--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিলেখ গঢ়া কিংবদন্তি প্ৰাক্তন বেটছমেন শচীন টেণ্ডুলকাৰক শনিবাৰে বিচিচিআইৰ বাৰ্ষিক অনুষ্ঠানত ‘চি কে নায়ুডু জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হ’ব।


এক প্ৰতিবেদন অনুসৰি, শনিবাৰে মুম্বাইত বিচিচিআইৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত তেণ্ডুলকাৰক সন্মানিত কৰাৰ সম্ভাৱনা আছে। তেওঁক সন্মানীয় চি কে নায়ুডু বঁটা প্ৰদান কৰা হ'ব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই, কিন্তু এই মহান খেলুৱৈগৰাকীয়ে বিচিচিআইৰ সৰ্বোচ্চ বঁটা লাভ কৰাটো নিশ্চিত বুলি প্ৰকাশ পাইছে।

সামগ্ৰিকভাৱে ভাৰতৰ প্ৰথম অধিনায়ক কৰ্ণেল চি কে নাইডুৰ সন্মানত ১৯৯৪ চনত প্ৰতিষ্ঠা কৰা এই বঁটা তেণ্ডুলকাৰ হ’ব ৩১ সংখ্যক পাওঁতা। ভাৰতৰ হৈ ৬৬৪খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা ৫১ বছৰীয়া তেণ্ডুলকাৰে ক্ৰীড়া জগতৰ ইতিহাসত সৰ্বাধিক টেষ্ট আৰু এদিনীয়া ৰান সংগ্ৰহৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

ব’ৰ্ডৰ এক সূত্ৰই পিটিআইক জনোৱা মতে, ‘হয়, তেওঁ ২০২৪ চনৰ বাবে ‘চি কে নায়ুডু জীৱনজোৰা সাধনা বঁটা’ লাভ কৰিব।

তেণ্ডুলকাৰৰ ২০০খন টেষ্ট আৰু ৪৬৩খন এদিনীয়া খেলৰ ইতিহাসত তেওঁৰ ৰাণ সৰ্বাধিক। এদিনীয়াত ১৮,৪২৬ ৰান সংগ্ৰহ কৰাৰ উপৰিও তেওঁ ১৫,৯২১ টা টেষ্ট ৰাণ সংগ্ৰহ কৰে ৷ অৱশ্যে তেওঁৰ কেৰিয়াৰত মাত্ৰ এটা টি-২০ ইণ্টাৰনেশ্যনেল খেলিছিল।
২০২৩ চনত এই আজীৱন সন্মান ভাৰতৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীক প্ৰদান কৰা হৈছিল।

উল্লেখ্য যে এতিয়ালৈকে, মাত্ৰ ২৯ জন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আৰু ১ জন ক্ৰীড়া সাংবাদিকক সন্মানীয় চি কে নায়ুডু বঁটাৰে সন্মানিত কৰা হৈছে।কে. নিৰন প্ৰভু হৈছে একমাত্ৰ ক্ৰীড়া সাংবাদিক যাক এই সন্মানীয় বঁটাৰে সন্মানিত কৰা হৈছে।

আনুষ্ঠানিকভাৱে বিচিচিআইয়ে এতিয়ালৈকে এই কথা নিশ্চিত কৰা নাই, কিন্তু বিচিচিআইৰ সূত্ৰই জনাইছে যে শনিবাৰে মুম্বাইত নমন বিচিচিআই বঁটা প্ৰদান অনুষ্ঠানত তেণ্ডুলকাৰক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ