্বিপ। বিগত বৰ্ষবোৰৰ দৰে ২০২৫ বৰ্ষতো এই প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ লৈছে চিং স্বায়ত্তশাসিত পৰিষদে৷ ৬ ফ্ৰেব্ৰুৱাৰীৰ পৰা গোগামুখত অনুষ্ঠিত হ’ব এই মিচিং স্বায়ত্তশাসিত পৰিষদ চুপাৰ লীগ ফুটবল চেম্পিয়নশ্বিপ৷
 
বৰ্তমান জ'ন ভিত্তিত  এই খেলৰ বাবে প্ৰশিক্ষণ আৰু নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। এই সন্দৰ্ভত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙীয়াই মিচিং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত এক সংবাদমেল  অনুষ্ঠিত কৰে৷

সংবাদমেলৰ যোগেদি ছায়েঙীয়াই কয়- ক্ৰীড়াৰ জৰিয়তে মিচিং জনগোষ্ঠী তথা গ্ৰাম্যাঞ্চলৰ খেলুৱৈৰ মাজত সুস্থ বাতাবৰণ প্ৰদান কৰাৰ উদ্দেশ্যৰে মিচিং স্বায়ত্তশাসিত পৰিষদে আয়োজন‌ কৰিছে উক্ত আৱসিক ফুটবল প্ৰশিক্ষণ।

ইতিমধ্য মিচিং স্বায়ত্ত পৰিষদৰ অধীনৰ ৪০ টা সমষ্টিৰ ১৭ অনুৰ্ধ্বৰ খেলুৱৈক  মিংমাঙৰ ৰূপহীস্থিত পেঞ্চাক চিলাট আৱাসিক বিদ্যালয়ৰ খেলপথাৰত  ১৪০ গৰাকীক আৱসিক প্ৰশিক্ষণ দি থকা হৈছে।

এই সকল খেলুৱৈৰ মাজত ৬ আৰু ৭ ফেব্ৰুৱাৰীত নক‌ আউট পদ্ধতিৰে ৮ টা জ’নৰ মাজত খেলসমূহ অনুষ্ঠিত হ’ব৷ ৮ ফ্ৰেবুৱাৰীত ছেমি  ফাইনেল খেল অনুষ্ঠিত  হ'ব। একেদৰে ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত  হ'ব ফাইনেল খেল ৷ 

উল্ল্যেখ্য যে প্ৰত্যেক দিনাই চাৰিটা দলৰ মাজত দুখন খেল অনুষ্ঠিত কৰিব বিজয়ী সকলে ৮ ফ্ৰেব্ৰুৱাতী খেলিব।ইফালে পৰৱৰ্তী সময়ত ১৫ বছৰ  অনুৰ্ধ্বৰ  ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post